Type Here to Get Search Results !

এখন উপন্যাসৰ মাজেদি ৰহস্যময় হিমালয়

-ধীৰেন শইকীয়া,নুনমাটি,গুৱাহাটী
দূৰভাষ: 9101911294


     অলপতে পঢ়িলো হেমচন্দ্ৰ শৰ্মাদেৱৰ ভ্ৰমন বিষয়ক এখন উপন্যাস 'ৰহস্যাবৃত হিমালয়ৰ অশ্ৰুত কাহিনী'।'পূৰ্বাঞ্চল প্ৰকাশে' প্ৰকাশ কৰা উপন্যাসখনৰ পাতে পাতে আছে ৰহস্যময় হিমালয় বিষয়ত পূৰ্বতে পাঠকে নজনা বহু তথ্যও। সচাকৈয়ে পাঁচ হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ সৈতে হিমালয়ৰ সম্পৰ্ক,সেয়া ৰামায়ন মহাভাৰতৰ কথাই হওঁক বা পুৰাণ, বেদ, উপনিষদ বা ভাগৱতৰ কথাই হওঁক। পুৰণি কালৰে পৰা বহু লেখকেই নিজৰ নিজৰ দৃষ্টিকোনেৰে হিমালয়ৰ অপাৰ সৌন্দৰ্যৰ পৰা অন্যান্য তাত্বিক কথাবোৰ তেওঁলোকৰ বিভিন্ন বিষয়ৰ গ্ৰন্থৰ মাজেৰে বৰ্ণনা কৰি আহিছে।বিশিষ্ট ভূ-বিজ্ঞানী হেমচন্দ্ৰ শৰ্মাই গঙ্গোত্ৰীৰ ওপৰৰ তপোবনৰ এখন আশ্ৰমত এৰাতি কটাই তাত থকা অঘৰীবাবা নামৰ সাধক সন্নাসী এজনৰ  আশীষ লৈ (পচিশ আগষ্টত যেনে তেনে ডেৰাডুন পাবই লাগিব বোলা কথাষাৰৰ পম খেদি)উত্তৰ কাশীৰ পৰা ডেৰাদুনলৈ উভতি আহোতে বাটত পোৱা কিছুমান অলৌকিক ৰহস্যময় ঘটনা আৰু  চুবেদাৰ দশানন ৰায়ৰ পৰিয়ালটোৰ দুখবহ কাহিনীৰ লগতে দুগৰাকী গৱেষক বিজ্ঞানী জ'ন আৰু জৰ্জিয়াৰ হত্যাকাণ্ড,গাড়ীচালক হৰি সিং-ঘনশ্যামৰ এই পথত যাতায়ত কৰোতে পোৱা বাস্তৱিক অভিজ্ঞতা,এডিচনেল ডাইৰেক্টৰ ত্ৰিবেদী চাহাব আদিৰ লগতে হিমালয়ৰ অনুপম সৌন্দৰ্যৰ আঁকৰ দ্ৰৌপদী সৰোবৰ তথা পৰীক্ষিত উপত্যকা আদিৰ বিবিধ বিষয়ো সুন্দৰভাৱে বৰ্ণনা কৰিছে।ইয়াৰোপৰি উপন্যাসখনত হিমালয়ত থাকি কামনা বাসনা জলাঞ্জলি দি বহু ঐশ্বৰিক গুনসম্পন্ন ত্ৰিকালদৰ্শী সাধকৰ কথাও বৰ্ণনা কৰিছে। অঘৰী বাবা,শৈল বাবাৰ দৰে সাধকে কিদৰে কোনো ব্যক্তিৰ বৰ্তমান তথা ভৱিষ্যত নিৰ্ভুলভাৱে কৈ দিব পাৰে তাৰ উদাহৰণ দিয়াৰ সমান্তৰালভাৱে বিপদৰ সময়ত কিদৰে বাটত খৰস্ৰোতা এটি নিজৰাৰ ওপৰৰ  শিল,বালি আৰু ক'লটাৰৰ সংমিশ্ৰনত কোনো আভিযান্ত্ৰিক সূত্ৰই ঢুকি নোপোৱা আচৰিত ধৰণৰ  সাঁকোদাল চিঙি পৰাৰ সময়ত   অদৃশ্যমান গুৰুজীয়ে লেখকক সহায় কৰিছিল সেয়াও উপন্যাসখনত চমকপদভাৱে বৰ্ণনা কৰিছে।
উপন্যাসখনত হিমালয়ত দেখা জিওমেগনেটিক এনামেলি,অডিইলুশ্বন,হেলিচুলেচন আদিৰ কথা উল্লেখ কৰি সাৱলীলভাৱে তাৰ প্ৰকাশ কৰাত উপন্যাসখন পঢ়ুৱৈৰ বাবে ৰসময় হৈ পৰিছে। পৰ্বতৰ মাজৰ এৰাপৰলীয়া,পৰিত্যক্ত ঘৰ এটাই পৰিয়াল এটালৈ মাতি অনা মৃত্যু বিভীষিকাৰ মাজতে অত্যন্ত সাহসী লেখকৰ উপস্থিতিয়ে কিদৰে এই আপেল বাগানৰ মাজৰ অভিশপ্ত ঘৰটোলৈ উৎসাহ উদ্যমৰ লগত সৌভাগ্যও কঢ়িয়াই আনিলে তাকো সুন্দৰভাৱে বৰ্ণনা কৰিছে। লগতে, হিমালয়ৰ উদ্ভিদ এবিধৰ দ্বাৰা মানৱ সমাজৰ দুৰাৰোগ্য ৰোগৰ গৱেষনাত ব্যস্ত জাৰ্মানীৰ গৱেষক জ'ন এন্ড্ৰিজ আৰু তেওঁৰ লগত 'লিভ ইন' কৰা জৰ্জিয়াই  হিমালয়ৰ জনগোষ্ঠীসমূহৰ লগত উত্তৰ পূবৰ জনগোষ্ঠীসমূহৰ ঐতিহাসিক সম্পৰ্ক বিষয়ত কৰা গৱেষনাৰ বাবে উত্তৰকাশীৰ এই অভিশপ্ত ঘৰটোত থাকি গৱেষনাৰ কাম আগবঢ়োৱাৰ সময়তে কিদৰে মৃত্যুক আঁকোৱালি লৈছিল তাৰ কথাও বৰ্ননা কৰিছে উপন্যাসখনত। প্ৰতিটো ঋতুৰেই সুন্দৰ প্ৰাকৃতিক বৰ্ণনা দি,ৰহস্যৰে আঁৱৰা গিৰিৰাজ হিমালয়ৰ বহুকথা ব্যক্ত কৰি শৰ্মাদেৱে পাঠকক সুন্দৰভাৱে আমোদ দিছে।কিদৰে লেখকে এটা দিন বিভিন্ন কাম কৰি কটায়ো অৱশেষত সেইদিনটো চকুৰ আগৰ পৰা নোহোৱা হোৱাটোও অস্বাভাৱিক নহয়,ই হেনো টাইম শ্লিপ বা টাইম গেলপিঙৰ বাবে সম্ভৱপৰ তাৰ কথাও সৰলভাৱে লিখিছে। লগতে লেখকে  হিমালয়ৰ গছ লতিকাত বহু যাদুকৰী গুনাগুন থকাৰ কথাও প্ৰকাশ কৰি কৈছেঃ পঞ্চপাণ্ডৱে এইখন ৰহস্যময় হিমালয়ৰ মাজেদিয়েই স্বৰ্গলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰো আছে বহুকেইটা কাৰণ।মুঠতে পাঠকে এইখন উপন্যাস পঢ়াৰ পিছত হিমালয়ৰ প্ৰতি পদেপদে যে বহু ৰহস্য আছে এই কথা উপলব্ধি কৰিব পাৰিব। অস্বাভাৱিক গঠনপ্ৰনালীৰ হিমালয় দুখন প্লেটৰ সংঘৰ্ষৰ ফলশ্ৰুতিত জন্ম হোৱা বুলি ব্যক্ত কৰি কৈছেঃ এই ৰহস্যময় হিমালয়ত তীক্ষ্ণ জিয়মেগনেটিক এন'মিলি কিয় পোৱা যায় এয়া আজিও গৱেষনাৰ বিষয়। অকল জিওমেগনেটিকেই নহয়, গ্ৰেৱিতি আৰু ইলেকট্ৰিকেলো। ইমান অত্যাধুনিক ভূবিজ্ঞানৰ সৰঞ্জামবোৰেও যে এই অঞ্চলটিত ভুল সংকেত দিয়ে সেয়াও লিখিছে ইয়াত।উপন্যাসখনৰ শেষৰফালে 1892 চনত জিওলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ দুগৰাকী জিওলজিষ্ট বিহাৰৰ উত্তৰফালে হেৰাই গৈ কিদৰে 1942 চনত সুদীৰ্ঘ পঞ্চাশ বছৰৰ পিছত সোঁশৰীৰে কলিকতাৰ হেড অফিছত ৰিপ'ৰ্ট কৰিছিল তাৰ কথাও উল্লেখ কৰি পাঠকক আন এটা তথ্য আগবঢ়াইছে।মুঠতে ভূতাত্বিকভাৱে অসন্তোলিত হৈ থকা হিমালয় বিষয়ত অতীজৰে পৰা বহু লেখক তথা বিজ্ঞানীয়ে বিবিধ ধৰণেৰে ব্যক্ত কৰি থকাৰ সময়ত এইখন অগতানুগতিক উপন্যাসে দিব পাঠকক এইবিষয়ে নতুন ৰস,নতুন চিন্তা আৰু জনাব বহু নজনা বিষয়।উপন্যাসখনত লেখক হেমচন্দ্ৰ শৰ্মাৰ প্ৰকাশভংগী সৰল,সাহিত্যিক গুনগ্ৰাহিতাও প্ৰশংসনীয়।লেখকৰ পৰা আৰু অধিক এনে সৃষ্টিৰাজিৰ কামনা কৰিছো।