Type Here to Get Search Results !

আপদ কালৰ ব্ৰহ্মাষ্ট্ৰঃঅনলাইন শিক্ষাব্যৱস্থা


সদানন্দ শইকীয়া
খান্দাজান,দৰং



শিক্ষা অবিহনে কোনো মানুহেই পূৰ্ণাঙ্গ ৰূপত স্বয়ংসম্পূৰ্ণ হ’ব নোৱাৰে ৷ এখন সুন্দৰ সমাজ গঢ়াত শিক্ষাৰ গুৰুত্ব সবাতোকৈ ওপৰত ৷ দেশৰ ভবিষ্যত দেখা যায় শিক্ষাত ৷ শিক্ষা বুলিলে অকল গতানুগতিক বিধৰ আনুষ্ঠানিক শিক্ষাকেই নুবুজাই ৷ শিক্ষাৰ মুল কাৰণ হ’ল এজন ব্যক্তিৰ ক্ৰিয়া কাৰ্যকলাপ , আচৰণবোৰ আশানুৰূপ ভাবে আৰু সমাজৰ গ্ৰহণযোগ্য ভাৱে গঢ় দি তোলা ৷ কৰোণাৰ লকডাউনৰ বাবে শিক্ষাবিভাগো প্ৰভাৱিত হৈছে,23 মাৰ্চৰ পৰা দেশৰ বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় বন্ধ হৈ থকাত শিক্ষাক্ষেত্ৰ সাংঘাটিক ধৰণে বাধাগ্ৰস্ত হৈছে৷ বিশ্বত ক’ৰোনাৰ দৰে মহামাৰীয়ে গ্ৰাস কৰি তোলাত জীয়াই থকাৰ বাবে প্ৰত্যাহ্বান আহি পৰিছে ৷  এই লকডাউনৰ দীঘলীয়া সময়চোৱাত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে দেশৰ শিক্ষা ব্যৱস্থা৷ যি সময়ত এডৰা খেতি লহপহকৈ বাঢ়ি আহে সেই সময়চোৱাতে যদি সাৰ পানী একো নাপায় তেতিয়া সি পুলিতেই মৰহি যাব ৷ ঠিক তেনেকৈ উঠি অহা ছাত্ৰ ছাত্ৰীবোৰৰ শিক্ষাৰ ব্যৱস্থা তেনেকুৱা হৈছে ৷ প্ৰথম পৰ্যায়ৰ পৰা গৈ এতিয়া তৃতীয় পৰ্যায় পাইছেগৈ৷ লকডাউনৰ এই সময়চোৱাত চৰকাৰী, বেচৰকাৰী সকলো বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষা যাতে স্তব্ধ হৈ নাযায় তাৰপ্ৰতি লক্ষ ৰাখি অনলাইন শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে ৷
এই লকডাউনৰ সময়চোৱাত ঘৰতে সুৰক্ষিত থাকি বিভিন্ন মাধ্যমৰে শিক্ষা গ্ৰহণ কৰিব পাৰি বাবে দেশৰ বহুকেইখন ৰাজ্যই এই কাম কৰি আহিছে৷ ইলেক্ট্ৰনিক মিডিয়া, চচিয়েল মিডিয়া, গুগুল, হোৱাতএপচ, বাতৰিকাকত আদিৰ জৰিয়তেও এনেদৰে বিদ্যালয়ৰ পাঠএকোটাৰে শিক্ষা গ্ৰহণ কৰিব পাৰি ৷ আগতে চচিয়েল মিডিয়াত এনে শিক্ষাৰ বিষযে বহুল ভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ এতিয়া প্ৰায়বোৰ সচেতন শিক্ষাপ্ৰতিষ্ঠানে চচিয়েল মিডিয়াত গ্ৰুপ বনাই লৈ বিভিন্ন বিষয়ক লৈ পাঠ আগবঢ়াই মহানুভৱী কাম কৰি থকা দেখা যায় ৷ শিক্ষাপ্ৰতিষ্ঠান এখনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মোবাইল ফোন নম্বৰ সংযোজন কৰি একোটা গ্ৰুপ বনাই পাঠ আগবঢ়ালে গৃহতে থাকি পাঠগ্ৰহন সম্ভৱপৰ হয়৷ অৱশ্যে ইয়াৰ বাবে এনড্ৰইড ফোন আৰু এটা ৰিচাৰ্জ কাৰ্ড ভৰাব লাগিব৷ এনে কৌশল অৱলম্বন কৰিলে লকডাউন হলেও ঘৰতে থাকি পাঠ আগবঢ়োৱা আৰু গ্ৰহনত অসুবিধা নাথাকে,পিছেঅসমৰ দৰে বিদ্যুত যোগান আৰু মোবাইল টাৱাৰৰ অসুবিধা থকা ঠাইবোৰত আৰু ধনৰ অভাৱত এনড্ৰইড ফোন নথকাসকলে এই সুবিধা ভোগ কৰিব নোৱাৰিব ৷ এনে সুবিধা  শিক্ষাপ্ৰতিষ্ঠানখনৰ প্ৰতিটো শ্ৰেণীৰ নামতে প্ৰদান কৰিব পাৰি ৷ লগতে,আমাৰ প্ৰায়বোৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমেও যদি বচা বচা শিক্ষকক ষ্টুডিঅ'লৈ মাতি আনি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰায় তেতিয়াও অন্তত ল’ৰাছোৱালীবোৰ উপকৃত হ'লহেতেন ৷বহুতে এনে কাম কৰিও আছে ৷ ইয়াৰোপৰি, মোবাইল ফোনৰ যোগেদি এনে এপচ,ব্লগ আদি ডিজাইন কৰি বহু বিষয় শিক্ষকে নিজেও নিজৰ বিষয়টোৰ পাঠদান কৰিব পাৰে নাইবা ভিডিঅ কনফাৰেন্সৰ দ্বাৰাও এনে শিক্ষাকাৰ্য সম্পাদন কৰিব পাৰে ৷
অৱশ্যে,মানৱীয় প্ৰমূল্যবোধ, সামাজিক কুসংস্কাৰ , ৰীতিনীতি , আচাৰ ব্যৱহাৰ আদিৰ শিক্ষাৰ অবহনে কেৱল অনলাইন, ইমেইল আদিৰ শিক্ষাই নম্বৰ লাভ কৰাতহে অৰিহণা প্ৰদান কৰিব বুলিও অভিযোগ আছে ৷ অৱশ্য, অনলাইন পদ্ধতি শ্ৰেণীকোঠাৰ পাঠদানত গুৰু শিষ্যৰ প্ৰত্যক্ষ সান্নিধ্যতকৈ কম উপকাৰত অহা বুলি সমালোচিতও হৈছে,তথাপিও আপদকালৰ ই এক ব্ৰহ্মাস্ট্ৰ বুলিছে শিক্ষাবিদসকলেও ৷ সেয়ে কৈছো, এনে কালান্তক সময়ত অনলাইন, ইমেইল, চ’চিয়েল মিডিয়া, হোৱাতএপচ গ্ৰুপ, ইলেক্ট্ৰনিক মিডিয়া, বাতৰিকাকত আদিৰ দ্বাৰা বৰ্তমান সময়ত শিক্ষা লাভ কৰাৰ বাহিৰে আন উপায়ো নাই ৷ এনে কৰিলে ছাত্ৰ ছাত্ৰীসকলেও শিক্ষানুষ্ঠানৰ বাধ্যবাবাধকতাৰ বিপৰীতে অলসতা আৰু কিশোৰ অৱস্থবোৰ স্বাভাৱিক চঞ্চলতাৰ বশৱৰ্তী হৈ কোনেও বেয়া কাৰ্যত লিপ্ত হ’বলৈও সুবিধা নাপায় ৷ তেতিয়া সামাজিক দুৰত্ব বজাই ৰখাৰ যি মহা সংকল্প সেয়াও পালিত হব৷ গতিকে বৰ্তমান লকডাউনৰ সময়চোৱাৰ উপৰিও আগলৈও এনে শিক্ষা প্ৰৱৰ্তনে দেশৰ নতুন প্ৰজন্মক সঠিক পথে আগবঢ়াত সহায়ক হ’ব ৷