Type Here to Get Search Results !

হাঁহিৰে জীৱন সুন্দৰ কৰা,চকুৰ পানীৰে নহয়

দীপশিখা চলিহা,দেওমৰণৈ, দৰং


সাধাৰন অৰ্থত হাঁহি হৈছে মানুহৰ অতুলনীয় সৌন্দৰ্য।মানুহৰ জীৱনৰ ই এটা মৌলিক উপাদান।অকৃত্ৰিম হাঁহিয়ে মনৰ মলীনতা দূৰ কৰে।ব্যৱসায়ী মানুহৰ বাবে হাঁহি মূল্যৱান সম্পদ।হাঁহিমুখীয়া ব্যক্তিত্বই মানুহ সহজে আকৰ্ষণ কৰে।হাঁহিয়ে মানুহক জীৱনৰ যন্ত্ৰনাৰ পৰা মুক্ত কৰি ৰাখে।মানুহে কেতিয়াও এটা জটিল জীৱন বা কষ্টকৰ জীৱন নিবিচাৰে।সেয়ে মানুহে যদি হাঁহি হাঁহি কাম কৰে তেন্তে কষ্ট লাঘৱ হয় আৰু সাৰ্থকতা পোৱা যায়।সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই কৈছিল- "জীৱনৰ অৰ্থই হ'ল হাঁহি,তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল'বা আৰু কান্দোনখিনি নিজে লুকুৱাই থ'বা।তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ'বা।
            হাঁহি হৈছে মনৰ আৰ নথকা দাপোন।হাঁহি সুখ আনন্দ আৰু সুস্থ শৰীৰৰ প্ৰতীক।হাঁহিক টকাৰে কিনিব নোৱাৰি,সকলো মানুহে আনক হহুৱাব নোৱাৰে আৰু নিজেও হাঁহিব নোৱাৰে।আজিকালি সকলোৰে মুখে মুখে এটা কৃত্ৰিম হাঁহি দেখো,আছলতে মনৰ৭ ভিতৰৰ পৰা যিটো স্বাভাৱিক হাঁহি উদয় হয় সেইটোই আমাৰ যথেষ্ট উপকাৰ হয়-
১/হাঁহিয়ে সৌন্দৰ্য বঢ়ায়,আত্মবিশ্বাস বঢ়ায়।
২/হাঁহিয়ে কষ্ট আৰু মানসিক চাপ দূৰ কৰে।
৩/হাঁহি এটা শাৰীৰিক কাৰ্য সেয়ে ই বয়সৰ চাপ দূৰ কৰে।মুখৰ গ্ল' আনে।
৪/হাঁহিয়ে আয়ুস বঢ়ায়।
৫/অভিনন্দন জনাবলৈ হাঁহিতকৈ আৰু ডাঙৰ উপহাৰ একো নাই।
হাঁহিয়ে মানুহ এজনৰ সুস্থতাৰো পৰিচায়ক।     ই শক্তিদায়িনী,হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ শক্তিক উজীৱিত কৰে।গবেষক সকলৰ মতে হাঁহিয়ে ৰোগ নিৰাময় কৰে।তেঁওলোকৰ মতে খং বা ঘৃণাভাৱে আমাৰ শৰীৰৰ প্ৰতিটো ব্যৱস্থা নিস্তেজ কৰি পেলায়।কিনি আনন্দই প্ৰতিৰোধ ব্যৱস্থাক উজ্জীৱিত কৰি ৰাখে।কেলিফ' নিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্চিটীৰ স্কুল অৱ মেডিচিনৰ গৱেষক সকলৰ মতে, হাঁহিয়ে আমাৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা 'টি' কোষ সৃষ্টিত উদ্বুদ্ধ কৰে।ফলত ৰোগ প্ৰতিৰোধ শক্তি দৃঢ় হয়,নানা জীৱাণু সংক্ৰমনৰ বিৰুদ্ধে জয়ী হ'ব পাৰি।হাঁহিয়ে আমাৰ ৰক্তচাপ হ্ৰাস কৰে আৰু স্বাসতন্ত্ৰ পৰিস্কাৰ কৰে।হাঁহি মৰাৰ ফলত গামা ইণ্টাৰফেৰ'ন টি কোষ,বি কোষ বৃদ্ধি পায়।যাৰ বাবে অধিক পৰিমানে এণ্টিবডী সৃষ্টি হয়।আমোদজনক কথা যে ১০০ বাৰ হাঁহি মাৰিলে ১০ মিমিট নাও চলোৱাৰ কাম কৰে সেয়ে নিতৌ খোলাকৈ হাঁহি জীৱন উপভোগ কৰক