Type Here to Get Search Results !

সম্পাদকীয়

সম্পাদকীয়

অৰণ্যমানৱ তথা পদ্মশ্ৰী উপাধিৰে বিভূষিত যাদৱ পায়েং দেৱৰ এষাৰ বৰ অমূল্য কথা - চৰাইয়ে গছ ৰোৱ জানে। মাথো মানুহে ইয়াক ধংস কৰিব নালাগে। তেখেতৰ কথাষাৰিত বহু অৰ্থ নিহত হৈ থকা অনুভৱ কৰো। আজি প্ৰকৃতিৰ ভাৰসাম্যতাৰ বাবে গছৰ অৱদান যে অপৰিহাৰ্য সেইকথা স্বীকাৰ কৰিবই লাগিব। বৰ্তমান গছৰ চাহিদা অনুসৰি গছ কম সেয়ে আমাৰ বায়ুমণ্ডলতো বহু প্ৰভাৱ পৰিছে। বহু গছ-গছনি চৰাইয়ে পোনপতিয়াকৈ নোৰোলেও কিন্তু এই চৰাইয়ে খোৱা বিভিন্ন গছৰ গুটি খাই মলত্যাগ কৰাৰ ফলত বহু ঠাইত গছৰ জন্ম হয়। এই গছ-গছনিবোৰ যদিহে আমি সংৰক্ষণ কৰো বা ধংস নকৰো তেতিয়া ইয়াৰ পৰা মানৱ জাতিয়ে বহু গছ পাব।
       তেখেতৰ কথাষাৰি গভীৰ ভাৱে অনুধাৱন কৰি সকলোৱে গছ-গছনি সংৰক্ষণ কৰিবলৈ যত্নপৰ হওঁ আহক।