Type Here to Get Search Results !

দুখৰ অৰণ্য

বনশ্ৰী বৰ্ষা ডেকা













এটি ফিনিক্স পখীৰ দৰেই
উৰি যায় সুখবোৰ,
জীবনৰ পৰা....
সেউজীয়াবোৰো ক্ৰমশঃ
হেৰাই যায়,
হালধীয়াৰ আগ্ৰাসনত..
এৰি যায় মাথো
শূন্যতা ভৰা এখন
দুখৰ অৰণ্য..।