Type Here to Get Search Results !

ভোক

চাওচিং ৰাজকুমাৰী 


    ৰাতিপুৱা চাহকন খায়েই মানুহজনে বৰঘৰৰ পৰা আগচোতাললৈ তাঁতবাতি কৰি আছে। চোতালত থিয় হৈ বাৰে বাৰে আকাশলৈ চাইছে। আজি বতৰটো অলপ দাঙিছে। চোতালৰ পৰাই পত্নী মালতীক ৰিঙিয়ালে "হেৰা ভাতকেইটা অলপ খৰধৰকৈ ৰান্ধা মই গাটো তিয়াই আহোঁ।" 

     গৰমে গৰমে ফঁুৱাই ফুঁৱাই ভাতকেইটা খাইয়ে পুৰণি মোনাটোতে দা খন,কৰতখন আৰু কটাৰি এখন ভৰালে। আজি এসপ্তাহ  কামলৈ যোৱা নাই। দিনহাজিৰা কৰা মানুহ। এদিন কামলৈ নোযোৱাৰ বেদনা বুজাইহে বুজিব। এসপ্তাহৰ আগত মানুহ এঘৰত জেওৰা ভেটাৰ কাম হাতত লৈছিল।খুটি আৰু কামি পৰ্যন্ত বনাই থোৱা আছে। বৰষুণৰ বতৰত বাঁহৰ কাম কৰিলে চোঁচে বৰকৈ কাটে। তথাপিও উপায় নাই পেটৰ ভোকে সেইবোৰ নুবুজে। দুটাকৈ ল'ৰা ছোৱালী। এজনী কলেজত আৰু এটা হাইস্কুলত পঢ়ি আছে।ছোৱালীজনীৰ পৰীক্ষা হৈ আছে। নাই বুলিও হাতত পঞ্চাশ টকা এটা গুজি দিব লাগে। কলেজখন বেছিদূৰ নহয় যদিও আজিকালি গাড়ী মটৰত উঠিলেই দহ টকা এটা দিব লাগেই।ল'ৰাটোকো বহী কলম যোগাৰ দিব লাগে। মুঠতে সংসাৰৰ জোৰা টাপলি মৰাৰ কথা ভাবোতে ভাবোতে মানুহজন কেতিয়াবা শুকাই যায়। পত্নী মালতীয়ে উপায় বিহীন হৈ ঘৰুৱা সাজ অকন বিক্ৰী কৰে। দেখিবলৈ শুনিবলৈ বেয়া। তথাপি পেটৰ ভোকে সেইবোৰ নুবুজে।

    কথাবোৰ ভাবি ভাবি মানুহজন কামকৰা মানুহঘৰ পালেগৈ। গিৰিহঁত জনে ভিতৰৰ পৰাই মাত লগালে।"মাষ্টৰ আহিলা নি হে।"আহিলো অ' বুলি কৈ মানুহজনে এটা দীঘল হুমুনিয়াহ এৰিলে। এৰা তেওঁক এতিয়াও মানুহবিলাকে সেই উপাধিৰে মাতিবলৈ এৰা নাই। গিৰিহঁতজন মানুহজনৰ কাণসমনীয়া। ল'ৰালিৰ পৰাই একেলগে ডাঙৰ হোৱা।শিক্ষকৰ চাকৰিটো পোৱাৰ বাবে সকলোৱে মাষ্টৰ বুলি মাতিছিল।শিক্ষকেইটো আছিল তেওঁ চাৰি পাঁচবছৰৰ আগত। বছৰ বছৰ ধৰি দৰমহা নাপায় চৰকাৰৰ পৰা অবৈধ ঘোষণা হৈ আজি হাজিৰা কৰিবলৈ হাতত দা তুলি লৈছে। চৰকাৰলৈ বাট চাই চাই আমনি লাগিল। কিমান আন্দোলন কৰিলে ,  আদালতৰ ন্যায় বিচাৰিও কিমান টকা খৰচ কৰিলে হিচাপ নাই। লগৰ দুই চাৰিজনে মুঠকৈ বহু টকাই পালে। তেওঁলোকৰহে একো নহ'ল। চাকৰিটো থাকোতেই পকীকৈ ঘৰটো বন্ধাম বুলি তৰি লৈছিল। সেয়াও সম্পূর্ণ নহ'ল। এতিয়া পত্নী মালতীয়ে বন্ধন গোটৰ ঋণ লৈ ঘৰটো যেনেতেনে সোমাব পৰা কৰিলে। 

      তামোল এখন খাইয়ে কামত ধৰো বুলি উঠিছিলহে মাত্ৰ তেনেতে আকৌ গুজৰি গুমৰি বৰষুণ জাক আহিল। মানুহজন বহাৰ ঠাইতে আকৌ বহি পৰিল। আজিও যদি বতৰ বেয়া হয় কি হ'ব! ইফালে ক'তো পাবলৈ থকা টকাও নাই। আজি এসপ্তাহে কেৱল ভাত আৰু বইল আলুৰ বাহিৰে আন একো নাই খাবলৈ। চাউলো আজিৰ সাঁজলৈ হ'ব। কেনেকৈ চলিব এইকেইদিন! মূৰে কপালে হাত দি মানুহজন বহি আছে। এপাকত ঘৰলৈকে যাওঁগৈ বুলি বহাৰ পৰা উঠি চোতালত খোজ থলে। তেনেতে পিছফালৰ পৰা গিৰিহঁত জনে মাত লগালে।"হেৰা মাষ্টৰ ৰ'বাহে এইটো লৈ যোৱা।" মানুহজনে ঘূৰি চাই দেখিলে তেওঁৰ হাতত এটা পাঁচশ টকীয়া নোট। চকুকেইটা বহলকৈ মেলি 'পাবলৈতো নাই ' এনে দৃষ্টিয়ে নোট খনলৈ চাই পঠালে।
মিচিকিয়া হাঁহি এটা মাৰি গিৰিহঁত জনে কবলৈ ধৰিলে,"আচলতে কি জানা মাষ্টৰ সিদিনা তুমি সোনমানুক শিকাই দিয়া অংকৰ প্ৰজেক্টত প্ৰথম পুৰস্কাৰ পালে। সেয়ে ভাবিলো তুমি মাজে মাজে সোনমানুক অংক শিকাই দিবা। এয়া আগধন দিছোঁ।" পইচাটো লবলৈ লৈ মানুহজনৰ হাতখন কঁপি উঠিল। দুচকুৰ পানীয়ে বাটভেটি ধৰিলে। এৰা তেওঁ যে গণিতৰ এজন ভাল শিক্ষক আছিল পাহৰিয়ে গৈছিল। জেওৰাৰ কেনা আৰু সংসাৰৰ কেনা ভাঙোতে ভাঙোতে তেওঁ নিজৰ পৰিচয়টোও পাহৰি গৈছিল। মনতে ভাবিলে গধূলি গধূলি যদি দুই চাৰিটা ল'ৰা টিউচন লয় তেতিয়াও দুটকা উলাব। মানুহজনে ৰংমনে ঘৰলৈ খোজ দিলে। ওন্দোলাই অনা বতাহ ধুমুহাইও তেওঁক এতিয়া টলাব নোৱাৰে। এইবাৰ আৰু ভোকে আমনি কৰিবলৈ সুবিধা নাপাব।(সমাপ্ত