Type Here to Get Search Results !

দুখৰ কথা কাক কলি কোনে শুনবো ( দৰঙি উপভাষাৰ কবিতা)

জোৎস্না শইকীয়া,মংগলদৈ ,দৰং
                ফোনঃ ৬৯০০০৩২২৫৮ 

বেৰেপপুৱাই পিতেই মুখখান
কইনাৰমাকৰ মুখহান হৈচ্ছি
ইপিনে আইৰ বেমাৰটো বাঢ়হা দেখি
বুকত ভয় এটাও সোমেচ্ছি !
আঙুলিৰ মূৰত হিচাপ কৰেই
আকালৰ হাট কেইখানো গেল
এই বন্ধ মোখাইওঁ চবখানকে
একফালৰপে গিলি গিলি খাবা ধচ্ছি
যোৰাৰ মূৰত যোৰাদি খাৱা গিৰি
ভোখৰ জুইয়ে কেউদিশে
আগুৰি ধৰেই,
নুমাবো কোনে এই জুই
কাৰ মাটি কোনে কাটি   (?)
বাটৰ আগৰ মপফলডালো
গা হে শুৱেনি
গাৰ বতাহতে থাকেই বাগেৰি
বাৰীৰ পাছৰ খুঁটুৰা,ভতুৱা
বেৰেপপুৱাই হ'ৱেই ন'হৱা
ঘৰখানৰ তিৰি -ঝিয়া
কথাৰহে বতহিয়া !
এইহান
আকালৰ দিনত
গাঁওখানৰেই পেহী ঘৰৰ
কাঁথিৰমূৰত খেৰ-খৰি
কেনকে থাকেই
বাৰু
শাঁকে-পাতে
হাইহাল ভৰি !