ধীৰেন শইকীয়া,গুৱাহাটী
এক
একৈশ দিন বনাম
চৈধ্যবছৰ
(কোৰোনাৰ
সংহাৰৰ সময়ত আমাৰ দুটা সৃষ্টি)
-ধীৰেন
শইকীয়া,গুৱাহাটী
ভেকুলীৰ
শীতনিদ্ৰাৰ দৰে দূৰত্বত আমি গৃহবন্দী
ঈশ্বৰক মিছাকৈয়ে দেখুৱাইছিলো বুঢ়াআঙুলি দেখুৱালে পৰাক্ৰম ক'ৰ'নাই দূৰত্বত ৰাখি
ভাবকঃ দূৰত্বও হব পাৰে সমাজসেৱা বুলি
দুৰন্ত গতিৰে চীনৰ পৰ্বত পাহাৰ ভ্ৰমি
আমাৰ দৰ্পচূৰ্ণৰ বাবেই তুমি আহিছা দৌৰী
কোৰোনা!দেখাত ফুলনিৰ এপাহি ফুল তুমি চিঙি আনিলেই পদূলিতে আমাৰ
মৃত্যু নগৰী এফালৰ পৰা সংহাৰিছে মনুষ্য জাতি
মনত পেলাওক ৰামচন্দ্ৰলৈ আজি
আপুনিটো একৈশ দিনহে গৃহবন্দী
তেওঁ কটাইছিল চৈধ্যবছৰ অজ্ঞাতবাস পালি
দুই
কৰ'নাই মৰণা মৰাৰ পৰত
কৰ'নাই মৰণা মৰাৰ পৰত
আমিবোৰ মূৰ্খ নোহোৱাই ভাল
ঘৰত থাকিলেই নাই জঞ্জাল
স্বেচ্ছাই
হওঁক গৃহবন্দী,
নহলে কৰ'নাই বহিব পীৰা পাৰি
বিচাৰি আপোনাৰেই পদূলি
কৰ'না! তুমি অহংকাৰী, স্বাভিমানী
বিচক্ষণ চিকাৰী
তোমাৰ কালনেমী বতাহজাকে আহিছে খেদি