আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া
যদিও কিছুদিনপৰা কাব্যগ্ৰন্থৰ ওপৰত আলোকপাত কৰিছোঁ, তথাপি শ্ৰদ্ধাৰ চাৰৰ কিতাপৰ ওপৰত আলোকপাত কৰাৰ ধৃষ্টতা মোৰ নাই । কাৰণ এজন প্ৰবীণ কবি হিচাপে আৰু তেখেতৰ লেখাবোৰ ভাল পাওঁ বাবেই বিভিন্ন বাতৰি কাকত, আলোচনী, গ্ৰন্থ পৰ্য্যালোচনা বোৰ মন দি অধ্যয়ন কৰো। এইখিনিতে এটা এটা কথা স্বীকাৰ কৰিবই লাগিব মটক চাৰৰ লেখনিৰে দেশ বিদেশৰ প্ৰান্তে প্ৰান্তে জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰা সময়ত মই অভাগিনীয়ে কবিতাৰ পথাৰত
এখোজ দুখোজকৈ খোজ পেলাইছোঁহে মাত্ৰ। কবিতা বুলি নহয়, অনুভৱবোৰ সজাই তুলিছো ।
সেইবাবেই চাৰক শতকোটি প্ৰণাম জনাইছোঁ আৰু তেখেতৰ কাব্যগ্ৰন্থ পঢ়ি মই কি পালো বা কি অনুভৱ হ'ল
তাকে প্ৰকাশ কৰিব বিচাৰিছোঁ ।
প্ৰিয় কবিৰ "শংখবোৰ সাৰে আছে" কাব্য সংকলন খনিৰ
ওপৰত দুশাৰীমান লিখাৰ প্ৰয়াস কৰিছোঁ ।
মুঠ আঠচল্লিশটা ভিন্ন স্বাদৰ কবিতাৰে সমৃদ্ধ কাব্য সংকলন খনিৰ প্ৰতিটো কবিতাৰ উপস্থাপন শৈলী আৰু কাব্যিক ব্যঞ্জনাৰে নিপোটল কৰি তুলিছে কাব্যিকতাৰ চিত্ৰপট । সকলোৱে বোধগম্য শব্দসমূহ ব্যৱহাৰ কৰি কাব্যিক ঝংকাৰ তুলিবলৈ সক্ষম হৈছে কাব্যিক চিত্ৰপটৰ যোগেদি । যাৰ বাবে পাঠক অধিক পৰিমাণে আৰ্কষিত হ'ব পাৰে। প্ৰিয় কবিগৰাকীৰ অধ্যয়নপুষ্ট লেখনিয়ে সততে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কাব্য শিল্প নিৰ্মাণৰ ক্ষেত্ৰত সদাসচেতন প্ৰিয় কবি। কাব্যিক জগতৰ প্ৰতিটো খোজতেই বিশেষ সৰ্তকতাৰে আগবাঢ়ি গৈছে জেষ্ঠ কবিগৰাকী। সেইবাবেই কবিৰ প্ৰতিটো সৃষ্টি ৰাজীয়ে এখন নিপোটল চিত্ৰ চিত্ৰিত কৰিবলৈ সক্ষম হৈছে ।
শ্ৰদ্ধাৰ কবি গৰাকীৰ কবিতাত মানুহৰ জীৱন আৰু সংগ্ৰাম, মানৱতাবাদ, শোষণ, নিষ্পেষণৰ বিৰুদ্ধে কবিৰ
অন্তৰত সৃষ্টি হোৱা ভাৱৰাজীক নিভাঁজ অথচ কাব্যিক অলংকাৰে সমৃদ্ধ কৰি সজাই পৰাই তুলিছে । প্ৰতিটো কবিতাত নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে । শ্ৰমজীৱি মানুহৰ জীৱন্ত চিত্ৰ অংকণ কৰিবলৈ সক্ষম হোৱা কবিয়ে
আধুনিক কবিতাত অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে । জেষ্ঠ কবিগৰাকীয়ে চহকী ভাৱ ব্যঞ্জনাৰে সহজেই
পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।কাৰণ প্ৰিয় কবি গৰাকীয়ে জটিল ভাৱ অনুভূতিক পাঠকৰ বোধগম্য
হোৱাকৈ পৰিস্ফুট কৰি তুলিছে কাব্যিক চিত্ৰপটত ।
প্ৰিয় কবিয়ে সৃষ্টিৰ জৰিয়তে সমাজ আৰু প্ৰকৃতিৰ অন্তৰ্দৃষ্টিৰ নিৰীক্ষণ কৰি মানুহৰ জীৱনক কাব্যিক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰিছে, যিটো কাব্যিকতাৰ মাজেদি পৰিস্ফুট হৈ উঠিছে ।
প্ৰতিটো কবিতাই ভাল লাগিছে , যদিও শংখবোৰ সাৰে আছে কবিতাটো তুলি দিছোঁ, সকলোৱে হৃদয়ংগম
কৰিব পৰাকৈ ।
তেজ ধুলে বোলে উটে
মঙহ ধুলে নূটে
শব্দবোৰ ধূলেও উটে
তেজৰ ফোৱাৰা উঠে ৰঙা তেজৰ সোঁতত
অথচ খুন-জখম হত্যাৰ ৰাজনীতি চলিয়ে আছে এই উত্তৰ
আধুনিক পৃথিৱীত
সময়ে অসময়ে কবিতাৰ ওপৰতো আক্ৰমণ চলে
নিষিদ্ধ বুলি ফটোৱা জাৰী কৰা কবিতাৰ বিৰোদ্ধে
নিৰীহ কবিক বাটে-হানে খুন কৰা হয়
আদালতত বিচাৰ নোহোৱাকৈয়ে ফাঁচীকাঠত তোলা হয়
কবিক,
যেতিয়া ৰক্ততৃষ্ণাত উন্মাদ হয় এন্ধাৰ আৰু জিঘাংসু ৰাতিৰ ঘাতক
হয়, ঘাতকহঁতে নাজানে, -----কবিতা ধুলে নূটে
শব্দৰ জেতুকাবুলীয়া তেজৰ পোহৰ আত্মাৰ দৰেই অবিনাশী মৃত্যুহীন - -
সিহঁতে নাজানে, কাহানিও, কবিতাৰ জন্ম হয় কবি হৃদয়ৰ
সাগৰতলিত , ---য'ত হেজাৰ বছৰ ধৰি সাৰে আছে পোহৰৰ শংখবোৰ
জানোচা এবাৰ মাথোঁ শুনিবলৈ পায় কবিৰ আঙুলিৰ উশাহৰ
স্বৰ, নিশাহৰ নিফুঁট ছন্দ ।
কাব্যপ্ৰেমী সুধীবৃন্দলৈ অনুৰোধ সকলোৰে শ্ৰদ্ধাৰ মটক চাৰৰ কিতাপ কেইখন পঢ়ক।
সদৌশেষত চাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ ক্ষুদ্ৰ অনুভৱত ৰৈ যোৱা অবাঞ্চিত ভুলৰ মাৰ্জনা বিচাৰি সামৰণি মাৰিলোঁ ।
============================== =======