সঞ্জীৱ কুমাৰ বাইলুং
আকাশৰ বিশালতাক সুধিলোঁ
" তুমি কেতিয়াও পৃথিৱীৰ প্ৰেমত পৰা নাই কিয় ? "
আকাশে ক'লে - " মোৰ বিশাল উদাৰতাক পৃথিৱীয়ে স্পৰ্শ কৰিব পৰা নাই বাবেই । "
সীমাহীন ভাল পোৱা পোৱা আছে বাবেই
আকাশৰ সীমনাত এখনি ছবি আঁকিছিলো
মেঘৰ মাদল বাজিলে ময়ুৰীৰ দৰে
পেখম ধৰি নাচিছিলোঁ
ধুমুহাৰ প্ৰচণ্ড শক্তিৰ দৰে
বজ্ৰৰ নিনাদত কন্ঠ নিগৰাইছিলোঁ
মানবতাবোধৰ আদৰ্শৰে উদ্বুদ্ধ হৈ মানুহৰ মাজত
ভাল পোৱা বোৰ বিলাইছিলোঁ ...
আজি আকাশে বতাহে মেঘাচ্ছন্ন কলীয়া ডাৱৰে
ভালপোৱা বোৰ ধূসৰিত কৰিছে ছাঁইৰ দৰে
হৃদয়ৰ আগ্নেয়গিৰিত তপ্ত বেদনাবোৰ
লাভা হৈ নিগৰিছে দুচকুত আৰু সৰীসৃপৰ দৰে মেৰিয়াই ধৰিছে দু:সময়ৰ দু:সংবাদে মোক
নদীয়ে যদি মলিনতা ধুই নিব পাৰে
আকাশে যদি উদাৰতা সিঁচিব পাৰে
মই আকৌ সাজু হ'ম
সমিধান বিচাৰি প্ৰশ্ন কৰিবলৈ ...হে আকাশ তোমাৰ বিশালতাক এবাৰ স্পৰ্শ কৰিবলৈ নিদিয়া কিয় ?
আমি পৃথিৱীৰ মানুহ
আমাক স্পৰ্শ কৰা
তোমাৰ বিশালতাক প্ৰাধান্য দিয়া
মানুহৰ মনাকাশ পোহৰাবলৈ ....