Type Here to Get Search Results !

বিগলিত কৰুণা জাহ্নৱী যমুনা'ত জীৱন আৰু মৃত্যুৰ সৌন্দৰ্য

-ধীৰেন শইকীয়া



  জনপ্ৰিয় ভ্ৰমন কাহিনীকাৰ শংকু মহাৰাজৰ(প্ৰকৃত নাম জ্যোতিময় ঘোষ দস্তিদাৰ)জনপ্ৰিয় ভ্ৰমন বিষয়ক গ্ৰন্থ 'বিগলিত কৰুণা জাহ্নৱী যমুনা'ৰ মনোমোহা বৰ্ণনা আজিও আমি পাহৰিব পৰা নাই।পচিশ বছৰমানৰ মূৰত অলপতে পুনৰ পঢ়িলো  'বিগলিত কৰুণা জাহ্নৱী যমুনা' নামৰ এই জনপ্ৰিয় ভ্ৰমন কাহিনীখনৰ খগেন্দ্ৰ নাথ দত্তবৰুৱাদেৱে একে নামেৰে কৰা অনুবাদ গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ কৰিছে সম্ভ্ৰান্ত পুথি প্ৰকাশক গোষ্ঠী 'লয়াৰ্ছ বুক ষ্টলে'। আৰম্ভনিতে অলপ বিৰক্তিদায়ক হলেও গ্ৰন্থখনৰ মাজভাগৰ পৰা পঢ়িলে এৰিব নোৱাৰা ধৰণৰ।অনুবাদ মনোগ্ৰাহী হোৱাৰ লগতে যাত্ৰাপথৰ শ্বাসৰুদ্ধ বৰ্ণনাই 'বিগলিত কৰুণা জাহ্নৱী যমুনা'ক পাঠকে নিজৰ পঢ়া গ্ৰন্থসমূহৰ মাজত যে সুকীয়া শাৰীত থবই লাগিব ই ধুৰূপ।ইফালে গ্ৰন্থখনৰ নামটোতো আছে আন এক কাব্যিকতা।সেইফালৰ পৰাও এইখন গ্ৰন্থ পাঠকৰ  পঢ়িবলৈ মন যাব।
ভাৰতৰ হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান যমুনোত্ৰী-গংগোত্ৰী তথা গোমুখীলৈ যোৱা লেখকৰ দুৰ্গম ভ্ৰমন কাহিনীটোৱেই গ্ৰন্থখনৰ মূল বিষয়বস্তু।উত্তৰকাশীৰ পৰা প্ৰায় ত্ৰিশ কিঃমিঃ দূৰৈৰ উত্তৰাখণ্ডৰ গাঢ়োৱাল ডিভিজনৰ অন্তৰ্গত যমুনোত্ৰী সমুদ্ৰপৃষ্ঠৰ পৰা 10,804 ফুট উচ্চতাত অৱস্থিত।ঋষিকেশৰ পৰা 110 কিঃমিঃ দূৰৈত উত্তৰাখণ্ড ৰাজ্যৰ উত্তৰকাশী জিলাত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ ঠাইখনৰ পৰাই ইতিহাসপ্ৰসিদ্ধ যমুনা নদী প্ৰবাহিত হৈছে।একেদৰে গংগোত্ৰী হ'ল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰেই ভাগিৰথীৰ পাৰৰ অান এখন তীৰ্থনগৰী।ইয়াৰ পৰা 18 কিঃমিঃ দূৰৈত অৱস্থিত গোমুখী হ'ল গংগোত্ৰী হিমবাহৰ উৎসস্থলী।ইয়াৰ পৰাই ভাগিৰথী গংগা বৈ আহিছে। সমুদ্ৰ পৃষ্ঠৰ 13,200 ফুট উচ্চতাত অৱস্থিত  এই ৰহস্যময় তথা প্ৰকৃতিসুন্দৰী ঠাইখন প্ৰতিবছৰে অগনন ভক্তই ভ্ৰমন কৰে, শংকু মহাৰাজৰ 'বিগলিত কৰুণা জাহ্নৱী যমুনা' নামৰ এই জনপ্ৰিয় ভ্ৰমন কাহিনীখনৰ লেখকেও এই হিমশীতল,দুৰ্গম স্থানলৈ কৰা যাত্ৰাপথৰ শিহৰণকাৰী মুহূৰ্তবোৰকে পাঠকৰ আগত ডাঙি ধৰিছে। উল্লেখ্য যে যাত্ৰাৰ যি কাহিনীৰে আৰম্ভ,যাত্ৰীক লৈয়ে সেই কাহিনীৰো হয় কৰুণ পৰিনতি।এই দুৰ্গম যাত্ৰাপথৰ ওপৰত সম্ভৱতঃ এইখনেই শীৰ্ষতম জনপ্ৰিয় গ্ৰন্থ।
আৰ্যাৱৰ্তৰ প্ৰানধাৰা গংগাৰ উৎস বিনন্দীয়া গোমুখীলৈ মানুহে অনাদিকালৰে পৰা আজিলৈ পুন্য সঞ্চয়ৰ বাবে গৈ আছে।পিছে বৰফে ঢকা পথ প্ৰতি খোজে খোজে যেন মৃত্যুৱে আচল পাতি আছে এনেহে লাগে।হাঁড় কপোৱা শীত,হিমবাহৰ খহনীয়া ভৰা এই পথত কিদৰে সুমন নামৰ যাত্ৰীজন বৰফৰ গহ্বৰত সোমাই জীৱন্তে হেৰুৱাব লগা হৈছিল তাৰ শিহৰণকাৰী দৃশ্যই প্ৰতিগৰাকী পাঠককে শিহৰিত কৰি ৰাখিব বুলি আমি ভাবো।গংগোত্ৰীৰ পৰাই লাঠিৰে ঠুকি ঠুকি ওঠৰ কিঃমিঃ এই দুৰ্গম পথছোৱা খোজকাঢ়ি চাৰিওফালে তুষাৰবৃত শংগৰ মাজেদি অকোৱা পকোৱা পথেদি বহু হিমবাহ নিঃসৃত জলধাৰা পাৰ হৈ মুৰুলীধৰ নামৰ গাইডজনৰ সহায়ত আৰু স্বামীজী নামৰ বাবাজী এজনৰ সহযোগত গংগোত্ৰীৰ পৰা এই বিপদসংকুল পথেৰে খোজকাঢ়িয়েই অপৰূপ সৌন্দৰ্যৰ আঁকৰ গোমুখী পাইছিলগৈ।আনকি তাৰ পৰা উভতনি সময়ছোৱাতো হাঁড় কপোৱা বতাহ তথা বৰফৰ ঘনত্ব বাঢ়িয়ে আছিল।অন্তহীন বগাৰ মাজত ভগ্নদূতৰ দৰে থিয় হৈ আছিল শ্লেট পাহাৰ।এই বগাৰ অন্তহীন সীমাৰেখা কেতিয়াবা আছিল ভয়ংকৰী,কেতিয়াবা আছিল সৌন্দৰ্যময়ী।ঠেক এজন মানুহহে যাবপৰা ৰাস্তাটোতেই আছে গভীৰ গাত আৰু খণ্ড বিখণ্ড শিল, বালিৰ দম।তাৰ মাজে খুপি খুপি মৃত্যুক হাতৰ মুঠিত লৈ আগবাঢ়ি যাব লাগে যাত্ৰীসকল।বহু সময়ত বৰফ পৰি পথৰ মাজৰ গাতবোৰ সমান হৈ থাকে,অসাৱধানবশতঃ বা তাক চিনিব নোৱাৰি তাত ভৰি দিলেই চিধাই মৃত্যুগহ্বৰতহে ভৰি দিয়া যেন হয় যাত্ৰীৰ,অৰ্থাৎ চিধাই অটল সমাধি।যাত্ৰীসকলৰ বহু সময়ত আঠুলৈকে একোবাৰ বৰফে পোট খাই থাকে,তথাপি জোৰেৰে ভৰিখন জাৰি জোকাৰি বৰফমুক্ত কৰি জীৱটো হাতত লৈ গোমুখীলৈ আগবাঢ়ে।বহুতৰে ঠাণ্ডাত হাত ভৰি জঠৰ হয়,বিভিন্ন আঘাটত জৰ্জৰিত হৈ খোৰাই খোৰাই হলেও মনৰ উৎসাহত আগবাঢ়িব লগা হয়। সেয়েহে গ্ৰন্থখনৰ আৰম্ভনিতে লেখকে প্ৰকাশ কৰিছেঃ"গোমুখীলৈ গ'লে মানুহ উভতি নাহে।.....আনকি ধাৰাছুৰ বাটতেইটো লাগি আছে দুৰ্ঘটনা লাগি আছে,এইকেইদিনমান আগতে পাহাৰ খহি পৰি যাত্ৰী বোজাই বাছ এখন চুৰমাৰ হৈ গৈছিল।" পিছমুহূৰ্ততে আকৌ লেখকে কৈছেঃপ্ৰকৃতিৰ ঐশ্বৰ্য আহৰণ কৰিবলৈ হলে প্ৰকৃতিক মূল্য দিবই লাগিব।"
মুঠতে  'বিগলিত কৰুণা জাহ্নৱী যমুনা'ৰ মনোমোহা বৰ্ণনা পঢ়ি আপুনি মুগ্ধ হবই ইয়াক ন দি কব পাৰো।