Type Here to Get Search Results !

ৰঙালী বিহুৰ কিছু ইতিহাসঃ আমাৰ দায়বদ্ধতা

ধীৰেন শইকীয়াগুৱাহাটী



অসমীয়াৰ বাপতি সাহোন বিহুত অষ্ট্ৰিক,মংগোলীয়ন আৰু দ্ৰাবিড় তিনিও সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান। আহোম, চুতীয়া,মিছিং,বড়ো,সোনোৱাল কছাৰী,তিৱা আদি বিভিন্ন জনগোষ্ঠীয় বহু প্ৰভাৱেৰে  বিহু অতীজৰে পৰা ৰঞ্জিত হৈ আছে।

#বিবিধ প্ৰভাবেৰে প্ৰভাৱন্বিত আমাৰ বিহু#

অতীজত দক্ষিন পশ্চিম এছিয়াৰ কেইবাটাও অঞ্চলত আমাৰ বিহুৰ দৰে কেইবাটাও অনুষ্ঠান আছিল বুলি ড. লীলা গগৈয়েও উল্লেখ কৰি গৈছে,সেইদিশৰ পৰা চাবলৈ গলে আহোম সকল অসম সোমোৱাৰ পাছতহে অসমত বিহুৰ প্ৰসাৰ হয় যেন লাগে।অতীজত পথাৰৰ মাজত যৌৱনৰ গীত মাত পৰিবেশন কৰি ঢোল পেপা বজাই ডেকা গাভৰুৱে নাচিলে পথাৰ অধিক শস্য সম্ভৱা হয় বুলিও বিশ্বাস কৰিছিল।হয়তু সেই পৰম্পৰাৰ পৰাই ৰঙালী বিহুত বিহু নচাৰ পৰম্পৰা আহিল।ভুমধ্য সাগৰীয় আলপাইন জনগোষ্ঠীৰ লোকসকলে নাচগানৰ সময়ত বাঁহেৰে নিৰ্মিত বিবিধ বাদ্য(বাঁহী,গগনা আদি) আৰু জন্তুৰ শিঙেৰে নিৰ্মিত পেপা বজাইছিল বুলিও জনা যায়,গতিকে সেইবোৰ দেখি বিহুত সমগ্ৰ বিশ্বৰে বিবিধ প্ৰভাৱ পৰাৰ কথাও বিশ্বাস হয়। আলপাইন সকলেও বাঁহী,গগনা আদিৰ লগত জন্তুৰ শিঙেৰে নিৰ্মিত পেপা বজাই পথাৰবোৰত বসন্ত ঋতুত ঘুৰি ঘুৰি নাচে বুলি নৃতাত্বিক সমল বিদ্যমান। সেই সংগীতবোৰত কেৱল আছিল প্ৰকৃতি বৰ্ণনাহে।আমাৰ দৰে প্ৰেম বা অন্যান্য বিষয়ৰ  গীত নাছিল।

#বিহুক নিষিদ্ধকৰনৰ দিশে লৈ যোৱা হৈছিল#

এসময়ত ৰঙালী বিহুৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ কৰি বিহু অশ্লীল গীত নৃত্যৰ সমষ্টিহে বুলি বিহুক নিষিদ্ধকৰনৰ দিশে লৈ যোৱা হৈছিল বুলিও জনা যায়,পিছত ব্ৰিটিছৰ দিনতন গৰ্ডন চাহাবৰ সন্মুখত নগাঁৱৰ পুৰণিগুডামৰ মইমত টাটিঙাই ভনীয়েক চেনীমাইসহ গুৱাহাটীলৈ আহিছিল বিহু গাই বিহুৰ ওপৰত দিয়া অপপ্ৰচাৰ ৰোধৰ বাবে। নগাঁও আদালতত এই কামত সফল নোহোৱাতহে গুৱাহাটীৰ উচ্চ আদালতলৈ বিষয়টো লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল। জনামতে কেইবাটাও বিহুনৃত্য গীত দেখুৱাৰ পিছতহে হেনো চৰকাৰী পক্ষৰ পৰা বিহু নৃত্য গীতক প্ৰতিশ্ৰুতি আদায় কৰিছিল। এইটো নকৰাহেতেন হয়তু আমাৰ বাপতি সাহোন বিহুতো নিষিদ্ধকৰনৰ দিশেই ৰায় হ'লহেতেন। উল্লেখ্য যে এই সমস্ত পৰিক্ৰমাটো নগাওঁ আদালতৰ তৰণী কাম কৰা আনন্দ দাসে নেতৃত্ব লৈছিল বুলি জনা যায়।এই বিষয়ে ইতিমধ্যে আলোচনা হৈ গৈছে বহুলভাবে জনপ্ৰিয় 'প্ৰান্তিক' বাৰ্তালোচনীখনত।

#বিহু কমিটি বোৰলৈ আমাৰ আহ্বান

বিভিন্ন ভাষা ভাষীৰ লোক থকা অসমত বিহুৰ সময়ত অন্তত: আমাৰ সমাজখনে এঠাইত লগ হোৱাৰ অৱকাশ পায়। গতিকে তাৰ পৰা ভাল বাৰ্তা এটা যোৱাটো দৰকাৰ। অসমীয়া জাতিৰ এইবিধ আপুৰুগীয়া সংস্কৃতিৰ সংৰক্ষন আৰু বিকাশত আহিব পৰাকৈ বিবিধ কৰ্ম সম্পাদনৰ এক সুযোগ পোৱাৰ এই মূল্যবান সময়খিনি আয়োজকসকলে বহুতেই বৱহাৰ নকৰে। ৰঙালী বিহুৰ বাবে অঞ্চলটো পৰা সংগ্ৰহিত অৰ্থৰ এটা অংশ ঠাইখনৰ  সামাজিক বিকাশত ব্যৱহাৰ কৰিব পৰা যায় যদিও বহুতেই প্ৰতিষ্ঠিত গায়ক কেইজনমান মাতি  ষ্টেজত গান বাজানা কৰিয়েই অৰ্থখিনি শেষ কৰে। পিছে, তথাকথিত শিল্পীৰ হাতত তিনিৰ পৰা আঠলাখ টকালৈকে আনৰ পৰা সংগ্ৰহিত অৰ্থ গুজি দিয়াটো বহুতেই  সমৰ্থন নকৰে। সেই দামী শিল্পীকেইজনৰ পৰিৱৰ্তে কম জনপ্ৰিয় শিল্পীক আমন্ত্ৰণ কৰি তাৰ কিছু অৰ্থ সামাজিক বিকাশত লগাব পাৰিলে ভাল হলহেঁতেন বুলি ভাবো। বিশেষকৈ মৃতদেহ কঢ়িওৱা বাহন কিনা,ৰাজহুৱা অনুষ্ঠানৰ মেৰামতি, দুখীয়া ছাত্ৰ-ছাত্ৰীক সাহাৰ্য্য প্ৰদান,বিনামূলীয়া কোচিঙ ক্লাছ তথা অনান্য বিকাশমুলক কামকাজত বিহু উদযাপন সমিতিবোৰে অলপ অৰ্থ খৰছ কৰিলে ঠাইখনৰ বিকাশত অলপ অলপ হলেও অংশগ্ৰহন কৰা হব। তাকে নকৰি বিহুৰ কেইদিনত কেইটামান প্ৰতিযোগিতা পাতি যেন তাৰ পুৰস্কাৰ বিতৰন কৰিয়েই সাম্প্ৰতিক কালত সামাজিক দায়িত্ব শেষ কৰি আহিছে বহু বিহু উদযাপন সমিতিয়ে। অৱশ্যে গুৱাহাটীৰ চানমাৰী কিম্বা লতাশিলৰ দৰে বহু ঐতিহ্যমণ্ডিত বিহুসমিতিয়ে সময়ে সময়ে এনে উন্নয়নমূলক
কাম কাজৰ ৰূপায়ণৰ জৰিয়তে ৰাইজৰ ওচৰ চাপিব পাৰিছে।