Type Here to Get Search Results !

অসমৰ জাতীয় উৎসৱ বিহুৰ শিপা বিচাৰি

 হিতেশ নাথ,গৰুখুটি,ছিপাঝাৰ

বিহু অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ডস্বৰূপ।বিহু অসমীয়া জাতিৰ স্বাভিমান।বিহু যেতিয়ালৈ থাকিব তেতিয়ালৈ অসমীয়া জাতি জীয়াই থাকিব। অসমৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকা দেৱেও কৈ গৈছে যে বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা।বিহুৱে বৈচিত্ৰ্যতাৰে ভৰা অসমীয়া জাতি-জনগোষ্ঠী  সকলৰ মাজত  মিলনৰ সেঁ‌তু হিচাপে দিকনিৰ্নয় কৰি আহিছে। কিন্তু এটা প্ৰশ্ন উদয় হয়-আজিৰ প্ৰজন্মই বিহুৰ পৰম্পৰাক ভালদৰে অনুধাৱন কৰিব জানেনে বা সচেতন হয়নে?কিয়নো বিহুৱে সময় নদীত গতি সলায় স্বকীয়তাৰ অবিৰাম যুদ্ধত আজিৰ অৱস্থা পাইছেহি।
          "বিহু" শব্দটিৰ উৎপত্তিক লৈ ভিন্ন সময়ত ভিন্ন মত পোষণ কৰি আহিছে।'বিহু' শব্দটিৰ মূল 'বিষু' বা 'বিষুবন' ।জনজাতীয় অজনজাতীয়  প্ৰত্যকৰে নিজা নিজা এটা বিহু আছে।বিহু প্ৰকৃততে কৃষিভিত্তিক।ই অতি প্ৰাচীন কালৰ পৰাই চলি অহা বুলি বিবেচিত হৈ আহিছে।যদি ইয়াৰ পৰম্পৰা বিচৰা যায় তেন্তে বিহু শব্দৰ পৰম্পৰা লক্ষ্য কৰাতো নিতান্তই প্ৰয়োজন।পণ্ডিত সকলে ঠাৱৰ কৰিছে যে বিহু শব্দৰ উৎপত্তি সংস্কৃত বিষুবন শব্দৰ পৰা উৎপত্তি হৈছে।'অৰ্থবেদ' আৰু 'ঐতৰেয় ব্ৰাহ্মণ' আদি শাস্ত্ৰত পোৱা যায় যে বিষুবন যাগযজ্ঞ কৰা এটা দিনৰ নাম ।এই যাগযজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে।বিষ্ণুপুৰানতো আছে যে শৰৎ আৰু বসন্ত কালৰ মধ্যত সূৰ্য তুলা অথবা মেষ ৰাশিলৈ গ'লে বিষুব হয়।
         যদি প্ৰশ্ন কৰা হয় বিষুব সংক্ৰান্তিৰ সময়ত পালন কৰা এনে উৎসৱ অকল অসমতহে পালন কৰা হয়নে?নিশ্চয়কৈ নহয়।উত্তৰ -পূৱ ভাৰতৰ লগতে ভাৰতবৰ্ষৰ আন আন ঠাইতো পালন কৰা হয় এই উৎসৱ।দক্ষিণ ভাৰতৰ নায়াৰ সকলে নৱবৰ্ষৰ উৎসৱক 'বিষু' বোলে।ঠিক সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচ সকলৰ মাজতো বিষু উৎসৱ পালন কৰা হয়।মধ্যপ্ৰদেশৰ ওৰাওঁ‌ সকলে গ্ৰীষ্ম কালত  বিষুচিকাৰ ৰ ব্যৱস্থা কৰা হয়।এই ব্যৱস্থা আমাৰ ইয়াতে মাঘ বিহুত পালন কৰা সমুহীয়া মাছমৰা অথবা পহু চিকাৰ ব্যৱস্থাৰ লগত সাদৃশ্য আছে।বড়োসকলে অতীজৰে পৰা পালন কৰি অহা বৈশাগু হ'ল তেওঁলোকৰ প্ৰধান উৎসৱ।চৈ'ত মাহৰ শেষ দিনৰ পৰা আৰম্ভ কৰি সপ্তম দিনটোলৈ এই উৎসৱ পালন কৰা হয়।ৰঙালী বিহুক অসমৰ বিভিন্ন ঠাই বা সম্প্ৰদায় ভেদে ভিন্ন নাম আছে ।দেউৰীসকলে বিচু ,ডিমাচা সকলে বুচু আৰু তিপৰা সকলে বিজু  বুলি কয়।
         বিহু অতি প্ৰাচীনকালৰ পৰাই চলি অহা যদিও প্ৰাচীন অসমীয়া সাহিত্যত ইয়াৰ বৰ্ণনা পোৱা নাযায়।অৱশ্যে শংকৰদেৱৰ 'কীৰ্তন উৰেষা বৰ্ণন' ত বিষুদিনা শব্দটো আৰু ৰামচৰণ ঠাকুৰে লিখা গুৰু চৰিতত চিত্ৰবিষু শব্দ দুটা পোৱা যায়।
   উৰেষা বৰ্ণনত লিখিছে-
      "বিষুদিনা বিধিমতে পঞ্চতীৰ্থ কৰি
       শুদ্ধমনে দেখয়ে শুভদ্ৰা ৰাম হৰি
        সিয়োজনে সমস্ত যজ্ঞৰ ফল পাইব
        পাতক নিস্তাৰি বিষ্ণুৰ ভুৱনক যাইব " ।২০৮
       ইয়াৰোপৰি শংকৰদেৱৰ তীৰ্থভ্ৰমনৰ সময়ত তেওঁৰ লগত যোৱা ভক্ত সকলে ৰুক্মিনীৰ মন্দিৰ চাবলৈ বিচৰাত শংকৰদেৱে এনেকে কোৱা বুলি ৰামচৰণ ঠাকুৰে গুৰু চৰিতত লিখিছে-
         "এহিবুলি তিনিজনে কৰন্ত কাতৰ
         শুনি সৰ্বজয় বুলি মাতিলা শংকৰ
         চৈত্ৰ বিষু সংক্ৰমণে আসিয়া মিলিব
        সেহিদিনা ৰুক্মিনীৰ মন্দিৰ উঠিব ।"২০৬৫
         প্ৰসিদ্ধলেখক ড° মহেশ্বৰ নেওগে পোন প্ৰথমে লিখা "চ'তৰ বিহু ৰঙালী" প্ৰৱন্ধৰ আৰম্ভণিতে লিখিছে চ'তৰ বিহু ৰঙালী বিহু,কাতিৰ  কঙালী বিহু আৰু মাঘৰ ভোগালী বিহু।এই তিনিটা বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয় যি মহাবিষুৱ সংক্ৰান্তি,জলবিষুৱ সংক্ৰান্তি আৰু উত্তৰায়ণ সংক্ৰান্তিৰ লগত জড়িত।
     ৰুদ্ৰসিংহই সপ্তদশ শতিকাৰ কবি কবিৰাজ ৰামনাৰায়ন চক্ৰৱতীৰ হতুৱাই(১৬৯৬-১৭১৪)বিহুগীত সংস্কৃতত লিখাই সৰ্বভাৰতীয় ৰূপ দিছিল।বিহুগীতত হৰিণাম সংযোগ হৈ আছিল বাবে কবিগৰাকীয়ে লিখিছিল-
      "নৃত্যতি ললিতং,হৰিগুণ কলিতং
     গায়তি বিহু বিলাসম
     কলিত সুবচনং মুখিৰিত বসনং
     নটি পলৈ মৃদুহাসং "।
    অসমীয়া পুৰণি পুথি সমুহত বিহু উৎসৱ সম্পৰ্কে বিস্তৃত বৰ্ণনা পোৱা নাযায়।আসাম বন্ধু(গুণাভিৰাম বৰুৱা সম্পাদিত)ত "মৌ"ৰ সম্পাদক বলিনাৰায়ন বৰাৰ বিহু প্ৰৱন্ধত মাঘ বিহু ,ব'হাগ বিহু আৰু কাতি বিহু সম্পৰ্কে সুন্দৰ বৰ্ণনা পোৱা যায়।বৰাদেৱে ৰঙালী,ভোগালী আৰু কঙালী বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল আৰু তেতিয়াৰ পৰাই সম্ভৱত বিহুৰ এই নাম কেইটা প্ৰচলিত হয়।
          সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই বাঁ‌হী আলোচনীত বিহুৰ সপক্ষে একাধিক বাৰ ওকালতি কৰিছিল চোকা আৰু বেংগৰ সুৰত।তেখেতে বাঁ‌হীত বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি বিহু সম্পৰ্কে যি প্ৰৱন্ধ লিখিছিল তাৰ মাজত 'বৰঘৈণী' আৰু 'সৰুঘৈণী'ৰ কথাৰ মাজত সংৰক্ষণ গোষ্ঠী আৰু উদাৰ মনোভাবগোষ্ঠী দুই দলৰ কথা স্পষ্টকৈ ফুটাই তুলিছিল।
           বিহু সম্পৰ্কে সংস্কাৰমুখী কাম বা প্ৰৱন্ধ লিখিবলৈ যাওঁ‌তে দায়বদ্ধতা বুজি সচেতন হোৱা দেখা যায়।নকুলচন্দ্ৰ ভূঞাই মৌখিক ভাৱে চলি থকা বিহু সমুহ 'ব'হাগী '(১৯২৩ )নাম দি পুথি প্ৰকাশ কৰাৰ সময়ত সংৰক্ষণ বাদীসকলে সমালোচনা কৰিব বুলি ভয় কৰিছিল।কিন্তু বিহু নৃত্য আৰু গীতৰ সম্পৰ্কত সংৰক্ষণ বাদী সকলৰ মনোভাব সলনি হৈ আহিছে আৰু সকলো শ্ৰেণীৰ লোকে আদৰি ল'বলৈ ধৰিছে।
       গভীৰ ভাৱে অধ্যয়ন নকৰাকৈ কেতিয়াবা কেতিয়াবা অভিজাত শ্ৰেণীৰ কোনোবাই বিহুগীতক গৰখীয়া গীত বুলি ভাৱি অশ্লীল নাইবা চহা গীত বুলি কটু মন্তৱ্য কৰি আহিছে।ইয়াৰ প্ৰত্যুত্তৰত জনকৃষ্টিৰ সাধক ড° প্ৰফুল্ল দত্তদেৱে কৈ গৈছে-"মজাৰ কথা এয়ে যে ঢেকিয়াল ফুকন আদি লোকৰ বিবেচনাত বিহুৰ যিবিলাক বেয়া লক্ষন সেই বিলাকেই মুল বিহু উৎসৱৰ কেন্দ্ৰীয় সামগ্ৰী।অৰ্থাৎ প্ৰাচীন ভাৰতত খেতি বাতিৰ মংগলৰ হকে চলিছিল যাগ-যজ্ঞ।অসমত তাৰ পৰিবৰ্তে চলিল যৌন মূলক নৃত্য-গীত আৰু দুয়োবিধ ক্ৰিয়াৰ উদ্দেশ্য কিন্তু একেটাই।
    সময়ৰ পৰিবৰ্তনৰ লগে লগে ব'হাগ বিহু মুকলি পথাৰ অথবা আঁ‌হত গছৰ গুৰিৰ পৰা আহি মঞ্চ পালেহি।তুলনামূলকভাৱে যদি চোৱা যায় তেন্তে ক'ব পৰা যায় যে ব'হাগ বিহু প্ৰকৃতি ৰাজ্যৰ পৰা ভালেখিনি আঁ‌তৰি আহিল।সমাজ ব্যৱস্থাৰ লগে লগে বিহুৰ ভালেখিনি পৰিবৰ্তন আহিল।বৰ্তমান সময়ত বিহু বুলি ক'লে সাধাৰণতে অকল বিহু গীত বুলি ভাৱে।আধুনিক সভ্যতাৰ লগত আমাৰ বিহুৰ পৰম্পৰাই খোজ মিলাই যাব নোৱাৰাটোৱেই ইয়াৰ বাবে মূল কাৰণ বুলি ক'ব পাৰি।অৱশ্যে অতি শেহতীয়াভাৱে কিছুলোকে বিশ্বৰ দৰবাৰত বিহুক তুলি ধৰাৰ প্ৰয়াসেৰে অতীতৰ বিহু অৰ্থাৎ মূল বিহুৰ শিপা খামুচি ধৰিছে।এয়া আশাব্যঞ্জক যদিও সন্তোষজনক নহয়। এই ক্ষেত্ৰত প্ৰতিজন অসমীয়াই বিহুৰ স্বকীয়তা ৰক্ষাৰ দায়িত্ব হৃদয়ংগম কৰিব পৰাতো হৈছে বৰ্তমান সময়ত অসমীয়া জাতিৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান।