Type Here to Get Search Results !

পুথি আলোচনা/ *অঙ্কুৰণ*

বুবুল কিশোৰ বৰুৱা
ৰামহৰি, মঙ্গলদৈ, দৰং ।

অৱসৰপ্ৰাপ্ত অধ্যক্ষা, কৃতী শিক্ষয়িত্ৰী তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ সংস্কৃতি, ইতিহাস আৰু জীৱন সম্পৰ্কীয় কেইবাখনো গ্ৰন্থৰ প্ৰণেতা শ্ৰীললিতা দেৱী দৰং জিলাৰ এক আগশাৰীৰ লেখিকা। অসমৰ কেইবাখনো জিলাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলৰ সুপ্ত সাহিত্যিক প্ৰতিভা বিকশিত কৰি তোলাৰ মানসিকতাৰে নিজৰ গাঁথিৰ ধন ভাঙি সম্পাদনা কৰি উলিওৱা তেখেতৰ শেহতীয়া নৱতম সংযোজন হ'ল: অংকুৰণ। এক ভিন্ন ৰঙী, সৰ্বাংগ সুন্দৰ এই শিশু আলোচনী খন শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ অন্যতম উল্লেখ্যযোগ্য পূৱ মঙলদৈ শাখা সাহিত্য সভাই চলিত ২০২০ বৰ্ষৰ জানুৱাৰী মাহত প্ৰথম বছৰ প্ৰথম সংখ্যা প্ৰকাশ কৰি উলিয়াইছে। অসমৰ আগশাৰীৰ প্ৰতিষ্ঠিত সংবাদ পত্ৰ অসমীয়া প্ৰতিদিন কাকতৰ মঙলদৈৰ সন্মানীয় জেষ্ঠ সাংবাদিক গণেশ দত্ত ডাঙৰীয়াই উন্মোচন কৰা গ্ৰন্থ খনিৰ বিক্ৰী মূল্য মাত্ৰ পঞ্চাশ টকা। বীজ অংকুৰিত হোৱাৰ সুন্দৰ চিত্ৰলেখাৰে বেটুপাত সজাইছে লেখিকাৰ জেষ্ঠ পুত্ৰ ড' অৰূপ জ্যোতি দেৱ শৰ্মাই। তেখেতৰ গ্ৰন্থ খনৰ সম্পাদনা সমিতিত উপদেষ্টা হিচাপে আছে সন্মানীয় সাহিত্যিক পেঞ্চনাৰ শ্ৰীলক্ষী নাৰায়ন কোঁৱৰ, শ্ৰীপ্ৰেমধৰ দেৱ শৰ্মা, শ্ৰীদীনেশ্বৰ চহৰীয়া আৰু শ্ৰীসুভদ্ৰা কোঁৱৰ। কণ কণ শিশুসকলৰ মৌলিক চিন্তা, আবেগ- অনুভূতি, শিশু মনৰ বৌদ্ধিক চিন্তাৰ প্ৰতিফলিত ৰূপত কবিতা, গল্প, প্ৰবন্ধ, অনুভৱ আৰু বিভিন্ন তথ্য সমৃদ্ধ লিখনীৰে ইংৰাজী আৰু অসমীয়া দুটা ভাগত ভগোৱা হৈছে। প্ৰতিটো লিখনীতে থকা সুন্দৰ, সাৱলীল শব্দৰ প্ৰয়োগ, সুন্দৰ বাক্যগাঁথনি আৰু প্ৰতীক ধৰ্মী স্কেছবোৰে গ্ৰন্থখনিক এক অন্যান্য মাত্ৰা প্ৰদান কৰিছে। এইগ্ৰন্হ খনিৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰী সকলৰ মন মগজুত জ্ঞানৰ সঞ্চাৰ কৰিব আৰু সুপ্ত সৃজনী প্ৰতিভা বিকশিত কৰাৰ বাবে উৎসাহিত হ'ব আৰু সকলো শ্ৰেণীৰ পাঠকে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰী তথা পাঠক সমাজে গ্ৰন্থখনিক আদৰি ল'লে লেখিকা উপকৃত হ'ব।মইনাহঁতৰ আম্বেদকাৰ, মইনাহঁতৰ মেণ্ডেলা আৰু মইনাহঁতৰ আধ্যাত্ম দৰ্শন আদিকে ধৰি প্ৰায় কুৰিখন গ্ৰন্থৰ প্ৰনেতা লেখিকা, সম্পাদিকা তথা সাহিত্য পেঞ্চনাৰ ললিতা দেৱীৰ গ্ৰন্থসমূহৰ মুখ্য বিষয় হ'ল: শিশু প্ৰেম আৰু নাৰী সজাগতা। তেখেতৰ পাঠক সমাজলৈ আবেদন যে এখন সুন্দৰ গ্ৰন্থৰ অধ্যয়নে পাঠক সমাজলৈ এক সুস্থ চিন্তাৰ বাৰ্তাবহন কৰে আৰু সুন্দৰ সমাজত ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰি তোলে। পৰিশেষত,লেখিকাৰ উত্তৰোত্তৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।