Type Here to Get Search Results !

শেলুৱৈ ধৰা বেঙুনীয়া জীৱন ধাৰাবাহিক উপন্যাস

সঞ্জীৱ কুমাৰ বাইলুঙ 



                                  ( সাত) 
সময় দুই বাজি ত্ৰিছ মিনিট গৈছে ঘড়ীটোলৈ চালোঁ । ঘৰৰ কলিং বেলটো বাজি উঠিল । সি নিশ্চয় পিংগলে হ'ব । বাহিৰলৈ ওলাই গৈ লক্ষ্য কৰিলোঁ ই টো পিংগল হবয়ে নোৱাৰে । ইমান শকত ওখ পাখ মাগুৰ বৰণীয়া মানুহজন কোন হ'ব পাৰে ?
         চাৰ গুড Good afternoon  । মই পিংগল ।
         আহা । পিছে বহু বছৰৰ মূৰত দেখা পাই চিনিবই নোৱাৰিছিলোঁ । 
            বা: ইমান পৰিবৰ্তন! তাৰ বিষয়ে সকলো বিৱৰি সুধিলোঁ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে যদিও  NET ,SLET আদিত অৱতীৰ্ণ হ'ব নোৱাৰিলে । তাৰ কাৰণো নথকা নহয় ...
           প্ৰায় তিনিঘন্টা মান তাৰ লগত কথা পাতিলোঁ । তাৰ ভাৱ প্ৰকাশৰ ভংগীমাত মই আপ্লুত হ'লো । সলসলীয়াকৈ স্পষ্ট ভাষাত তাৰ জীৱনৰ কথাবোৰ মোক কৈ গ'ল ।  শিক্ষক ছাত্ৰৰ মহা মিলনৰ সময় খিনি কোনোবা মুহূৰ্তত বন্ধু, কোনোবা মুহূৰ্তত পিতা পুত্ৰৰ দৰে আৰু কিছুমান মূহুৰ্ত হৈ পৰিল গভীৰ বেদনা দায়ক । যাৰ বাবে দুয়ো এসময়ত হুকহুকাই কান্দি পেলাইছিলো । সময় বোৰ কেনেকৈ পাৰ হৈ গৈছিল গমেই নাপাইছিলো । মানস হঁতে গুৱাহাটীলৈ ইন্টাৰচিটি এক্সপ্ৰেছত যাবলৈ বিদায় লবলৈ অহাৰ বাবে গধূলি হ'ল বুলি গম পালো ।  লাহেকৈ  পিংগলক বিদায় দিলোঁ পৰবৰ্তী দিন এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে  ....... কাৰণ পিংগলৰ পৰা শিকিব লগীয়া বহু কথা আছে । সি আধুনিক যুগৰ যুগ নায়ক আৰু মই শেলুৱৈ ধৰা .......
          শ্ৰীমতীৰ মন্তব্য ..... "আমাৰ এওঁ কথা পাতিবলৈ পালে দিন ৰাতি একো গণিবই নোৱাৰে । "
              আ: কি বুজিবা ? জীৱনত শেলুৱৈ ধৰিবলৈ নিদিলো বাবেই তোমালোকৰ উপলব্ধি কম । ঘৰখনত অভাৱ কি বস্তু বুজি নাপালা বাবে অন্যৰ প্ৰতি সহানুভূতি নোহোৱা হ'ল । মুখ থাকিলেই মানুহে কথা ক'ব নালাগে । তোমাৰ চৰিত্ৰৰ প্ৰভাৱ তোমাৰ পুত্ৰৰ ওপৰত পৰিছে । বহল মন এটাৰ অধিকাৰী আজি পৰ্য্যন্ত হব নোৱাৰিলা । এবাৰ মাৰাৰ ঘৰখনলৈ ওভতি চাবা । যুগ্ম জীৱনৰ পাতনি মেলাৰ আগতে কেনেকুৱা পৰিস্থিতিত জীৱন অতিবাহিত কৰিছিলা ......
        কথা খিনি কব নালাগিছিল যদিও কৈ পেলালোঁ । কাৰণ পিংগলৰ লগত পতা কথাখিনিত আবেগ জড়িত হৈ আছে । সেই আবেগ ভাবাবেগলৈ ৰূপান্তৰিত হৈ হঠাতে তেনেকৈ কৈ মোৰো বেয়া লাগিল । কাৰণ যুগ্ম জীৱনৰ সৰু সৰু খুটখাট  বোৰৰ বাহিৰে ইমান গভীৰ কৈ কোনোদিনে কঠোৰ ভাষাৰে তেওঁক কৈ পোৱা নাছিলো । শ্ৰীমতীক প্ৰকৃতিস্থ হবলৈও সময় লাগিব । কাৰণ টেম্পাৰটো মেজাৰমেন্ট কৰিব পৰা আহিলাটো কেৱল মোৰ হে আছে ।                    
                                 (আঠ)
কেইটামান  দশকৰ আগৰ কথা । আমাৰ গাঁও খনত ইলেকট্ৰিচিটিৰ সংযোজন ঘটাইছিল মাত্ৰ  । তেতিয়া লৈকে টেলিভিছন এটাও গাওঁখনত নাছিল । প্ৰথম টেলিভিছন টো কিনি আনিবৰ দিনা পিংগলক বাটত লগ পাই কৈছিলোঁ  .... " পিংগল আমাৰ ঘৰলৈ আহিবা চোন । টেলিভিছনত আজি কালি বৰ ধুনীয়া প্ৰগাম দিয়ে বুলি শুনিছোঁ । আজি নতুন ব্লেক এণ্ড হোৱাইট পৰ্টেবল টি ভি এটা কিনি আনিলোঁ  । "....... মই টেলিভিছন চাবলৈ মতাৰ একমাত্ৰ কাৰণ আছিল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যুগত আমাৰ দৰে গাঁৱৰ ল'ৰা বোৰে অন্তত তেনেকুৱা এটা দৃশ্য শ্ৰব্য যন্ত্ৰ চাই এটা সাধাৰণ জ্ঞান আহৰণ কৰাটো জৰুৰী  । সিও বৰ আগ্ৰহেৰে কথাষাৰত সহাৰি জনাই অহাৰ কথা ক'লে । বুধবাৰে শুক্ৰবাৰে চিত্ৰহাৰ । বহুত ভাল লাগে । পিংগলে ভক্তি মূলক গীত নাট আদি চাই ভাল পাই বুলি মই আগৰ পৰাই জানো । কৃষ্ণ তাৰ প্ৰিয় সখা । মাধৱদেৱৰ চোৰধৰা পিম্পৰা গুচোৱা ঝুমুৰাত শিশু কৃষ্ণৰ চৰিত্ৰ খুব সুন্দৰ ৰূপায়ন কৰিছিল । প্ৰতিচ্ছবি আজিও মানস পটত ভাঁহি আহে । শুনা পাইছিল ৰামানন্দ সাগৰৰ ৰামায়ণ প্ৰতি দেওবাৰে দিব । সি বোলে ৰামায়ণ চাবলৈ আহিব ।
         বছৰ বাগৰি ৰূপান্তৰৰ মাজেৰে নতুন সাজ পিন্ধি থিয় দিয়ে সময়ে । বয়সে হাৰ মানে চিৰন্তন...
           পিংগল মোৰ প্ৰিয় ছাত্ৰ আছিল । আচৰণত ভক্তি ভাব সম্পূৰ্ণ পৰিস্ফুট । তাৰ ভাৱনাবোৰ আন ছাত্ৰৰ দৰে নাছিল । সি সুধা প্ৰশ্ন বোৰ আজিও মানস পটত ভাঁহি আছে । ধনে ধানে পকী ঘৰ দুৱাৰৰ  মাজত থাকিও বহুত মানুহ কিয় সুখী নহয় ? মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ হৈও কিয় নিকৃষ্ট মনোবৃত্তিৰ হয় ? মানুহৰ ইমান লোভ কিয় ? সম্পত্তিৰ বাবে ভায়ে ভায়ে কিয় কাজিয়া কৰে ? এইবোৰ বাস্তৱত সি দেখিছে শুনিছে আৰু প্ৰশ্ন কৰিছে.........
         প্ৰাথমিক শিক্ষা সময়চোৱাত শিলিখা এটাৰ বিনিময়ত তাৰ জোখাৰে পেঞ্চিল এডাল লগৰীয়াৰ পৰা লৈ তিনি চাৰি দিন লিখিছিল বোলে । বাঁহৰ সৰু চুঙীত পেঞ্চিল ডাল ধুনীয়াকৈ বৰদেউতাকে তাক ভৰাই দিছিল । বৰষুণ দিলে বৰকচুৰ পাত এখিলা মাকেই বাৰীৰ পৰা কাটি আনি দিছিল । স্কুল খটি কোনো দিনে বিনাকাৰণত কৰা নাছিল । বেলিঘড়ী চাই স্কুল গৈছিল । নহলে বৰদেউতাকৰ ঘৰত থকা ৰেডিঅ টোত "পুৱাৰ আঞ্চলিক বাতৰি কৈছো লিলি দাস মালিকে " বুলি শুনিলে বিদ্যালয়লৈ ৰাওনা হৈছিল । ইন্দিৰা গান্ধী মৰাৰ বাতৰি শুনি গাওঁখন কাঁহ পৰি জিন গৈছিল । বৰদেউতাকৰ ঘৰত ৰেডিঅৰ বাতৰি শুনিবলৈ মানুহে ভীৰ কৰিলে দেশত কিবা অঘটন হৈছে বুলি অনুভৱ কৰিছিল ।

                                 (ন)
"তহঁতৰ মূৰবোৰত কি আছে ক'ব পৰা নাই । চকুৰ আগতে তঁহতে পিংগলক দেখা নাই । ৰাতিপুৱা সোনকালে শুই উঠি পঢ়া শুনা কৰাৰ উপৰিও ঘৰুৱা দুই এখন কাম কৰে । খেতি পথাৰত হাল বাই মাটি চহ কৰি দেউতাকক সহায়ৰ হাত আগবঢ়াই । গৰুলৈ ঘাঁহ কাটে । পঢ়াতো প্ৰথম হয় । তহঁতে বেলি দুপৰলৈ শুবি খাবি । পঢ়া শুনাতো নেচেল । ধোদৰ পচলা হঁত কৰবাৰ ........"
           যিবিলাক ল'ৰা অলপ অবাধ্য সিহঁতৰ বাবে সেই অঞ্চলত পিংগল এক আদৰ্শ চৰিত্ৰ । 
          পিংগলৰ দুজন  ককায়েক আৰু এটা ভায়েক । ছোৱালী নথকা ঘৰৰ হোৱা বাবেই নেকি ছোৱালী বিলাকক বৰ মৰম, স্নেহ, শ্ৰদ্ধা কৰে ।
        ডাঙৰ ককায়েক মোৰ ল'ৰা মানসতকৈ দুবছৰমান ডাঙৰ হ'ব । পঢ়া শুনাত ভাল আছিল । সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছিল । হঠাতে শুনা পালোঁ সি বোলে কোনোবা এটা নিষিদ্ধ ঘোষিত  সংগঠনত যোগদান দিলেগৈ । ঘৰখনৰ ডাঙৰ লৰাটো হঠাতে নোহোৱা হোৱা দিন ধৰি মাক দেউতাকৰ চকুত টোপনি নোহোৱা হ'ল । ক'ত থাকে ,কি কৰে ,মৰিলে নে জীয়াই আছে একো গম নোপোৱা হ'ল । মাকে তাৰ চিন্তাত পৰি লাহে লাহে দুৰ্বল হবলৈ ধৰিলে । এদিন হঠাতে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে । লগে লগে গাঁৱৰ মানুহৰ পৰামৰ্শ মতে মানসিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাব লগা হ'ল । নামি আহিল বিভীষিকা । পিংগলে তেতিয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলহে মাথোন । কলেজীয়া জীৱনৰ পাতনি মেলিবলৈ লোৱা পিংগল হৈ পৰিল অসহায় । দুই নম্বৰ ককায়েক জন পৰিয়াল সহ চাকৰি সূত্ৰে থাকে ডিগবৈত  । মেট্ৰিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা মেকানিকেল বিভাগত কনিষ্ঠ অভিযন্তাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি লগে লগে ৰিফাইনেৰিৰ চাকৰিত মকৰল পালে । বিয়া কৰালে যদিও ছোৱালী জনীৰ শিক্ষা দীক্ষা কম । ভাল পাই বিয়া পতা । ৰজাই ভাল দেখে যাক ভেটি ও নালাগে তাক ।  শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা জ্ঞান কম । কথা বাৰ্তা বোৰত গিৰিয়েকে উপাৰ্জন কৰি খোৱা বোৱাৰ যোগান দিয়া যেন নালাগে । তেওঁহে দে'-নাইট কষ্ট কৰি উপাৰ্জন কৰা যেন লাগে । 
        ভায়েক অভি । এটা সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ল'ৰা । পিংগলৰ দৰে অমায়িক আৰু মেধাৱীও । তেতিয়া সি একাদশ শ্ৰেণীৰ ছাত্ৰ যদিও দেখাত এটা পাহুৱাল ডেকাৰ দৰে । খুব সুন্দৰ অভিনয় কৰে । অসমীয়া চলচ্চিত্ৰ প্ৰেমী । ভ্ৰাম্যমাণ থিয়েটাৰ তাৰ হিয়াৰ আমঠু । বিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ কেইবাবাৰো পাইছে ।...........ক্ৰমশ