গীতাঞ্জলি দেৱী
নিশাটোৱে কান্দিছিল ,
নামি অহা বিষাদক বাধা দিব নোৱাৰি উচুপি উঠিছিল জোনবাইটোৱেও ,
অস্থিৰ ৰু-ৰুৱনি এটাই মোৰ কোঠাৰ ভিতৰত ঘূৰি ঘূৰি
মোক শুৱলৈ দিয়া নাছিল ।
বুকুত হাত দি সুধিলোঁ "আৰু কিমানপৰ জাহ্নৱী ?"
পাৰেই নহ'ব নেকি দুখৰ ক্ষণ ?
এটা সময়ত নিতালমাৰি ৰ'ল অশ্ৰুবন্যা ।
নীৰ্মিলিত দুচকুত সপোন নিচুকাই গুচি গ'ল সদাগৰী দুখ।
সাৰ পাই দেখো কোলাত মোৰ সদ্য ভূমিষ্ঠ কেঁচুৱা ।
সাৱটি ধৰিছোঁ আবেগেৰে ,
চুমা দিছোঁ মৰমেৰে …।
ওঁঠত বোলাই লৈ পলাশী হাঁহি
মই সুখতে উচুপি উঠিছোঁ …।