Type Here to Get Search Results !

কিয় কাজিয়া কৰিবি ?

হিতেশ নাথ,গৰুখুটি(দৰং)


সৰুকালিৰ কথা।মই যি কেইজনৰ লগত খেল-ধেমালি কৰি শৈশৱৰ দিনবোৰ পাৰ কৰিছিলোঁ‌ সেই কেইজন মোতকৈ বয়সত ডাঙৰ আছিল।দাদা বুলি মাতিছিলোঁ‌ যদিও একেসমনীয়া বন্ধুৰ দৰেই একেলগে সময়বোৰ কটাইছিলোঁ‌।গাঁৱলীয়া ল'ৰা হিচাপে অঘাইতং ধৰ্মী কামবোৰো নকৰাকৈ থকা নাছিলোঁ‌।
      এবাৰ মই গম নোপোৱাকে বাকীকেইজনে কল এথোক চুৰি কৰি পকিবৰ বাবে ক'ৰবাত লুকাই থৈছিল।কেনেবাকে মই কথাতো গম পালোঁ‌ আৰু গৃহস্থই বিচাৰ- সোচাৰ কৰি থাকোঁ‌তে কোনো ভৱা -চিন্তা নকৰাকৈ কথাতো কৈ দিলোঁ‌।গৃহস্থইয়ো পলম নকৰি লগৰ কেইজনক ধৰিলেগৈ আৰু বিভিন্ন ধৰণে জেৰা কৰিলে।ময়ো অলপ ভালেই পালোঁ‌ ।
    তাৰ পিছৰ কাহিনী দাক্ষিনাত্যৰ চিনেমাৰ দৰে।সেইদিনাই আবেলি মোক বেলেগ এজন বন্ধুৱে আহি খেলাৰ চলেৰে মাতি লৈ গ'ল।গৈ দেখিলোঁ‌ যুদ্ধংদেহী ৰূপত মোৰ সেই বন্ধু কেইজন ।প্ৰথমে মই কি কৰিম কি নকৰিম ভাৱি পোৱা নাছিলোঁ‌।এনেকৈ থাকোঁ‌তেই সিহঁতে মোক চিনেমাৰ ভিলেইনৰ দৰে আক্ৰমণ কৰিব ধৰিলে আৰু ক'লে -আমি কল চুৰি কৰাৰ কথা  কিয় কৈছা??ময়ো হাত সাৱতি থকা ল'ৰা নহয়।সিহঁ‌তকো প্ৰত্ত্যুত্তৰ দিব ধৰিলোঁ‌।কিছু সময় বাগৰা-বাগৰি।সিহঁত চাৰিজনে মোক হেঁচা মাৰি ধৰিছে।ময়ো যিমান পাৰি চেষ্টা কৰিছোঁ‌ গাৰ জোৰেৰে ওফৰাই পেলাবলৈ।অলপ পিছত দেখিলোঁ‌ মোৰ দেউতাই হাতত এডাল চেকনি সদৃশ কিবা লৈ আহিছে।বুজিলো আমাৰ কাজিয়া খনৰ কথা কোনোবাই ঘৰত খবৰ দিলেগৈ।দেউতাক দেখাৰ লগে লগে মোৰ সাহস দুগুনে বাঢ়িল আৰু আগতকৈও সিহঁতক আক্ৰমণ কৰিব ধৰিলো।ভাৱিছিলোঁ‌ দেউতাই সিহঁতক ভাল পিতন দিব।
     কিন্তু দেখিলোঁ‌ কথা ওলোটা।দেউতাই মোকহে পিতিব ধৰিলে।যিমান পাৰোঁ‌ দেউতাক বুজাবলৈ চেষ্টা কৰিলোঁ -দেউতা ,মই একো ভুল কৰা নাই।সিহঁতেহে কল চুৰি কৰিছিল আৰু গৃহস্থই মোক সোধাত কৈ দিছিলোঁ।সেইকাৰণে ইহঁতে মোক মাৰিছে।মোৰ কথাই দেউতাক একো প্ৰভাৱ নেপেলালে।বৰঞ্চ মোক কোবাই কোবাই কৈছিল- কিয় কাজিয়া কৰিবি ??
      দেউতাই হয়তো জানিছিল যে কাজিয়া খনৰ কাৰণে মোৰ ভুল নাছিল।কিন্তু মই কাজিয়া কৰাতো তেওঁৰ বাবে ভুল আছিল।আজি উপলব্ধি কৰোঁ দেউতাৰ পৰা পোৱা সেই শিক্ষাই মোকৰ জীৱনত অন্য বাট দেখুৱালে।এতিয়ালৈ বহু কেইবাৰ কাজিয়া কৰিব লগা পৰিস্থিতি  হৈছিল যদিও দহবাৰ চিন্তা কৰি সেইবোৰৰ পৰা আঁ‌তৰি আছোঁ‌। সময়ত আবেগৰ পৰিবৰ্তে যুক্তিৰে বিশ্লেষণ কৰোঁ। উপলব্ধি কৰোঁ‌, মাক-দেউতাক সকলে যদি সন্তানৰ মৰমত অন্ধ নহৈ সৰুৰে পৰা ভুলটোক ভুল হিচাপে শিকাই তেন্তে তেনে শিক্ষাই সন্তান সকলক ভৱিষ্যৎ জীৱনত উপকৃত কৰিব।