Type Here to Get Search Results !

মৌন প্ৰাৰ্থনা

গীতাঞ্জলি দেৱী


মই তোমাক স্পৰ্শ কৰিব নোৱাৰিম
আৰু তুমি মোক ,
বুকুৰ বান্ধোনত আমি এক হ'লেও স্পৰ্শৰ অনুভূতিত নিজকে উটুৱাই দিব নোৱাৰিম ।
ৰূদ্ধ দুৱাৰৰ সিপাৰে মই তোমাক চাবও নোৱাৰিম।
বহু দিন চাগে নেদেখিম নীলা আকাশ আৰু সেউজীয়া পথাৰ খন ।
তোমাৰ  একাঁজলি উশাহৰ বাবে এতিয়া মোৰ মৌন প্ৰাৰ্থনা -
"তুমি জী লোৱা 
তুমি হাঁহি লোৱা 
ৰ'দ হওক তোমাৰ জীৱন ।"