Type Here to Get Search Results !

সম্পাদকীয়

শাক-পাচলি বাৰীখন


অসমীয়া পৰিয়ালৰ লগত এটি নিবিড় সম্পৰ্ক ঘৰৰ কাষতে থকা এখন শাক-পাচলিৰ বাৰী।
   আজি পৰিবৰ্তনশীল সমাজ ব্যৱস্থাৰ লগত অসমীয়া পৰিয়াললৈয়ো বহু পৰিবৰ্তন আহিছে। জনসংখ্যাৰ বৃদ্ধিৰ অনুপাতে মাটি পৰিমাণ বঢ়া নাই। সেয়ে আগতে যেনেদৰে প্ৰতি পৰিয়ালতে একোখন শাকনি তথা ফলমূলৰ বাৰী থকাটো স্বাৱলম্বীতাৰ প্ৰতীক আছিল। আজি  গাঁওবোৰৰ পৰিয়ালটো এনে বাৰী বহু পৰিমাণে কমি আহিছে, অবশ্য ইয়াৰো বহু কাৰণ আছে। এইখিনি আমি আলোচনালৈ নগৈ আমাৰ গাৱৰ নতুবা নগৰৰ পৰিয়াল একোটাৰ বজাৰ কিছু ৰাহি আৰু সতেজ শাক-পাচলি কেনেকৈ নিজৰ বাৰীৰ চৌহদৰ মাজতে পাব পাৰো তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো।