Type Here to Get Search Results !

হৃদয়ে হৃদয়ক কৰক আলিঙ্গন

অৰুণ দুৱৰা


দুহাত মেলি ৰওঁ 
খিৰিকি মুখত 
তুমি আহিবা বুলি হৃদয় বনত।
গোলাপ কলিটিৰ দৰে 
আকাশ উজলাই থাকা
হৃদয় ফুলনিৰ মাজত ।
জুমি জুমি তুমি 
তৰালিৰ পিৰালিত বহি 
মোক জোকাই থাকা কিয় 
নিজান পৰত?
তৰাবোৰে জানো সোধেনে জোনক
ভাল লাগেনে বাৰু
আমাৰ ধিমিক ধামাক পোহৰ?
জোনেও সোধে লাজুকী হাঁহিৰে 
মই নোলালে আকাশত 
থাকেনে বাৰু তোমাৰ অস্তিত্ব ?
চুচুক চামাকৈ এটি দুটি কৰি 
সকলো তৰা আহি 
লুকাভাকু খেলে জোনৰ লগত ।
পুৱাৰ অৰুণে আকাশ উজলাই তোলে
জোন তৰাবোৰ লুকাই থাকে গুপুতে গুপুতে ।
এটি তৰাই হাঁহে 
দুটি তৰাই হাঁহে 
অলেখ তৰাই 
জোনটিও লুকাই তৰাটিও লুকাই 
আমাৰ হৃদয়ৰ গহন বনত।
জোন তৰাৰ এই অটুট বন্ধন
 ইমান সজীৱ 
বুজাব নোৱাৰো কিয় হৃদয়ৰ ভাষাৰে?
তুমিও থাকিবা মোৰ হৃদয় আকাশত 
এপাহি পদুম হৈ জনমে জনমে ।
হৃদয়ৰ ভাষাৰে নোৱাৰো কৰিব প্ৰকাশ 
আমাৰ এই প্ৰেমৰ বন্ধন।
গোলাপ কলিটিৰ দৰে .........
হৃদয়ৰ আকাশত 
হৃদয়ে হৃদয়ক  কৰক আলিঙ্গন ।