Type Here to Get Search Results !

শেলুৱৈ ধৰা বেঙুনীয়া জীৱন #ধাৰাবাহিক উপন্যাস #



   সঞ্জীৱ কুমাৰ বাইলুং

                      (এক)

তাৰ এৰি অহা দিনবোৰৰ সতে হৃদয় একাকাৰ হৈ আছে প্ৰতিটো পল । শৈশৱতে ধেমালীতে নুবুজা দিনতে ভাল পাই পেলোৱা লগৰী জনী পানীত ডুবি মৰিল । খবৰটো পাইছিল অহাৰ বাটত । যেতিয়া সি মামাকহঁতৰ  মৰমৰ মাজত বান্ধ খাই কেইটামান দিন অতিবাহিত কৰি ঘৰলৈ ওভতি আহিছিল । 
      "অই তোৰ লগৰী আৰু নাই " -বিস্বাস হোৱা নাছিল । বুকুত নুবুজা এক বেদনা । কি হ'?  সি নাজানে তাৰ ভালপোৱা বান্ধৱী জনীয়ে তাক এৰি কলৈ গ'ল । মৃত্যু শব্দটো সি তেতিয়াও বুজি পোৱা নাছিল । সি জানে মানুহ বোৰ বুঢ়া হলে মৰে । আকস্মিক মৃত্যু বা দুৰ্ঘটনাবোৰ তাৰ সপোনৰ অগোচৰ ।
       বুজা হোৱাৰ দিনৰপৰা ধূলি বালি মাজত খেলিবলৈ আৰম্ভ কৰিছিল লগৰীয়াসকলৰ সতে। সি নাজানে ইমান বিলাক লগৰীয়াৰ মাজত তাই কিয় ইমান আপোন । বিদ্যালয়ৰ সহপাঠী সকলৰ মাজতো তাইকে কিয় ইমান ভাল পাইছিল সি আজিও কব নোৱাৰে । সেয়াতো তাৰ বাবে দূৰৰ কথা মহা মহা মনীষিয়েও তাৰ উত্তৰ দিয়াতো অসম্ভব বুলিয়েই সি ভাবে । কাৰণ নিষ্পাপ ভালপোৱা গঢ়ি উঠে ল'ৰালি কালত । নিস্বাৰ্থ প্ৰেম । ইমানেই গভীৰ প্ৰেম । য'ত বিচাৰি পোৱা যাই নিৰ্মল নিভাঁজ ভালপোৱাৰে ছবি । 
      সি আজিও ভাবি আছে । তাইক কিয় ভাল পাইছিল ? কেনেকৈ ভাল পাইছিল ? কিয় তাই ইমান আপোন হৈ পৰিছিল তাৰ বাবে ? অবুজ সাঁথৰ আৰু কিছুমান প্ৰশ্নবোধক বাক্য লৈ পিংগল আহিছিল মোৰ ওচৰলৈ ।
         পিংগল হঁতৰ গাঁওখন আমাৰ গাঁৱৰ সিপাৰে নদী কাষৰীয়া গাঁওখন । গাওঁ খনৰ অতীতৰে পৰা এটা সুনাম আছে । শিক্ষা দীক্ষাৰে পৰা আৰম্ভ কৰি কলা সংস্কৃতি দিশতো আগবঢ়া আছিল গাওঁখন । আটাইতকৈ উল্লেখযোগ্য দিশটো আছিল সত্ৰীয়া সংস্কৃতিক গাওঁখনে প্ৰাধান্য দিয়াতো । গায়ন বায়নৰ পৰা আৰম্ভ কৰি ঢুলীয়া খুলীয়া, ভাৱৰীয়া একোৰে অভাব নাছিল গাওঁখনত । স্বাভাৱিকতে গাঁৱৰ মানুহবোৰ আছিল শান্তি প্ৰিয় । সিহঁতৰ গাঁৱৰ মানুহৰ লগত  অতীতৰে পৰা  বিবাহ, সকাম -নিকাম আদি বিলাকত আমন্ত্ৰিত অতিথি হিচাপে   উপস্থিত হৈ নিজকে সৌভাগ্যবান যেন অনুভৱ কৰিছিলোঁ । 
     পিংগল নামৰ  অমায়িক ল'ৰাটোক  জানিছিলোঁ সৰুৰে পৰাই কাৰণ সি আছিল মোৰে অতি মৰমৰ ছাত্ৰ । তাৰোপৰি তাৰ ঘৰখনৰ লগত মোৰ এটা পুৰণি সম্পৰ্ক আছিল । ককাক বৰ বায়ন । বৰ ধুনীয়া কন্ঠৰ অধিকাৰী হোৱাৰ উপৰিও খোল বাদনেৰে চমক দেখুৱাই সকলোৰে প্ৰিয় ভাজন হৈ পৰিছিল ।
               মই বৰগীতৰ অনুৰাগী আছিলোঁ বাবে বৰগীতৰ ৰাগ সমূহৰ বিষয়ে জানিবলৈ বায়ন দদাইদেউ ওচৰলৈ গৈছিলোঁ । ৰাগ আশোৱাৰী,  ৰাগ বসন্ত..... একতাল পৰিতাল.... 
           পাৰিবা । কিয় নোৱাৰিবা ....
দদাইদেৱে কয় । চেষ্টাৰ অসাধ্য একো নাই । ময়ো জানো ইচ্ছা শক্তি থাকিলে কম সময়ৰ ভিতৰতে আয়ত্ব কৰিব পাৰি । সেয়েহে অধিক গুৰুত্ব আৰোপ কৰি শিকাৰ মানসিকতা পোষন কৰোঁ । দদাইলৈ ভয়ো লাগে । মানুহজন যিমান মৰমীয়াল সিমান কঠোৰ শাসকো । ভুলৰ ক্ষমা নাই । লাগিলে শিক্ষা ক্ষেত্ৰত কঠোৰ ভাষাৰে গালি দিবলৈ কুন্ঠাবোধ নকৰে । তেওঁৰ কন্ঠত বৰগীত গুণগুণালে মোৰ গাৰ নোম শিঁয়ৰি উঠে । আধ্যাত্মিকতাৰ ভাবে উচ্চ শিখৰত আৰোহণ কৰে । ভগৱান যেন উপবিষ্ট হৈ পৰে প্ৰাণত । তেনে এটা পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা বাবেই ছাগে পিংগলৰ আচাৰ ব্যৱহাৰ , অন্যৰ প্ৰতি থাকিব লগীয়া সন্মান,  শ্ৰদ্ধা ,ভক্তি আদি গুণবোৰ  আন ল'ৰা ছোৱালীতকৈ উচ্চ   
       তেতিয়া তাৰ বয়স মাত্ৰ ছয়  বছৰ হে হৈছিল যেতিয়া সি তাৰ আটাইতকৈ মৰম লগা বান্ধৱী জনীক হেৰুৱাইছিল । অকল সেয়াই নে সেই কণমানি বয়সত অন্ত:জগত খনৰ মাজত সোমাই পৰি সি শোকবিহ্বল হৈ পৰিছিল । সি ভালপোৱা বান্ধৱী জনীয়ে সেই বয়সত দি যোৱা প্ৰেৰণা বোৰ ছাগে তাৰ জীৱনৰ চিৰস্মৰণীয় বাখৰ খটোৱা চানেকি ।
        ইপ্সিতা । পিংগল হঁতৰ গাঁওখনৰে গাঁওবুঢ়াৰ নাতিনীয়েক ।
দেউতাক আছিল প্ৰাইমেৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক । জন্মগত ভাবেই আহৰণ কৰি আনিছিল স্বভাৱজাত মানুহক ভাল পাবলৈ শিকাতো । ইমান কম বয়সতে তাইৰ বোধশক্তি কাৰ্যকৰী শিক্ষালৈ পৰিগণিত  হোৱা কথাটোলৈ চালে তাইৰ গাত লক্ষ্মী সৰস্বতী বিৰাজমান হৈ  থকা যেন লাগিছিল ।
সৰু সৰু ফটা কাণিৰে সজা পুতলা ঘৰখনত এটা বৃহৎ পৰিয়ালক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যিবোৰ চৰিত্ৰৰ সমাবেশ ঘটাইছিল সেইবোৰ পিংগলৰ স্মৃতিত আজিও সজীব হৈ আছে ।
        আধা পকা আধা কেঁচা ইপ্সিতা হঁতৰ ঘৰখন । ৰঙা মাটিৰে পৰিপাটিকৈ লেপি থোৱা মজিয়াত ফু-মাৰি ভাত খাব পৰা । ঘৰখন পৰিপাটি কৈ ৰাখিব লাগে বুলি তাই যেন জন্মতে শিকি আহিছিল । পদূলি মুখত নঙলাৰ খুটা দুটাৰ কাষতে দুজোপা তৰুৱাকদম । পিৰালিৰ কাষত গধূলি গোপাল । সীমাৰ পৰিধিত হাচনাহানাই সেউজীয়া পৰিৱেশ বিৰাজমান ।
পাঁচ ফুট ওখ পকী ইটাৰ থামোন কেইটাৰ ওপৰত ভঁৰাল ঘৰটো । ভঁৰালৰ তলৰ ঠাই খিনি ইপ্সিতা হঁতৰ ৰংগমঞ্চ । তাত বছৰৰ সকলো দিৱস উদযাপন কৰা হয় । বিহু, বিয়া, পূজাকে আদি কৰি আন্যান্য বহুতো .....
                                             ( দুই  )
     বাৰিষা কালত পিংগল হঁতে ইপ্সিতা হঁতৰ ঘৰলৈ অহা যোৱা কৰাত অলপ অসুবিধা হয় । মূখ্য পথটোৰ পৰা প্ৰায় দুই ফাৰ্লংমান দীঘল সিহঁতৰ উপ পথটোত একাঁঠু বোকা হয় বাবে তামোল গছৰ সাঁকোডালত উঠি সিহঁতৰ ঘৰলৈ নাযাবলৈ অভিভাবক সকলেই আগতীয়াকৈ সকিয়াই থয় যদিও পিংগল,পিন্টু, প্ৰজ্ঞা, পঞ্চমী হঁতে হাতত হাত ধৰি সাঁকো পাৰ হৈ গৈ হ'ব লগা কাৰ্যসূচী ৰূপায়ন কৰে । গৰমৰ বন্ধত নাটকৰ কৰ্মশালা । এইবাৰৰ নাটক "মধুসূদন মামা" । শিক্ষক দিৱস কাৰ্যসূচীত মঞ্চস্থ কৰিব । আখৰা আৰম্ভ কৰি দিছে ।   পিংগলে শ্ৰীকৃষ্ণৰ ভাও লব । ইপ্সিতাই সূত্ৰধাৰ নাচিব । বা: কি যে মজা লাগিব !  লগৰে প্ৰিঞ্চে শিক্ষকৰ ভাও দিব । বকুলে গীত গাব --বাজক দবা বাজক শঙ্খ বাজক মৃদং খোল ......। মিকুয়ে কবিতা আবৃত্তি কৰিব । ইমনে অনুষ্ঠান পৰিচালনা কৰিব । 
        "  সকলোকে দায়িত্ব অৰ্পন কৰিলো । সেইদিনা আমি শিক্ষক শিক্ষয়িত্ৰী সকলক চমক দিম । ৰিহাৰ্চেল দহদিন হ'ব । পাৰিলে বৈষ্ণৱী য়ে অনুস্থানৰ আৰম্ভণিতে এটা বৰগীত গাব লাগিব । পিংগলৰ ককাকে শিকাই দিব ।"...... কথাখিনি ইপ্সিতাই সকলোকে বুজাই দিলে ।
      গৰম বন্ধৰ দিন কেইটাত সকলোৱে ককাক আইতাক হঁতৰ ঘৰলৈ যাবলৈ মন কৰে । সেয়েহে দহদিন তৎপৰতাৰে ৰিহাৰ্চেল হোৱাৰ পাছত যাৰ যলৈকে মন যাই যাব পাৰিব । নাটকৰ সংলাপ ৰচনা পিংগলৰ  । শিশু আলোচনী মৌচাক ,সঁফুৰা, টিংকল আদি সিহঁতৰ লগৰী আৰু সকলোৰে বৰ প্ৰিয় । সেয়েহে ধাৰাবাহিক ভাৱে প্ৰকাশ পাই থকা মধুসূদন মামা কাহিনী ভাগকে পিংগলে নাট্য ৰূপ দিছে ।  
         ভগৱান বৰ নিষ্ঠুৰ । নাটক মঞ্চস্থ কৰা আশা মনতে মৰহি গ'ল । গৰমৰ বন্ধত মামাকহঁতৰ ঘৰত আনন্দৰে কেইটামান দিন পাৰ কৰি অহাৰ পাছত সি অহাৰ বাটত খবৰটো পাইছিল .......... ইপ্সিতাৰ মৃত্যু এতিয়াও সহজ ভাবে ল'ব পৰা নাই পিংগলে । সময় পাখি লগা কাঁড়ৰ দৰে উৰা মাৰে পলে পলে । দিন গৈ বছৰ বাগৰে । যৌৱনে আমনি কৰে । ঘাত-প্ৰতিঘাতে জীৱনৰ ছবি আঁকে । আঁকে মৰহা ফুলত হেৰুৱা অতীত ।
       তাৰ মনৰ মাজত সোমাই থকা ইপ্সিতা জনী গাভৰু হৈছে ক্ৰমে ক্ৰমে তাৰ মন মগজুত । বিচাৰি ফুৰিছে সান্নিধ্য লাভৰ আশা । এবুকু মৰমেৰে ।
                                          (তিনি )
চাৰ গুড মৰ্ণিং । মই পিংগলে কৈছোঁ । পিংগল প্ৰসন্ন । চাৰ ভালে আছে নিশ্চয় । মই আপোনাক লগ কৰিব খুজিছোঁ কেইটামান কথা আলোচনা কৰিবৰ বাবে । আপোনাৰ অনুমতি বিচাৰি ফোন কৰিলোঁ । .......
        বহুত বছৰৰ পাছত পিংগলৰ ফোন কল টোৱে  মোক এটা মিঠা আমেজভৰা পুৱাৰ বীজ সিঁচি থৈ গ'ল । তাতে আজি ৰঙৰ উত্সৱ ফাকুৱা । ফাগুনৰ আকাশ পচোৱা বতাহৰ সতে ৰঙেৰে ৰঙীন কৰিব সকলোৰে জীৱন ......
          "আজি আমাৰ ঘৰত মোৰ পিতৃ মাতৃৰ বছেৰেকীয়া শ্ৰাদ্ধ আছে । কাইলৈ আবেলি দুই বজাত আহিবা । মই ঘৰতে থাকিম ... " মই ক'লো ।
        আচলতে চাকৰি অৱসৰ লবৰ দিনৰে পৰা ঘৰখনত শান্তিৰে থাকিবলৈকে নোপোৱা হ'লো । আজি বোলে অমূকৰ ঘৰত নাম এভাগি আছে। কাইলৈ বোলে তমূকত সভা । প্ৰকৃততে ভাল পাওঁ বাবেই সভা সমিতিত যোগদান কৰোঁ । সামাজিক অনুষ্ঠান বোৰৰ লগত জড়িত হৈ পৰাৰ বাবে নিজকে ব্যস্ততাৰ মাজত ৰাখিবলৈ ভাল পাওঁ । মাজে মাজে শ্ৰীমতীৰ ককৰ্থনা মূলক বক্তব্যৰ অধিকাৰী হওঁ ।  মই সামাজিক কামত বেছি সময় দিয়াৰ বাবে উদাস মনোভাৱ পোষন কৰি মন্তব্য কৰে.....
        " গাৰ তেজ শক্তি বয়সত কমে । বৰ ডেকাটি হৈ মেল মিটিঙ মাৰি থাকি স্বাস্থ্য হানি নকৰিবা । অমূকিয়েহে পাছত দুৰ্ভোগ ভূগিব । সমাজে আহি পৰিচৰ্য্যা নকৰেহি । গা বেয়া হলে খবৰ লবলৈ অহা সকলক চাহ তামোল যোগান নধৰিলেও পাছত মোকহে দোষী সাব্যস্ত কৰিবা ..."  হাঁহি সামৰি পত্নীৰ কথাবোৰ পাতলাবলৈ যত্ন কৰোঁ ।  সামাজিক কাম কাজত আনন্দই নহয় পৰমানন্দ পোৱা যায় । দহজনৰ লগত জড়িত হৈ সমাজৰ, দহৰ, দেশৰ  উন্নয়নৰ গঠন মূলক কথাবোৰে মানসিক স্পৃহা বঢ়োৱাৰ লগতে উদ্যম আৰু প্ৰেৰণা যোগাই জীয়াই থকাৰ । পৰচৰ্চা পৰনিন্দা আদিবোৰ গঠনমূলক কৰ্মত স্থান নাই । এনে ধৰনৰ কথাবোৰ কৈ পত্নীৰ মুখত সোপা দি অহা স্বভাৱটো বৈবাহিক জীৱনৰ পাতনি মেলা দিনৰ পৰাই অভ্যাসত পৰিণত হৈছে । কাৰণ সকলো মানুহৰ সামাজিক হ'ব পৰা গুণ অতি কমেইহে পোৱা যায় ।
        আজি গুৱাহাটীৰ পৰা পো বোৱাৰী আহি পাব । আঠ বজাত ষ্টেচন পাবহি । ভাল লাগে মানুহৰ আগত চিনাকি দিবলৈ । যেতিয়া সুধে মোৰ পৰিয়ালৰ কথা । তপৰাই আখৈ ফুটাদি কৈ যাওঁ পুত্ৰ হাই কৰ্টৰ নামি উকীল আৰু বোৱাৰী চিটি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা । চিনাকি পৰ্বত এভাৰেষ্ট শৃংগৰ সমান সুখ । কিন্তু কাৰ্যত প্ৰশান্ত মহাসাগৰৰ গভীৰতাতকৈ দুখ ।এদিন কৈছিলো মানস তই মানুহ হ'ব লাগিব । সি মানুহ হ'ল । দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী সাং কৰি উকালতি কৰা জীৱনৰ লক্ষ্য থকাৰ বাবেই দিল্লীৰ পৰা  এল এল এম সুখ্যাতিৰে পাচ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নামজ্বলা উকীল । বিবাহো কৰালে চহৰৰ আঢ্যৱন্ত ঘৰৰ ছোৱালী প্ৰিয়াংকৃতা ক্ল'জভিয়াক ।  এনেই উপাধিটো বৰুৱা । মডাৰ্ণ নেইম ( modern name)উপাধিবোৰ লুকুৱাই নিজকে ফৰেইনাৰ সজাব খোজে । জন্মগত ভাবে চুলিৰ ৰং ক'লা যদিও ৰং সানি বগা ৰঙা হালধীয়া সুমথিৰা কৰি থয় ।  একেবাৰে পাশ্চাত্য ঢঙত চলে । মেখেলা চাদৰৰ ব্যৱহাৰ নিশিকিলে । ঘৰলৈ আহিলে মোলৈ সমীহ কৰি শাৰী এখন গাত মেৰিয়াই আহে । কোঠাত সোমাই লগে লগে ফেঞ্চী ড্ৰেছ । সেয়েহে কোঠাত সোমাই ওলাই নাহে । শ্ৰীমতীক বোৱাৰীয়েকৰ কথা সুধিলে কয় -"দুখে ভাগৰে আহিছে অলপ জীৰণি লৈছে" । বোৱাৰীয়েকক বেয়া বুলি ক'বলৈ নিদিয়াতো তেওঁৰ এটা ভাল গুণ । চাহ ভাতৰ যোগান শোৱা কোঠাত চাৰ্ভ কৰিবলৈও আমাৰ তেওঁ ভালহে পাই । ধন্য নৰ তনু । বোৱাৰী মেধাৱী ছাত্ৰী আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্ষ্ট ক্লাছ  স্নাতকোত্তৰ ডিগ্ৰীধাৰী । দেউতাক ৰিফাইনেৰিৰ অভিযন্তা । এজনীয়ে ছোৱালী । দুজন ককায়েক । চহৰৰ আদব কায়দাত চলাফিৰা কৰা । গাঁৱৰ মানুহৰ লগত সহজ হ'ব নোৱাৰে । সেয়েহে অহা যোৱা কম । বছেৰেকীয়া ককা আইতাকৰ । সেয়েহে দুদিনৰ ছুটী লৈ গাঁৱৰ ঘৰলৈ আহিছে যদিও সৌজন্যতা বোলা কথাষাৰৰ পূৰামাত্ৰাই অভাৱ পৰিলক্ষিত হয় ।..................... ক্ৰমশ :