Type Here to Get Search Results !

এমুঁঠি পোহৰ ছতিয়াই দে কানাই


জোৎস্না শইকীয়া

  দৰং



ব্যৰ্থতা ভৰা জীৱনৰ চকুপানী
জীৱনে আৰু কিমান সহিব
পাটমাদৈ সপোনৰ আকাশত
আকৌ ৰামধেনু কেতিয়া ফুলিব
জীৱনে কেনভাছত পুনৰ ৰং
কেতিয়া বুলাব...?

এন্ধাৰে আৱৰা পৃথিৱী
অকলশৰীয়া পৃথিৱী
এয়া কি ..
তোমাৰেই সৃষ্টি..
গৃহবন্দী আজি
জীৱন ৰক্ষা
কানাই...
ভালৰ সকলো তুমিয়েই নিলা
মৰম,দয়া,ক্ষমা, প্ৰাৰ্থনা,
হাঁহি,সুখ...
বাকী থাকিল
বুকুৰ যন্ত্ৰনাকাতৰ কলিজাটো
আজি তাতো
তোমাৰ চকু..
এয়া নাছিল জানো
তোমাৰ দান
দান জানো ফিৰাই লয়
তেনে কিয় আজি চৌদিশে
কলিজাৰ..
ভয় মাথোঁ ভয়..
অ' কানাই
কাবৌ কৰিছোঁ
নকৰিবা আৰু জীৱনক
অকলশৰীয়া
এন্ধাৰবোৰ আঁতৰাই
এমুঁঠি পোহৰ ছতিয়াই দিয়া
এমুঁঠি পোহৰ ছতিয়াই দিয়া...!!