প্ৰকৃতি
মহা প্ৰকৃতি
বাৰে বাৰে ধ্বংসলীলাৰ
মুখামুখি হৈওঁ তুলি ধৰিছে
অপাৰ সৌন্দৰ্য
যি সনাতন সত্য
মহাপ্ৰকৃতিৰ দৰে আমিওঁ
জীৱনটোক দান কৰিব নোৱাৰিম নে
এটা নতুন পথ
কৰ্মৰ পথ
যি অধিকাৰ আমাৰ... ?
হেৰুৱালোঁ কি..
হেৰুৱাম কি..
হতাশ নহওঁ ভাবি
নকৰো আৰু দুখ...
কৰ্ম আৰু কৰ্মব্যস্ততাৰে
ওপচাই তোলো আহা
প্ৰতিটো দিন..
প্ৰতিটো সময়
এটা নতুন বসন্ত..
সময় সমাগত...
পথাৰৰ আলিৰ পাহ কাটি অহা
খেতিয়কৰ সন্তান আমি
সবে একেলগে মিলি-জুলি
কান্ধ পাতি লওঁ আহা
এক গভীৰ দায়িত্ব
জীৱন জীয়াই ৰখাৰ...!