Type Here to Get Search Results !

ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী.....

সদানন্দ শইকীয়া
দৰং, অসম ৷
দূৰভাষ:  98541 52129



     অসমীয়া চহা জনজীৱনৰ পৌৰাণিক আহিলা ঢেঁকী৷ কেতিয়া ঢেকী প্ৰথম ব্যৱহাৰ হৈছিল জনা নগলেও নাৰদে যে ঢেকীত উঠি ভ্ৰমন কৰিছিল তাক সৰুতে ককা আইতাহতৰ সাধুবোৰত শুনি আহিছো ৷  অসমৰ লগতে দাঁতিকাষৰীয়া বাংলাদেশ আৰু পশ্চিমবঙ্গতো ঢেঁকীৰ প্ৰচলন আছে৷ এক কথাত ধান, ঘেঁহু, চিৰা, সান্দহগুৰি, পিঠাগুৰি, শিশুৰ খাদ্য আদিবোৰ খুন্দি খোৱাৰ উপযোগী কৰা এবিধ কাঠৰ সঁজুলিয়েই হৈছে ঢেঁকী৷ প্ৰায় সাত আঠ ফুটমান দীঘল আয়তাকাৰ কাঠৰ টুকুৰা এটা ব্যৱহাৰ কৰা হয় ঢেকীৰ মূল হিচাপে৷ সাধাৰণতে শিলিখা গছৰ পৰাই গ্ৰাম্যসমাজত সৰহ সংখ্যক ঢেঁকী বনোৱা হয় বুলি আমাৰ ককাহতে কৈছিল৷ কাঠৰ টুকুৰাটোৰ আগফালে এটা ফুটা কৰি ভাল কাঠৰ প্ৰায় দুই ফুট দীঘলীয়া টুকুৰা এটা পৰিপাটীকৈ চাঁচি লগোৱা হয়৷ যাক ঢেঁকীথোৰা বোলা হয়৷ এই ঢেঁকীথোৰাটোৰ মুখত এটা লোহাৰ সুন্দৰ আঙঠি সদৃশ অলংকাৰ লগোৱা হয় যাক 'বেৰি' বুলি কোৱা হয়৷ এচটা ডাঙৰ শিলত এটা তিনি ইঞ্চিমান ব্যাসাৰ্দ্ধৰ গোলাকৃতি চাৰি ইঞ্চিমান গভীৰ গাত খান্দি ঢেঁকীথোৰাটোৰ পোনে পোনে স্থাপন কৰা হয় ৷ ইয়াক 'খুবলি'(পোখলি) বুলি কোৱা হয় ৷ একেবাৰে পিছফালৰ অংশক ফিছা বুলি কয়৷ ফিছাৰ পৰা অলপ আঁতৰত এডাল শলাৰে ঢেকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় ৷ ইয়াক 'আশল শলা' বুলি কোৱা হয়৷ এই শলাডাল থাকিবৰ বাবে দুয়োফালে দুটা ভলুকা বাহৰখুটা ৰখা হয়৷ ইয়াক 'কঁতৰা' বুলি কোৱা হয় ৷  ঢেঁকী দিওঁতা জনে ধৰিবৰ বাবে ওপৰৰ চালিত এডাল জৰী আঁৰি দিয়া হয় ৷ ইয়াক ঢেঁকীজৰী বোলা হয়৷ ইয়াৰ উপৰিও ঢেঁকী দিওঁতা জনে খুবলিৰ চাউল, পিঠাগুৰি আদিবোৰ খুচৰি দিবৰ বাবে এডাল হাকতিৰ মুৰত ধানখেৰ বান্ধি লৈ ব্যৱহাৰ কৰে৷ ইয়াক 'হাকতিবাৰী' বোলা হয়৷ নামনি অসমত ঢেঁকীৰ মাজৰ মাৰি ডালক মৌলাবাৰী, খুবলিক পখ্লি, ধান বঢ়াই দিয়া মাৰি ডালক লুৰিবাৰী বুলি কোৱা হয় ৷
     অসমীয়া সাহিত্য সংস্কৃতিৰ সতে ঢেঁকীৰ এক নিবিড় সম্পৰ্ক আছে৷ বিহু বুলিলেই ঢেঁকীৰ ব্যৱহাৰ অপৰিহাৰ্য্য৷ আমাৰ গ্ৰাম্যাঞ্চলত বিহুৰ সময়ত ঢেঁকীত পিঠাগুৰি, সান্দহগুৰি নুখুন্দিলে বিহুয়ে আধৰুৱা হ’ব৷ চহৰ কিম্বা নগৰাঞ্চলত  যন্ত্ৰৰ সহায়ত এইবোৰ কাম কৰা হয়৷ ঢেঁকীৰ সহায়ত বনা চাউলত ভিটামিন ভালকৈয়ে ৰৈ যায় বাবে আগৰ দিনৰ মানুহৰ স্বাস্থ্যৰ অৱনতি হোৱা নাছিল৷ সেইবাবে বজাৰত আজিও ঢেঁকীত বনা চাউলৰ চাহিদা প্ৰচুৰ৷ বজাৰবোৰত লিখাই থাকে 'ঢেকীত বনা চাউল' বা 'ঢেকীত খুন্দা চিৰা' বুলি সুকীয়াকৈ লেবেল মৰা৷
     ঢেঁকীক লৈ আমাৰ সমাজত বিভিন্ন লোকাচাৰো দেখা যায়৷ দীৰ্ঘদিন বতৰ খৰাং হৈ থাকিলে কোনো এঘৰৰ ঢেঁকী ৰাতিটোৰ ভিতৰত চোৰ কৰি পথাৰত শাৰী কৈ ওলোটাই পুতি থলে বৰষুণ দিয়ে বুলি এটা লোকবিশ্বাস আছে৷ ন-কইনাক ঢেঁকীশাল দেখুওৱাটো এটা প্ৰাচীন পৰম্পৰা৷ ঢেঁকী নাৰদৰ বাহন হোৱা হেতুকে ইয়াক সকলোৱে অন্য ধৰণে সন্মান জনাই আহিছে৷ কিছুমানে বিশ্বাস কৰে যে ঢেঁকীত বহিলে শণিয়ে ধৰে, সেয়ে বহিব নাপায় ৷ ইয়াৰোপৰি এখন ঘৰত দুটা ঢেঁকী থকাটো বেয়া, হাই কাজিয়া বেছি হয় এনে কথাও বিশ্বাস কৰে৷ সন্ধিয়া আৰু দুপৰীয়া ঢেঁকী দিব নাপায় হেনো ৷ এনেবোৰ বহু লোকাচাৰ আমাৰ সমাজত আছে যদিও ইয়াৰ কোনো ধৰণৰ বৈজ্ঞানিক সত্যসত্যতা নাই ৷
    বিহু গীতৰ লগতো বহুল ভাৱে ই জড়িত৷ ঢেঁকীক লৈ বহু শিল্পীৰ কণ্ঠত নিগৰি ওলাইছে অলেখ বিহুগীত,আৰু অলেখ দৰঙীয়া নাঙেলী গীত৷ "ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী, ঢেঁকীৰে চাবতে কঁপাই তোল চুবুৰি ....... " আদি জনপ্ৰিয় গীতবোৰে ঢেকীৰ কথাই কৈছে৷ বিভিন্ন কথাছবি, টেলিভিছনৰ চিৰিয়েল আদিত অসমীয়া জীয়ৰী বোৱাৰীৰ ঢেঁকীৰ স’তে থকা সম্পৰ্কৰ সুন্দৰ চিত্ৰ অংকন কৰা দেখিছো ৷ ঢেঁকী যে যান্ত্ৰিকতাৰ গৰাহত বিলুপ্তি হ’ব ধৰা অসমীয়াৰ মৰম আৰু চেনেহৰ আওপুৰণি সম্পদ সেয়া সৰ্বজনবিদিত৷ ঢেঁকী অসমীয়া সমাজৰ এক প্ৰাচীন আৰু আটাইতকৈ দৰকাৰী সৰল যন্ত্ৰ আছিল৷ পিছে,লাহে লাহে ই লুপ্তপ্ৰায় হৈ আহি সংগ্ৰাহলয়ত থিতাপি লব লগা হৈছে ৷ আজিকালি যান্ত্ৰিকতাৰ বজাৰত ঢেঁকীত ধান বানি ভাত খাবলৈ কাৰো সময় নাই,উপকাৰিতালৈ চাই কোনেও আজি ঢেকী দিবলৈ মন নকৰে৷ আগৰ পুৰণিকলীয়া পদ্ধতি বোৰ বাদ দি আধুনিকতাবাদৰ জখলাত বগাই দুৰাৰোগ্য বেমাৰত ভোগা নাইনে?
****