Type Here to Get Search Results !

হে, ৰʼদ জীয়াই তোলা পৃথিৱীৰ হাঁহি

জয়ন্ত ৰাজবংশী,
বৰঙাজুলি চাহ বাগান,ওডালগুৰি

ৰʼদৰ দেহেৰে জীয়াই তোলা পৃথিৱীৰ হাঁহি
ঘামবোৰ বাঢ়িবলৈ তপত হৈ উঠা ৰʼদৰ দেহ
নহʼলে যে মানুহৰ খাদ্যৰ বাবে মানুহেই মঙহ হৈওলমি থাকিব ৰাজপথৰ মাজ মজিয়াতো ।

ৰʼদৰ সাহস আছে নীলকণ্ঠ হʼব পৰাৰ
আজিৰ পৃথিৱীত ৰʼদৰ অৰণ্যতহে জীয়াই থাকে
জীয়াই থকাৰ সুখী খোজ
নীলকণ্ঠ হৈ
হে, ৰʼদৰ দেহ ধূলিসাৎ কৰি তোলা
বীজানু বিষাক্ত স্পৰ্শবোৰ, যি স্পৰ্শ মানেই মৃত্যু ।
ৰʼদৰ পৃথিৱী এখনি লাগে সাগৰ- মহাসাগৰতো
সাগৰৰ পানীবোৰো ক্ৰমশঃ নীলাৰ পৰা
নিজে নজনাকৈয়ে হৈ আহিব ধৰিছে ঘোলা
এই ঘোলা সাগৰত আকাশেও চুমিব ভয় কৰে
ওচৰ চাপিলেই
আকাশৰ বুকুতো যদি বাঢ়ে কʼৰোনাৰ বিজানু ।
কʼৰোনাই বৰ সহজে
পৃথিৱী পৰিভ্ৰমী স্পৰ্শিলে মাটিৰ গোন্ধ
বতাহত, বাছত, আকাশীযানত, উশাহত
সকলোতে সম্ভ্ৰান্ত কʼৰোনা
এই কʼৰোনাই থৰথৰকৈ কঁপাইছে মাটিৰ দেহবোৰ
সেয়ে, হে- ৰʼদৰ পৃথিৱী
ৰʼদজাকত নীলকণ্ঠ হৈ উঠা সূৰ্য
পূৰ্বৰ তপত দেহেৰে
মানুহৰ পৃথিৱীখনি মানুহক ঘূৰাই দিয়া ।
ৰʼদৰ বতাহত সকলো জীয়াই উঠিব দিয়া
বৰষুণৰ টোপালেৰে ধোৱাই দিয়া পৃথিৱীৰ চকুলো
ৰʼদৰ বতাহত
সেউজীয়া হৈ থাকিব দিয়া মানুহৰ পৃথিৱী
এই মানুহবোৰৰ হৃদয়ত
ম্লান কৰি দিয়া ভয়াৰ্ত কʼৰোনাৰ বিষাক্ত কামোৰ
হে, ৰʼদ জীয়াই তোলা পৃথিৱীৰ পূৰ্বৰ হাঁহি ।