Type Here to Get Search Results !

ক'ৰোনা প্ৰভাৱিত দেশৰ অৰ্থনীতি উজ্জীৱিতকৰণ

ফখৰুদ্দিন আহমেদ,সানোৱা,দৰং


  সৰুতে আমি পঢ়িবলৈ পাইছিলো,জাপানত আমেৰিকাই আনৱিক বোমা দিয়াৰ পিছতো  জাপানে দহ-পোন্ধৰ বছৰীয়া পৰিকল্পিত অৰ্থনৈতিক উজ্জীৱিতকৰণ উদ্ভাৱন শৈলীৰে (innovative process) সফলতাৰ দিশত উঠি অাহিছিল,এনে সময়ত আমাৰ দেশেও তেনে পথেই লব লাগিব। তেতিয়াহে,ক'ৰোনাত বিধ্বস্ত দেশৰ অৰ্থনীতি পুনৰ ঘুৰি আহিব। প্ৰায় চাৰি হেজাৰ লোকক হেৰুৱাওতেই আমাৰ দেশৰ অৰাথনৈতিক দিশটো নিম্নগামী হলে নহব। চৰকাৰে এই দিশতো বিশেষভাৱে মনোযোগ দিব বুলিও আমাৰ বিশ্বাস আছে।
সাম্প্ৰতিক ক'ৰোনা ভাইৰাছে মানব সমাজত চলোৱা সৰ্বগ্ৰাসী আতংকৰ সময়ত দেশৰ অৰ্থনীতি জুৰুলা হৈ পৰিছে।এয়া হৈছে ক'ৰোনা ভাইৰাছৰ সংক্ৰমনৰ শৃংখল যাকক চিঙিবলৈ পৃথিবীৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষত পালন কৰা ল'ক ডাউন কাৰ্যসুচীৰ ভয়াবহ পাৰ্শ্বক্ৰিয়া। যিহেতু এই ভাইৰাছ বিধৰ সংক্ৰমন ৰোধৰ বাবে কোনো প্ৰতিষেধক বা নিৰাময়ৰ বাবে কোনো ঔষধ অদ্যপি আবিষ্কাৰ হোৱা নাই সেয়ে নিৰ্দিষ্ট কিছুমান চৰকাৰী নীতি নিয়মৰ মাজেৰে চৰকাৰে যে পুনৰ ল'ক ডাউন কাৰ্যসুচী চলাই লৈ যাব সেয়া ধুৰুপ।
        গতিকে এনে পৰিস্থিতিত সাধাৰন ৰাইজেও নিজৰ কৰ্মোদ্যম আৰু কৰ্মপটুতাৰ জৰিয়তে দেশৰ অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা ল'ব পাৰে। এই ক্ষেত্ৰত তলত দিয়া ধৰনে আগবাঢ়িলে মই ভাবো অৰ্থনৈতিক ক্ষেত্ৰত দেশ সুস্থিৰ হোৱাত সহায়ক হোৱাৰ লগতে ৰাইজো স্বাবলম্বী হ'ব পাৰিব-
     প্ৰথমতে আমাৰ ৰাইজে ঘৰুৱা উৎপাদনত বিশেষ গুৰুত্ব দিব লাগিব ।
      দ্বিতীয়তে চৰকাৰে সাধাৰন ৰাইজৰ বাবে ঘোষনা কৰা সাহায্য সমূহ ৰাইজে সঠিক ভাবে পোৱাৰ ব্যবস্থা কৰিব লাগিব ।যাতে তেনে আৰ্থিক সাহায্যবোৰ ৰাইজে উৎপাদনমুখী কামত বিনিয়োগ কৰিব পাৰে।
      তৃতীয়তে ল'ক ডাউনৰ এনে সময়ত চৰকাৰে শিক্ষিত নিবনুৱা সকলক "অন লাইন প্ৰশিক্ষন" ৰ ব্যবস্থা কৰি কিছুমান উপাৰ্জনমুখী কৰ্মত পাৰ্গত কৰি তোলাৰ ব্যবস্থা কৰিব পাৰে। যাতে তেওঁলোকে চৰকাৰৰ পোৱা সাহায্য নাইবা ঋনৰ পৰা পোৱা অৰ্থ উপাৰ্জনত বিনিয়োগ কৰিব পাৰে।
       চতুৰ্থতে ঘৰুৱা ভাবে বৰ্তমান সময়ত বহুল ভাবে প্ৰয়োজনীয় চেনিটাইজাৰ , মাস্ক আদি তৈয়াৰ কৰাৰ ব্যবস্থা ল'ব পাৰে।এনে ধৰনেও দেশৰ প্ৰয়োজন পুৰন কৰাৰ লগতে নিজেও উপাৰ্জন হৈ দেশৰ অৰ্থনীতিক সবল কৰাৰ বাবে অবদান আগবঢ়াব পাৰে।
পঞ্চমতে,আমাৰ দেশৰ বজাৰ নিয়ন্ত্ৰণ কৰি থকা বহিৰাগত উৎপাদনক প্ৰত্যাহ্বান জনোৱাৰ দক্ষতা দেশৰ উৰ্বৰ ভূমিতে আছে বুলি অৰ্থনীতিবিদসকলে বহুবছৰৰে পৰাই কৈ আহিছে। তিক এতিয়া প্ৰয়োগ কৰাৰ সময় আহি পৰিছে। অৱশ্যে, ইয়াৰ বাবে আমাক লাগিব উদ্ভাৱনীমূলক কৌশল, দক্ষতা আৰু বজাৰ। অসমৰ দৰে ৰাজ্য এখনে মন কৰিলে হেৰুৱা অৰ্থনীতি ঘুৰাই আনিব পাৰে চাহ,ধান, মৎস,শাকপাচলি,উদ্যান শস্য তথা দুগ্ধজাত উৎপাদনেৰে।এই বাবে সমবায় ভিত্তিক পাম সৃষ্টি কৰিব পাৰে(বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বৰ কন্যকাৰ দৰে)।
ষষ্ঠতে,'ৰোণাৰ সময়ত বৰ্হিঃৰাজ্যত কৰ্মৰত কেইবালাখ যুৱক যুৱতী অসমলৈ ঘূৰি আহিব ধৰিছে,পিছলৈ হয়তু সেইখিনিৰ বিশ শতাংশহে উভতি যাব আগৰ কৰ্মস্থলীলৈ,বাকী কৰ্মসংস্থাপনহীন হোৱাখিনিক অন্যান্য ক্ষেত্ৰ যেনেঃ পশুপালন,দুগ্ধ উৎপাদন,সৰু বাগান স্থাপন আদিৰ দিশত সম্ভাৱনাৰ পথ আছে বুলি চৰকাৰে তাত তেওঁলোকক নিয়োজিত কৰাৰ বাবে পৰিৱেশ সৃষ্টিও কৰিব পাৰে।এইসকলক অন্যান্য উৎপাদনতো ব্যৱহাৰৰ কথা ভাবিব পাৰো।
সপ্তমতে,আমাৰ ৰাজ্যৰ উৎপাদনত ব্যস্ত থকা আত্মসহায়ক গোটসমূহৰ লগতে ব্যক্তিগতভাৱে ব্যৱসায়ৰ প্ৰতি মনোযোগ দিব খোজা ডেকাশক্তিক চৰকাৰে সহজতে চাবচিডি থকা ঋন আদি দিয়াত আগ্ৰহী হোৱাৰ কথা চিন্তা কৰিব পাৰে।
মুঠতে মই আশাবাদী যে ৰাইজক সজাগ কৰি উৎপাদন কৰ্মত লগাব পাৰিলে বিগত দুই-তিনিবছৰতে সহজতে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে যাব পাৰিম,তেতিয়া জাপানৰ দৰে আমিও কম দিনতে উন্নতিৰ শাৰীলৈ উধাম।