Type Here to Get Search Results !

ৰাজমন্ত্ৰী লাই থেপেনা বৰ গোহাঞি এক বিৰল ব্যক্তিত্ব

দীপজ্যোতি বৰ গোহাঁই (মাদুৰি )



জয়মতী কুঁৱৰীৰ পিতৃ তথা গদাপাণিৰ শহুৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞি ৷লাই থেপেনা বৰ? গোহাঁঞি ডাঙৰীয়াই প্ৰথমে সলাল গোহাঁই ক্ষমতাৰে নিশ্বয় শৰাইঘাটৰ যুদ্ধত কোনোবা এটা খণ্ডত সেনাপতি হিচাবে নেতৃত্ব দিছিল ৷যদিও সেই কথা প্ৰমাণৰ কোনো তথ্য আমাৰ হাতত নাই ?শৰাইঘাটৰ যুদ্ধ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত সামৰণি পৰিছিল ১৬৭১ গতিকে এটা খণ্ডৰ ৰাজ্যপাল হিচাবে তেখেতে সেই যুদ্ধত নেতৃত্ব দিছিল বুলি অনুমান কৰাৰ থল আছে ৷তেওঁৰ দ্বিতীয় পুত্ৰ কমলাকান্তই মুখিয়াল সেনাপতি হৈ শৰাইঘাটৰ যুদ্ধত  সহযোগ কৰিছিল ৷শৰাইঘাটৰ যুদ্ধত পৰিজিত হৈ ৰামসিংহই উভতি নগৈ পুনৰ আহোম ৰাজ্য আক্ৰমণৰ উদ্দেশ্যি ৰঙামাটিত থান কৰি শিবিৰ পাতিছিল ৷সেইয়ে আতন বুঢ়া
 গোহাই আৰু লালুসোলা বৰফুকনৰ নেতৃত্বত সাজু হৈ আছিল ৷ইফালে ডেবেৰা 
বৰুৱাই বৰ বৰুৱা পদত অধিস্হিত হৈ নিজৰ ইছ্ছা মতে ৰজা আৰুবিষয়া ভঙাপতা কৰি গড়গাৱত ভয়াবহ পৰিস্হিতিৰ সৃষ্টি কৰিছিল ৷আতন বুঢ়া গোহাইৰ নেতৃত্বত  শৰাইঘটীয়া  সেনাপতি সকলে গড়গাঁও লৈ  গৈ ডেবেৰাক বধ কৰি  ডেবেৰাই আৰম্ভ কৰা ভয়াবহ শাসনৰ অন্ত পেলায় ৷আৰু তেওঁলোকৰ মনৰ পচন্দৰ  কো্ৱৰ দিহিঙীয়া ফৈদৰ ছ্যুজিনফাক সিংহাসনত বহুৱাইছিল ৷এই অভিযানত বুঢ়া গোহাইয়ে লাইথেপেনা সলাল  বৰ গোহাঞিক নিজৰ সেনা বাহিনী লৈ গড়গাঁওলৈ  যাবৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ আদেশ দিয়াৰ কথা ইতিহাসে কয় ৷ডেবেৰাই আত্মৰক্ষাৰ
 উপায় হিচাবে গুৱাহাটীৰ ফুকন আৰু ৰাজখোৱা সকলৰ পুত্ৰ ভতিজাসকলৰ লগতে লাই থেপেনা বৰ গোহাঞি ডাঙৰীয়াৰ বৰ পুত্ৰ 
 কংখাম বা হৰিনাথকো পণ বন্দী কৰিছিল লগতে যুদ্ধত হাৰিলে তেওঁলোকক শিৰশ্চেদ কৰি অংগ পতঙ্গ সমুহ তেওলোকৰ পিতৃ মাতৃৰ হাতত তুলি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷কাৰণ এই সৰু সৰু অথচ ভয়ংকৰ ষড়যন্ত্ৰবোৰ বাবে ই সকলোৰে  মনত থকা ইপ্সিত ক্ষমতাৰ লালসা ৷সেইবাবে লাও বৰচেতিয়াৰ মণ্ত্ৰণা মতে স্বৰ্গদেৱে বুঢ়াগোহাইক ধৰাৰ যি অভসন্ধি তেতিয়া বুঢ়াগোহাইয়ে লাইথেপেনা বৰ গোহাইক  বৰ চেতিয়াৰ সৈতে আৰু কেইজন মান ফুকন বাবৰ বিষয়াৰ সৈতে 
 বাটচ’ৰাত লগপাইছিল ৷স্বৰ্গদেৱে বুঢ়াগোহাইক হত্যা কৰিবলৈ উদ্যত হৈচিলেই কিন্ত বুঢ়া গোহাই ততালিকে সেই স্হানৰপৰা আঁতৰি গৈ ডেৰ গাৱত বাহৰ পাতে ৷সই সময়ত স্বৰ্গদেউ ইমানেই অস্হিৰ হৈ পৰিছিল যে বিষয়াসকলে তেওঁক কোনেও বুজাই বঢ়াই শান্ত কৰিব নোৱাৰিছিল ৷যদিও তেতিয়া সলাল গোহাঞি লাইথেপেনা বৰ গোহাঞি য়ে স্বৰ্গদেউক কৈছিল যে স্বৰ্গদেউৱে ইমান এটা সৰু সাধাৰণ গণ্ডগোলতে  ইমান অধৈৰ্য হৈ পৰে তেনেহলে সাধাৰণ  প্ৰজাৰ দুখ -দুদৰ্শাৰ অগ্নি পৰীক্ষাত শান্ত সুস্হিৰ থকাৰ কথা তেখেতে কেনেকৈ আশা কৰিব " ?
৷কলিয়া বৰত গড়গঞা আৰুগুৱাহাটী ডা ডাঙৰীয়া বিষয়া সকলোৱে৷আলচি গোপনে ল'ৰা ৰজাক আঁতৰাই গদাপাণিক ৰজা পাতিলে ১৬৮১ চনৰ আগষ্ট মাহত গদাধৰ সিংহ নামেৰে তাৰপাছতো সকলোৱ আলচি
 যাতে কিবা কাৰণত বন্দৰ বৰফুকন :;চম্পা পানীফুকন ;দীঘলা বুঢ়া গোহাই আৰু কেইজনমান গুৱাহাটীয়া ফুকনে ষড়যন্ত্ৰ কৰি গদাপাণিক ৰজা ভঙাৰ ষড়যন্ত্ৰ ত আছিল যদিও লাইথেপেনা টৰ গোহাঞি নাছিল ৷দুৰ দৃষ্টি সম্পন্ন লাইথেপেনা বৰ গোহাঞিয়ে জানিছিল বুজিছিল  যে ?গদাধৰ কোঁৱৰৰ দৰে বাহুবলী সাহসী আৰু অভিজ্ঞতা সম্পন্ন ৰাজকোঁৱৰেহে ৰাজ্যলৈ সুস্হিৰতা ;শান্তিৰ বাতাবৰণ ঘুৰাই আনিবলৈ সক্ষম হব ৷গদাধৰ সিংহৰ ৰাজত্ব কালতে ১৬৮১ তেখেতে ৰাজমন্ত্ৰী পদত অধিস্হিত হৈছিল ৷ল'ৰা ৰজাৰ দিনতে "জবঙক
 (জপং শেন বৰ গোহাই )ভাঙি লাইথেপেনা সলাল বৰ গোহাই ক( ১৬৮০খৃষ্টাব্দত) বিষয় বাব দিছিল যদিও তেওঁ তেখেতৰ বৰ পুত্ৰ কংখানক সলাল গোহাই বিষয় বাব দিয়াইছিল ৷এই কথাই ইয়াকেই প্ৰমাণ কৰে যে লাইথেপেনা বৰ গোহাই ক্ষমতালোভী আৰু স্বাৰ্থপৰ নাছিল ৷তেওঁ ৰাজনীতিত থকা মুল্যবোধক সন্মান কৰা আৰু আইন- কানুন মানি চলা আত্মসন্মানবোধ থকা লোক আছিল ৷তেওঁ ডা-ডাঙৰীয়া আৰু বিষয়া সকলৰ আস্থাভাজন আছিল ;সকলোৰে পৰা মান সন্মান আদায় কৰিবপৰা শক্তিশালী ব্যক্তিত্ব সম্পন্ন বিষয়া আছিল ৷এনে গুণ নথকা হলে বিষয়া সকলে এক মন একে বাক্যে তেওঁক বৰ গোহাঞি পদত অধিস্হিত  নকৰিলেহেলেন ৷(সহায় লৈ আৰু আগলৈ