জুমনি কলিতা
বাট একেটিয়েই ।
আগুৱাইছিলোও একেলগে লক্ষ্যহে হয়তো বেলেগ |
হেঁপাহ আছিল আকাশ চোৱাৰ |
দুভৰিত গুজিলৈ পাখি উৰিছিলোঁ দিঠকৰ সপোনত |
একেটিয়েই বাট..
মাজতেহে বাটে
পোখা মেলিলে বেলেগ হ'ল ঘাট ।
জোলোঙাত ভৰালোঁ এটি দুটি সুখৰ
(নে দুখৰ ?) মোহৰ ।
প্ৰতিযোগিতাৰ দৌৰত
সময়ৰ নাটনি হিচাব ৰখাৰ |
নিজান আবেলিটোত জুমি চালো জোলোঙাবোৰ...
কোনোৱে পালে বাসন্তি সুখ কোনোয়ে পালে এটি মলঙা মোহৰ