Type Here to Get Search Results !

এজন বন্ধুৰ আধৰুৱা প্ৰেমৰ দিনলিপি

হিতেশ নাথ,গৰুখুটি(দৰং)


হৃদয় চূড়া বগাব আহি
ভালপোৱাৰ  অকোঁ‌ৱা - পকোৱা ৰছীত
ওভতাই দিব নোৱাৰাকৈ
ওলোমাই থৈ গ'লা
তোমাৰ কলিজাটি ।
সৰি পৰাৰ ভয়ত
সাৱতি থাকোঁ‌তেই
ছিগো ছিগো হ'ল
মৰম ৰঙেৰে অঁ‌কা
হৃদয় বেতুপাতৰ পৃষ্ঠা ।
জনপ্ৰিয়তাৰ বজাৰ খনত
তুমি হেঁ‌নো এতিয়া চৰ্চিত নায়িকা
বহুতৰ বাবে তুমি এতিয়া
স্বপ্নালী সন্ধ্যাৰ মায়াৱী ছাঁ‌ ।
জানিব পাৰিছোঁ‌
নামী-দামী মেলাত
তোমাৰ নামতে উদযাপিত হয়
মোৰ চহৰৰ প্ৰতিটো উজাগৰি নিশা
ৰঙীন পোহৰত অচিনাকি হয়
এৰি অহা সময়ৰ চিনাকি ঠিকনা
তথাপিও হৃদয়ে সাজিব নোখোজে
প্ৰেমৰ সমাধি .