Type Here to Get Search Results !

শেলুৱৈ ধৰা বেঙুনীয়া জীৱন # ধাৰাবাহিক উপন্যাস

সঞ্জীৱ কুমাৰ বাইলুং 


                              (চাৰি )
আজি পিংগল আহিব ।  সি বাৰু মোক ফোন কৰি লগ ধৰিব খোজা কাৰণ কি হ'ব পাৰে মই ভাবি উৱাদিহ পোৱা নাই । সি ছাগে মোৰ জীৱনৰ কিছু কথা আলোচনা কৰিবলৈকে আহিব খুজিছে । 
       শিক্ষকতা কাল চোৱাত প্ৰতিটো পাঠ পঢ়াওতে মানুহৰ জীৱনৰ বহু কথা উদ্ধৃতি দিওঁ । মহামানৱ মহাত্মা,  উইলিয়াম শ্বেইকছপীয়েৰ, মহাকবি কালিদাস, উইলিয়াম ৱডৰ্চবৰ্থ, শ্বেলী, কীটচ, বাইৰন,ছেমুৱেল ব্ৰেকেট, শংকৰদেৱ,মাধৱদেৱ , জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ পৰা আদি কৰি জ্যোতি বিষ্ণু পাৰ্বতী ভূপেন হাজৰিকা লৈকে সীমা সংখ্যা নাই । অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা  প্ৰায় ছাত্ৰ ছাত্ৰী সকলক আঁতৰাই থওঁ । কাৰণ মই যিটো বৰ ঘিণ কৰোঁ । ঘিণ কৰাৰ কাৰণো নথকা নহয় । 
          ৰাজনীতিত সত্যতা আৰু সততা পূৰামাত্ৰাই অভাৱ । লংকালৈ গ'লে ৰাৱণ হয় সিও এশ শতাংশই শুদ্ধ । ধনৰ বিনিময়ত মানুহৰ লগত মিলামিচা কৰি প্ৰকৃত শিক্ষিত সকলৰ জীৱনৰ লগত হেতালি খেলে । সঁচা কথা ক'বলৈ গ'লে অসমৰ শিক্ষা জগত খনকে  এসময়ত কোঙা কৰি পেলাইছিল । যাৰ বাবে চৰকাৰী বিদ্যালয় সমূহ অচল হৈ পৰিব লগা পৰিস্থিতিৰ সূচনা হৈছিল । তাক পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলাবলৈ লয় মানে বহু শিক্ষিত যুৱকৰ বয়সে ভাটি দিছিল । অকল সেয়াই নে লাখ লাখ টকাৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীক চৰকাৰী বিভাগৰ আমোলা সজাই অশনি সংকেত মাতি আনি অসম খনকে জাবৰলৈ পৰিগণিত কৰাৰ কৌশল ৰচনা কৰাৰ ও বহুতো উদাহৰণ আছে । যিয়েই নহওক লাগে পিংগলৰ লগত কথা পাতিবলৈ কিন্তু মইও অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ।
                             (পাঁচ )
ৰাজনৈতিক নেতাৰ কিৰিলি ,বিকৃত এক প্ৰতিচ্ছবি । মুঠেও ভাল নলগা ৰাজনীতি ক্ষেত্ৰ খনক সততে এৰাই চলিবলৈ মইয়ে কওঁ । পুৰণি ইতিহাসৰ কথাবিলাক গুৰুত্ব সহকাৰে বুজাই দিওঁ । সভ্যতা সংস্কৃতি , ৰূপান্তৰৰ মাজেৰে আহি আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱক সহমত প্ৰকাশ কৰোঁ । কাৰণ আমাক প্ৰগতি লাগে ।   ভাৰতবৰ্ষ আজি কিয় উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে পৰিগণিত  ? প্ৰকৃততে দোষ কাৰ ?  মানৱ সম্পদ গঢ়ি তোলাত আমি কিয় ব্যৰ্থ হওঁ ? শিক্ষা ব্যৱস্থাত ৰাজনীতি শিক্ষাৰ প্ৰয়োজনীয়তাৰ লগতে নিকা ৰাজনীতিবিদ হবলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে ? এই সকলোবোৰ কথা শ্ৰেণী কোঠাত তন্ন তন্নকৈ বুজাই দিয়াৰ চেষ্টা কৰোঁ । খুব গুৰুত্ব সহকাৰে মোৰ কথাবোৰ শুনা সেই ল'ৰাটো আজি মোৰ ঘৰৰ অতিথি হ'ব ।  আজি তাৰ সৈতে এটা Talk show পাতিম । 
          কিছুমান কথা ভাবিলে আজিও ছাত্ৰ ছাত্ৰী সকললৈ বেয়া লাগে । বহুত  ছাত্ৰ ছাত্ৰীয়ে বছেৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হ'বৰ জোখাৰে নম্বৰ নোপোৱাৰ বাবে একেটা শ্ৰেণীতে দুই তিনিবছৰ থাকিব লগা হোৱাত বিদ্যালয়ৰ দেওনা পাৰ নোহোৱাকৈয়ে বিদ্যালয় এৰে । তাতে অসম আন্দোলনৰ ধামখুমীয়াত বহু ছাত্ৰ ছাত্ৰীক সমল হিচাপে ব্যৱহাৰ কৰি গাড়ীত উঠাই লৈ গ'লে মোৰ বুকুখনে হাহাকাৰ কৰি উঠে । কাৰণ বেছি ভাগ ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকৰ বিনা অনুমতিত বিদ্যালয়ৰ পৰা আন্দোলন কৰিবলৈ যোৱা কথাটোত মই সহমত প্ৰকাশ কৰিব পৰা নাছিলোঁ । পিংগলক লক্ষ্য কৰিছিলোঁ সি বিভিন্ন অজুহাত দেখুৱাই আন্দোলনৰ নামত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা নহৈছিল ।  সত্যনাথ বৰা দেৱে কোৱা ভীমৰ গদা দাঙিবলৈ হ'লে আগতে ভীমৰ সমান বল গাত গোটাই লোৱা কথাটো সি আখৰে আখৰে পালন কৰিছিল । সেয়েহে অধ্যয়নৰ ক্ষেত্ৰত সি সদায়ে আগবঢ়া আছিল । দেউতাকো কঠোৰ শাসক আছিল । বিদ্যালয়ৰ শিক্ষক সকলৰ লগত সততে যোগাযোগ ৰাখি তাৰ পঢ়া শুনাৰ অগ্ৰগতি সম্পৰ্কে আলোচনা বিলোচনা কৰিবলৈ বিদ্যালয়লৈ গৈছিল । বৰদেউতাকৰ ছোৱালী এজনীয়ে সুখ্যাাতিৰে উত্তীৰ্ণ হৈ ডাক্তৰী পঢ়ি থকা কথাটো বাৰে বাৰে উনুকিয়াই দিছিল  । এবছৰৰ  ভাত একেদিনাই খাই শেষ কৰিব নোৱাৰি | সেয়েহে দিনৰ কাম প্ৰতিদিনে কৰি যোৱাৰ পৰামৰ্শ দেউতাকে সদায়ে দি গৈছিল । সিও একান্ত বাধ্য ছাত্ৰৰ দৰে সকলোৰে কথা মানি চলি কৰ্তব্যত মনোনিৱেশ কৰিছিল  । ভাল লাগে তাৰ পৰিপাটি আখৰ, সুকলমে কৰি অনা দৈনিক ঘৰুৱা কৰ্মৰ বহী বিলাক চাই । কেতিয়াবা মনটোতে ভাবো সকলো ছাত্ৰ ছাত্ৰী যদি পিংগলৰ দৰে হ'ল হেঁতেন!!!
                                  (ছয়)

আজি ইহঁত হাল যাবগৈ ছাগে । বছেৰেকৰ মূৰত ঘৰখনলৈ আহিছ কমচেকম এসাঁজ ভাত লগে ভাগে খাব নোৱাৰনে ? প্ৰশ্ন হয় এইটো মাথা লৈ কলেজত প্ৰফেচাৰ গিৰি কৰ ? ল'ৰা ছোৱালী মখাক কি শিক্ষা দিছ একমাত্ৰ ভগৱানে হে জানে । কালি ইমান ভকত বৈষ্ণৱে ঘৰখনত ভিৰ কৰিলেহি চাহ এবাতি নিদিলি নাই, তামোল এখনতো যাচিব পাৰ' । শিক্ষা দীক্ষাৰে ভৰপূৰ মাথাটোত কাণ্ডজ্ঞান বোলা কথালৈ ঠায়ে নহ'ল ছাগে । কি পাপ কৰিছিলো নাজানো । মোৰ কঁপালত এনে বোৱাৰী !! শাহুৱেকে হে আলপৈচান ধৰি চাহ ভাতৰ যোগান শোৱা কোঠাত দিবগৈ লাগে । ধেত্ তেৰিকা  ........ ল'ৰাও সেই  । ধনৰ মোহত পৰি অন্ধ হ'লি । পিতৃ মাতৃক পাহৰিলি । পাৰিলে ঘৰ সম্পত্তি  বিক্ৰী কৰি আমাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াই দে বুলি ক'বলৈ মন যায় যদিও মানসৰ মুখলৈ চাই একোৱেই নকৈ দুখবোৰ বুকুতে সামৰি থওঁ ।
           মানস মোৰ ল'ৰা । অত্যন্ত মেধাৱী । হ'লে কি হ'ব ? । ব্যৱহাৰিক জ্ঞান সি মোৰ পৰা অৰ্জন কৰিব নোৱাৰিলে । বাৰীৰ ঘাঁহ আৰু  গৰুৰ  ৰাহি যোৰা নিমিলা অংক । তাৰোপৰি মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছৰে পৰা শিক্ষা গ্ৰহণৰ  কালচোৱাত সি মোৰ সংস্পৰ্শলৈ নাহিল । শিক্ষা সাং কৰি চাকৰি পালে । গুৱাহাটীৰ বিবাহ ভৱনত নিজৰ পচন্দৰ ছোৱালী বিয়া কৰালে । আমি বোৰ হৈ পৰিলো কোনোবা অতিথি মাত্ৰ । যিয়েই নহওঁক নিজৰ ল'ৰা । কোনোবাই বেয়া কলেও মইয়ে বেয়া পাম । শুভকামনা সদায়েই থাকিব পিতৃ স্বৰূপে । সিহঁত হালৰ পৰা শুভকামনা নিবিচৰা ভাল । কাৰণ  যি মূলা বাঢ়ে তাৰ দুপাততে চিন । নাতিটোক মামাকৰ ঘৰত থৈ  স্কুল খতি হোৱাৰ অজুহাতত ঘৰলৈকে নানিলে । সেয়াই মানসিকতা । মই যেন জীৱনত শিক্ষকতা নকৰি ঘোঁৰা ঘাঁহ হে কাটিছিলো? 
            " মানস । কালি বছেৰেকীয়া বুলি কথা এষাৰো পতা নহ'ল । বিয়ৈ বিয়নী থিকেই আছে নিশ্চয় ? ফ্লেট কিনি ভালেই কৰিলি । ভাড়া ঘৰত আজি কালি পৰিয়াল পোহপাল দিবলৈ অসুবিধা । বোৱাৰীয়ে..... "
            কিবা এটা কবলৈ গৈ থমকি ৰ'লো । প্ৰকৃততে বুকুখনত এটা হেঁচা পৰিছিল । খুব ধৈৰ্য সহকাৰে দুখ সামৰি যিমান পাৰো সহজ হ'বলৈ চেষ্টা কৰি নাতিটোক পঢ়া শুনাৰ যত্ন লবলৈ বুলি উপদেশ সূচক মন্তব্য আগবঢ়াই অলপ জীৰণি কক্ষত প্ৰৱেশ কৰিলোঁ ।
         মানস । মোৰ একমাত্ৰ মানস পুত্ৰ । বহুত সাধনাৰ বলত তাক পুত্ৰ হিচাপে পালোঁ । প্ৰতি টোপাল শাৰীৰিক প্ৰৰিশ্ৰমৰ তেজ একমাত্ৰ তাৰ জীৱনৰ সফলতাৰ বাবে ত্যাগ কৰাৰ পাছতো  এবাৰৰ বাবেও উপলব্ধি নহ'ল যে মই তাৰ পিতৃ । একমাত্ৰ পত্নীৰ প্ৰেমে তাক চকু মুদা কুলিৰ ভাও দিবলৈ সক্ষম কৰি তুলিলে ।
            নহ'বনো কিয়? পাপৰ ফল সকলোবোৰে ভূগিব লাগিবই । মোৰ শ্ৰীমতী প্ৰিয়দৰ্শীনী । দুখীয়া ঘৰৰ হলেও দেখাত সাইলাখ সৰগৰ অপেশ্বৰী । মোৰ হৰি ভকতৰ ঘৰৰ এখন বিয়াত সাক্ষাৎ হোৱাত চাৰি চকুৰ মিলন ঘটিছিল । যেন মৃগায়াভিলাষী দুষ্যন্ত কন্ব মুনি আশ্ৰমত প্ৰেম নিবেদন লৈ প্ৰৱেশ । প্ৰথম চাৱনিতে কিযে হৈ গ'ল তুমি জানো গমকে পোৱা নাই ......
        ঘৰখনত শীঘ্ৰে কথাটো অৱগত কৰা হ'ল । মা-দেউতাইও না নকৰিলে । দুয়োখন ঘৰৰ সৰ্বসন্মতি ক্ৰমে এটা উপযুক্ত দিনত লখিমী আদৰা কাম সম্পন্ন হ'ল । ৰত্নকান্ত বৰকাকতিয়ে বিশ্ব হৰণ কবিতাটিত কোৱাৰ দৰে তিলতিলকৈ হৰিলা বিশ্ব তিলোত্তমা হৈ ....  অতি কম সময়তে  গোটেই বিশ্ব খনকে যেন হৰণ কৰি পেলালে । মা দেউতাৰ প্ৰতি থাকিব লগীয়া কৰ্তব্য খিনিও যেন প্ৰিয়াৰ চকুৰ চমকে পাহৰাই দিলে । সঁচাকৈয়ে নাৰীৰ মহিমা অপাৰ । মোকো ছাগে দেউতাই কৈছিল .... থিক মই মানসক কোৱাৰ দৰে । দেউতাক বোৰে পুতেকহঁতক কিহৰ বাবে নাজানো ডাঙৰ কৈ বা খঙ কৰি কথা ক'বলৈ বৰ কুন্ঠাবোধ কৰে । লাগিলে নিজে জ্বলি পুৰি ছাঁই হৈ যাওক । মোক দেউতাই শুদ্ধৰাই নিদিয়াৰ বাবে আজি মই ছাগে অভিশাপৰ পাত্ৰ । যাক কোৱা হয় আইলৈ যেই  হাত বাইলৈও সেই হাত । আৰ্জিলে ভূঞ্জিব লাগে ।  জীৱন বৰ জটিল প্ৰক্ৰিয়া । উপলব্ধি কৰিব নোৱাৰিলে সংকটে  আগুৰি ধৰে ।  যিবোৰ শিক্ষা দেউতাকে পুতেকহঁতক দিব নোৱাৰে বা দিলেও ফলবৰ্তী নহয় সেই শিক্ষা কিন্তু শিক্ষকে ছাত্ৰক দিব পাৰে । সেয়েহে কোৱা হয় " গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নম : ................... ক্ৰমশ