Type Here to Get Search Results !

ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞি ;এক বিৰল ব্যক্তিত্ব(চতুৰ্থ খণ্ড)

দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )


১৬৭১ চনত লালুকে ৰজা হোৱাৰ সপোন দেখি বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দি কলিয়াবৰলৈ উজাই যায়৷সেই সময়ত স্বৰ্গদেউ ছ্যুদৈফাই মোগলক বাধা দিবৰ বাবে আৰু লগতে লালুকৰ ষড়যন্ত্ৰ খৰ্ব কৰিবলৈ আতন বুঢ়া গোহাঁইক সেনাপতি পাতি অনান্য গোহাঁই সকল আৰু ফুকন সকলৰ লগতে সলাল গোহাঁই লাইথেপেনা বৰ গোহাঞিকো প্ৰেৰণ কৰিছিল ৷তেওঁলোক বিশ্বনাথত ৰৈ গৈ ৷তাৰে তিনিজনক লালুকে বিশ্বাসঘাটক কৰি হত্যা কৰে ৷ইয়াৰ পাছত দুই মুনি শিলাত বুঢ়াগোহাই আৰু বৰফুকনৰ মাজত যুদ্ধ হয় ৷যুদ্ধত বুঢ়াগোহাঁই পৰাস্ত হয় ৷তেতিয়া বৰ ফুকনে পলাবলৈ চেষ্টা কৰোতে বৰফুকনে বাটতে আগুচি ধৰি বন্দী কৰে ৷বাকী কেইজন গোহাঁইয়ে কলিয়া বৰলৈ আহি বৰফুকনৰ  শিবিৰত যোগ দিয়ে ৷বৰফুকনে লাইথেপেনা  সলাল গোহাঁইক কেলে ব্যৱহাৰ  কৰিছিল সেইকথাত ইতিহাস নিমাত ৷হয়টো তেওঁৰ কাৰণে সলাল গোহাঁই হিচাবে লাইথেপেনা কোনো ভয়ৰ কাৰণ নাছিল ৷যিকি নহওক ছ্যুদৈফা ৰজাৰ লগত বুজাবুজি লৈ আহি তেওঁকে সিংহাসনত বাহাল ৰাখে ৷বৰফুকনৰ কু অভিপ্ৰায় বুজিবলৈ ৰজাৰ বেছি পৰ নালাগিল ৷তেওঁ লালুক বৰফুকনক বন্দী কৰি বৰ বাবে সিদ্ধান্ত কৰিছিল৷
বৰফুকনে কথাটো গম পায় ৰজাৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ গড়গাঁওলৈ যাত্ৰা কৰে ৷তেওঁৰ লগত আহিছিল লাইথেপেনা সলাল  বৰ
 গোহাঞি ;কেইজন মান ফুকন ;আৰু ৰাজখোৱা ৷বৰফুকনে গড়গাঁওলৈ আহি ছ্যুদৈফা ৰজিক বধ কৰি ল’ৰাৰজাক সিংহাসনত বহুৱাই ৷এতিয়া বৰফুকনে নিজে ৰাজমন্ত্ৰী হৈ দেশৰ সৰ্বেসৰ্বা হৈ পৰে ৷লগতে ভায়েক ভাতধৰাক বৰফুকন পাতি কলিয়াবৰত ৰাখে ;আন এজন ভায়েক মৰঙীক বৰবৰুৱা পাতে ৷ৰাজমন্ত্ৰী হৈ লালুক বৰফুকনে ৰজা হোৱাৰ পথ মুকলি কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্ব্বী কোঁৱৰ সকলৰ কিছুমানক হত্যা কৰিলে ৷ কিছুমানক অঙ্গক্ষত কৰিলে ;নিজৰ ইছ্ছা মতে তেওঁ বিষয়া পাতিছিল ৷আতন বুঢ়া গোহাঁইক সবংশে মাৰিলে ৷"" লদইথেপেনা বৰ গোহাঞিৰ জীয়েক জয়মতী কুঁৱৰীক স্বামীৰ সম্ভেদ নিদিয়াৰ বাবেই নানা শাস্তি দি জেৰেঙা পথাৰত হত্যা কৰিছিল ৷অৱশেষত লালুকৰ অত্যাচাৰত  অতীষ্ঠ হৈ ভোটাই ডেকা ;মাধৱ তামুলী ;আৰু আঘোণা কছাৰীয়ে লালুকক হত্যা কৰে ৷লালুকৰ হত্যাৰ পাছত ভায়েক ভাতধৰা বৰফুকন আৰশ পুতেক মাধব  কলিয়াবৰৰ পৰা পলায়ণ কৰে ৷এওঁলোক পলোৱা খবৰটো লাইথেপেনা বৰ গোহাঞিয়ে বাঁবৰীয়া কটকীৰ হতুৱাই স্বৰ্গদেউলৈ পঠাইছিল ৷গতিকে জয়মতী :ৰুঁৱৰী; বুঢ়াগোহাই আৰু লালুকৰ হত্যাৰ সময়ত লাইথেপেনা সলাল পাতত অৰ্থাৎ বিশ্বনাথ অঞ্চলত আছিল ৷ল’ৰজাৰ বৰকুঁৱৰী আছিল লালুকৰ জীয়াৰী ৷লালুকৰ কৰ্মফল সাঁচ যাতে নাথাকে ;তেও"ৰ কৰ্মৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে লালুকৰ জীয়েকক আঁতৰাই লাইথেপেনাৰ জীয়েক এগৰকীক ল"ৰাৰজালৈ বিয়া দি বৰকুঁৱৰী কৰি ৷লবলৈ কলীয়াবৰৰ বিষয়া আৰশ ডা -ডাঙৰীয়া সকলে পৰামৰ্শ দিছিল ৷ৰজাঘৰীয়া বুৰঞীত এনে ধৰণৰ কথা এষাৰ আছে  লাইথেপেনা বৰ গোহাঁইৰ জী বৰকুঁৱৰী (পৃষ্ঠা ৩২ )ল’ৰা ৰজাৰ দিনতে জবঙক (জপং শেন বৰ গোহাঁই)ক ভাঙি লাইথেপেনা  গোহাঞিক সলালৰ পৰা বৰ গোহাঁই বাব দিয়া হ’ল ৷প্ৰথমে বন্দৰ বৰ ফুকনে বিষয়াবৰ্গৰ লগত আলোচনা কৰি বৰগোহাঁই হ’বৰ বাবে৷প্ৰস্তাৱ আগবঢ়াইছিল ৷লাইথেপেনাই অৱেশ্য গই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ৷কাৰণ বৰ গোহাঁই পদত নিযুক্তি দিবপা ক্ষমতা বৰফুকনৰ নাছিল ৷অৱেশ্য এই প্ৰস্তাৱ স্বৰ্গৰ্দেউৰ ফালৰ পৰা আহে লাইথেপেনাৰ বৰগোহাঁইৰ বিষয় বাব লোৱাৰ ইছ্ছা প্ৰকাশ কৰিছিল ৷আৰু বৰপুত্ৰ ক যদি সলাল গোহাঁই পদত নিযুক্তি দিয়ে অবশ্যে বৰ গোহাইৰ বিষয় বাব লোৱাৰ চৰ্ত আৰোপ কৰিছিল ৷আৰু বৰফুকনৰ প্ৰস্তাৱ আৰু পৰামৰ্শ মতেই ল’ৰাৰজাই শেন বৰ গোহাঁইক বৰ্খাস্ত কৰি ১৬৮০ খৃষ্টাব্দত বৰ গোহাঁই আৰু বৰ পুত্ৰ কংখামক সলাল গোহাঁই পদত নিযুক্তি দিছিল ৷এই?কথাই ইয়াকেই প্ৰমাণ কৰে যে লাইথেপেনা ক্ষমতালোভী নাছিল ৷তেওঁ ৰাজনীতিত থকা নৈতিক প্ৰমুল্য বোধক সন্মান কৰা আৰু আইন -কানুন মানি চলা আত্মসন্মানবোধ  থকা ব্যক্তি আছিল ৷তেওঁ সেয়ে ডা =ডাঙৰীয়া আৰু বিষয়া সকলৰ আস্হাভাজন আছিল  ;সকলোৰে পৰা মান সন্মান আদায় কৰিব পৰা শক্তিশালী ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিল ৷