Type Here to Get Search Results !

বিশ্বত মহামাৰীৰ ইতিহাস আৰু লককডাউনত আমাৰ দায়িত্ব


ধীৰেন শইকীয়া,নুনমাটি,গুৱাহাটী


সমগ্ৰ বিশ্ব কৰোনাত আক্ৰান্ত। চিকিৎসা বিজ্ঞানীসকলৰ মতে প্ৰতি এশ বছৰৰ মূৰে মূৰে এনে একোটা মহামাৰীয়ে বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰেই। খৃঃপূঃ 430 তে বিশ্বত মহামাৰী সৃষ্টিৰ তথ্য পাইছে ইতিহাসবিদসকলে। গুটিবসন্ত নামৰ এই ৰোগত তেতিয়া কেইবা হেজাৰ গ্ৰীক সৈন্যৰ মৃত্যু হৈছিল, ইয়াৰোপৰি এফালৰ পৰা মহামাৰীত জনশূন্য হৈছিল অঞ্চলসমূহ। খৃঃপূঃ 540-41তো মিছৰ আৰু সমগ্ৰ ইউৰোপতে প্ৰায় দহ কোটি লোক আন এক মহামাৰীত মৃত্যুৰ কোলাত নিঃশেষ হৈ পৰাৰ কথাও ইতিহাসত আছে। 1346-51 বৰ্ষলৈকে থকা আন এক মহামাৰীতো ইউৰোপৰ দুই তৃতীয়াংশ লোকৰ মৃত্যু হৈছিল। আনকি 1518-20 বৰ্ষলৈও মেক্সিকোত আশী লাখ লোকৰ মৃত্যু ঘটে। 1860 চনত চীন, হংকং,ভাৰত, আমেৰিকা আদিত এক কোটিৰ পৰা ডেৰ কোটি লোকৰ কেৱল প্লেগ মহামাৰীতেই মৃত্যু ঘটে।১৮৯৮ চনত কলাজ্বৰ মহামাৰী আমাৰ অসমতো দেখা দিছিল,যত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। সেই মহামাৰীত গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং জিলাৰ জনসংখ্যা একেবাৰে কমি গৈছিল, আনকি  বহুঠাই তেতিয়া হেনো জনশূন্য হৈ পৰিছিল।1853 বৰ্ষত  মাউৰ 'মহামাৰী ত 8000 জন,কলাজ্বৰত 1900 চনত 25% লোকৰ নগাঁও জিলাত মৃত্যু হোৱাৰ  কথাও জনা যায়। জনামতে,নগাঁও জিলাত ঊন্নৈশ শতিকাৰ শেষৰ ফালে কলাজ্বৰত প্ৰায় পচপন্ন হেজাৰ জন মানুহৰ মৃত্যু হৈছিল। স্বনামধন্য লেখক ড.ধ্ৰুৱজ্যোতি বৰাৰ 'আজাৰ' উপন্যাসখন পঢ়িলে পোৱা যায় কলাজ্বৰৰ নৃশংসতাৰ কথা। প্লীহা ফুলি যোৱা কলাজ্বৰ ৰোগীৰ কংকালসাৰ জীৱন্ত মৃতদেহ, দূৰৈত কোনোবাই দি যোৱা ভাতখিনিলৈ কোনো বুভুক্ষু ৰোগীয়ে বন্য জন্তুৰ দৰে চোঁচা মাৰি যোৱাৰ দৰে অলেখ মহামাৰীৰ সময়ৰ অসহনীয় দৃশ্য আছে এইখন উপন্যাসত৷ 1994 বৰ্ষত প্লেগ ৰোগতো কেইবাশ লোকৰ মৃত্যু ঘটিছিল ভাৰতত ৷ 2009, 2019 আৰু 2014 বৰ্ষবোৰতো ছোৱাইন ফ্লু,ইবোলা,চাৰ্চ, ডেংগু আদি মহামাৰীতো কেইবা হেজাৰ লোকৰ মৃত্যু হৈছিল৷ চিকিৎসাবিজ্ঞানীসকলেও কৈছে মহামাৰী বিষয়ত 'পাব্লিক ট্ৰেঞ্চমিছন' বা জনগন সংক্ৰমনৰ ভয়াবহতাই আটাইতকৈ বেছি বিপদজনক, ফলস্বৰূপে 23 মাৰ্চৰ পৰা 17মেলৈ আমাৰ দেশৰ চৰকাৰে সৰ্বত্ৰে লকডাউন ঘোষনা কৰি কৰোনা মহামাৰী আতংকৰ ওৰ পেলাব বিচাৰিছে। পিছে বহু অঞ্চলত লক ডাউন আৰু সামাজিক দূৰত্বৰ নামত আপোচ কৰা বুলিও সংবাদ মাধ্যমত পাই আছো।
পিছে এনে দুৰ্দিনত আমাৰ কি অনুভৱ হ',কি কৰা দেখিলো চৰকাৰ বা ৰাইজে,কেনেকৈ আঁতৰাব পাৰি এই কালিকা লগা দিনবোৰ তাৰেই সম্যক আভাষ দিছোঁ আমাৰ এই লিখনীত
1)স্বাস্থ্য মন্ত্ৰালয়ে এনে মহামাৰীৰ উৎস, প্ৰতিকাৰ, প্ৰতিৰোধৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লব লাগিব                                                                                   2)'পাব্লিক ট্ৰেঞ্চমিছন' ৰোধৰ ব্যৱস্থা কৰিবলৈ যিকোনো ব্যৱস্থা লবই লাগিব(সামাজিক দূৰত্ব,লক ডাউন কিম্বা সান্ধ্য আইনৰ নিৰ্দেশ মানিবই লাগিব জনসাধাৰণে,এই বিষয়ত আপোচ কৰিব নালাগিব)                                              3)চৰকাৰী সাহাৰ্য দুৰ্নীতিমুক্ত হোৱা দৰকাৰ
4)ৰাজ্য আৰু দেশৰ বাহিৰত থকা ব্যক্তিসকলক স্বাস্থ্যসন্মত ভাৱে উভতাই অনাৰ ব্যৱস্থা কৰিব লাগিব(পৰিৱেশ চাই)                         
5)বিপদকালত মানুহ গাঁতত হলেও সোমাই থাকিব পাৰে বুলি ঘৰত সোমাই থকাৰ আহ্বান জনাব লাগিব
6)দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় নহবলৈ অৰ্থনৈতিক সুস্থিৰতা অনাৰ বাবে বিশেষজ্ঞ ব্যক্তিৰ পৰামৰ্শ বিচাৰিব লাগিব
7)অত্যাৱশ্যকীয় সেৱা সমূহ বিঘ্নিত নোহোৱাকৈ চলাবই লাগিব                                      
8)বিপদৰ সময়ত আনৰ সুখ-দুখৰ প্ৰতি গুৰুত্ব দিয়াটো জীৱ শ্ৰেষ্ঠ হিচাপে আমাৰ প্ৰয়োজনীয় কাৰ্য,বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান বা আগ্ৰহী অৰ্থবান জনৰ তৰফৰ পৰাও চাউল,ডাইল, মিঠাতেল,নিমখ আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰি এই পৰিস্থিতিত ৰাইজক সহায় কৰিব লিগিব
9)মানসিক ৰোগী,প্ৰসুতি বা অন্যান্য জটিল ৰোগীসকলৰ স্বাস্থ্য বিঘ্নিত নোহোৱাকৈ চলাবই লাগিব
10)মাছ,মাংস,মদ কিম্বা অন্যান্য ৰাগিয়াল বস্তু ব্যৱহাৰৰ মাত্ৰা কমাই আনি লাহে লাহে তাৰ ব্যৱহাৰ এৰি দি নিৰামিষ হৈওঁ আমি জীয়াই থাকিবলৈ অভ্যাস কৰিব পাৰো
11)ছছিয়েল মিডিয়া,ভিডিও কনফাৰেঞ্চিঙ আদিৰেও ইলেকট্ৰনিক এন্টাৰটেইনমেন্টৰ ব্যৱস্থা কৰিব পাৰো
12)আধ্যাত্মিকতালৈ মনোযোগ আহিবলৈ দূৰদৰ্শনত এই বিষয়ক ছিৰিয়েল আদি সম্প্ৰচাৰ কৰিলে উপকাৰ পাব পাৰি
13)বহু ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত কৰ্মচাৰীৰ সংখ্যা কমাই অনাৰ ফলত দৰিদ্ৰতা বৃদ্ধিৰ আশংকা হব পাৰে
14)জনসাধাৰণৰ পৰা সাহাৰ্য নিধিলৈ বৰঙনি দি চৰকাৰক সহায় কৰিব পাৰো
15)অসাধু ব্যৱসায়ীয়ে প্ৰশাসনৰ চকুত ধুলি মাৰি দ্ৰব্যমূল্য বৃদ্ধি কৰি শোষনৰ জাল ৰচিব নোৱাৰিবৰ বাবে ৰাজ্যৰ যোগান বিভাগ সচেতন হবই লাগিব
16)আৰক্ষী আৰু স্বাস্থ্য কৰ্মীৰ কৰ্তব্যৰ পৰিসীমা বৃদ্ধি কৰি শান্তি শৃংখলা নিয়ন্ত্ৰনত কঠোৰ হব লাগিব
17)গনসংযোগ বৃদ্ধি কৰিব লাগিব
18)অযথা হৈ চৈ কৰি কোনো কাৰনতে ছছিয়েল মিডিয়া আদিত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ প্ৰশাসনে সঁকিয়াই থাকিব লাগিব,ব্যৱস্থা গ্ৰহন কৰিব লাগিব
19)ৰাজনৈতিক স্বাৰ্থতকৈ মানবীয় কাৰ্যৰ প্ৰতিহে বেছিকৈ গুৰুত্ব দিব লাগিব
20)গ্ৰন্থ অধ্যয়নৰ পৰিবেশ আনিব পাৰো
21)জীৱনৰ বহু ঘাট প্ৰতিঘাট বিষয়ত সহনীয় শক্তি বৃদ্ধি কৰাটোও দৰকাৰ,পাৰিবাৰিক শান্তি বৃদ্ধি হোৱাৰ পৰিৱেশ ৰচনা হব পাৰে
22)আৰক্ষী তথা স্বাস্থ্যবিভাগৰ তৃনমূল পৰ্যায়ৰ লোককো সন্মান জনাবই লাগিব
23)ইলেকট্ৰনিক ব্যৱসায়ো বিপদ কালৰ বন্ধু হব পাৰে
24)ৰাইজে প্ৰশাসনৰ লগত সহযোগিতা কৰিলেহে চৰকাৰৰ উদ্দেশ্য সফল হ'
25)মিডিয়াৰ পদক্ষেপ বৃদ্ধি কৰিব লাগিব
26)বিপদকালতো শিক্ষা ব্যৱস্থাটো চলাই ৰাখিবলৈ ছছিয়েল মিডিয়াৰ সহায় লব পাৰে শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে
27)স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ লগতে মানসিক শক্তি বৃদ্ধিৰ বাবে প্ৰাৰ্থনা আৰু যোগ অভ্যাসৰ প্ৰতি আকৰ্ষন বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে
28)বেংক,ডাকঘৰ,এল আই চি, বিদ্যুত যোগান,মিউনিচিপালিটি আদি সেৱাসমূহ চলাবই লাগিব
29)উপায়বিহীন অৱস্থাত ৰোগ প্ৰতিৰোধ শক্তি বাঢ়ে বুলি বিষয়টো গুৰুত্বহীন কৰিবও নালাগে
30)এনে পৰিস্থিতিত অপ্ৰত্যাশিত বুলি কোনো কথা নাই
31)স্বাভাৱিক অৱস্থাত আমি খোৱা খাদ্যৰ পৰিমান কমাই আনি নিম্নতম খাদ্যৰেও আমি জীয়াই থাকিব পাৰো এই জাতীয় ধাৰণাৰ জন্ম দিব লাগিব
32)চাই বুজি ঘৰ ভাড়াৰ মালিক সকলে ভাড়া কমাই লব পাৰে
33)প্ৰত্যেকেই নিজৰ 'ইমিউনিটি চিষ্টেম' বৃদ্ধিৰ প্ৰচেষ্টা লব লাগে

****