Type Here to Get Search Results !

হেৰুৱা অতীত

 জীনামণি বৰগোহাঁই দুৱৰা

পাম জানো অতীতৰ সেই দিনবোৰ
আকৌ এবাৰ পুনৰ ঘূৰাই-----
আইতাৰ সাধুকথা ৰজা-ৰাণী,বুঢ়া-বুঢ়ী
খৰিকটীয়া,বামুন,লিটিকাই,সদাগৰ,তেজীমলা
শুনি শুনি আমনি নলগা।
ককা-আইতাৰ মৌসনা মাতৰ সুৱাস
মা-দেউতাহঁতে খেদি খেদি মৰাৰ প্ৰয়াস।
গোপ-শিশুৰ দৰে কৰা আমাৰ ধেমালি
দদাইদেউ পেহীহঁতৰ স্নেহভৰা গালি।
পথাৰত চেচু খান্দি কত খালো
প্ৰকৃতিৰ সৈতে কত ধেমালি কৰিলো।
কচুপাতত কেচাঁ মধুৰি নিমখ ছটিয়াই খালো
ৰবাব-চোকা টেঙাৰ সন্মিলিত সোৱাদ
জিভাৰ আগত ল'লো।
আজিৰ শিশু ব্যস্ত ভিডিঅ' গেমত
হেতালী পাঁচগুটীয়া অন্তভুক্ত আছিল
আমাৰ খেলত।
আহ ! কি যে মধুৰ আছিল
সেই দিনবোৰ ---
বাৰীৰ ফল-মূল খোৱাৰ মাদকতা
নাই খেলিবৰ বাবে লগৰীয়াৰ চিন্তা।
নাছিল কোনো যান্ত্ৰিকতা
আজিৰ যুগৰ শিশুৰ দৰে।
নোৱাৰো অতীত তোমাক পাহৰি যাব
স্মৃতিৰ মণিকোঠত সদায় সজীৱ হৈ ৰ'ব।
*********#######***********