Type Here to Get Search Results !

ঐতিহ্যমণ্ডিত নাৰিকলি শিৱ মন্দিৰ

সদানন্দ শইকীয়খান্দাজান

     দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ ৷ এই মন্দিৰৰ এক সুকীয়া ঈশ্বৰীক শক্তি আছে বুলি সকলো সম্প্ৰদায়ৰ মানুহৰে বিশ্বাস আছে ৷ গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা  ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে থকা এই ঈশ্বৰীক শক্তিসম্পন্ন মন্দিৰটোত অতীতৰ পৰাই  গাড়ী মটৰৰে অহা সকলো সম্প্ৰদায়ৰ পথচাৰীয়ে  অলপ সময় গাড়ী ৰখাই হলেও দানপাত্ৰত পইচা দি ভগৱানক সেৱা জনাইহে যাত্ৰা কৰে ৷ বিশেষকৈ সোমবাৰে অগণন ভক্তৰ সমাগমৰে গিজগিজাই থাকে নাৰিকলি শিৱ মন্দিৰৰ চৌপাশ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গা চুই প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য্যৰ মাজত অৱস্থিত এই মন্দিৰৰ মহিমাই সকলো ভক্তৰে অন্তৰ জয় কৰিছে ৷ চাকি, ধুপ, ফলমুল, নৈবদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰে মন্দিৰৰ চাৰিবেৰ ৷ শিৱ বন্দনাৰ মধুৰ স্তুতিয়ে মনত বোৱাই তোলে ভক্তিৰ অমিয়া ৰস ৷
   মধ্যযুগৰ কোচ, কচাৰী, আহোম শাসনৰ সময়ত হিন্দু ধৰ্ম প্ৰচাৰৰ বাবে অসমৰ চাৰিওপিনে এনে বিভিন্ন মঠ-মন্দিৰ আৰু ভিন্ন আৰ্হিৰ ভাস্কৰ্য্যৰ কৃতিচিহ্ন নিৰ্মান কৰিছিল ৷ এনে পুণ্যধাম সমুহৰ ভিতৰত  শক্তিবাদৰ মহানতম মন্দিৰ দৰঙৰ এই নাৰিকলি শিৱ মন্দিৰ ৷ বিভিন্ন জনশ্ৰুতি আৰু প্ৰবাদে বৰ্ননা কৰামতে এই মন্দিৰ হেনো প্ৰথম অৱস্থাত শিলৰ এক মনোমোহা আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল ৷ সেয়ে ইয়াৰ পৌৰাণিক নাম শিলৰ খুতি বুঢ়া গোঁহাই বুলিও কৈছিল ৷ যেতিয়া সেনাপতি কালাপাহাৰে অসমৰ মঠ-মন্দিৰ বোৰ ভাঙি ফুৰিছিল তেতিয়া এই শিল্পকলাৰ জাকজমকতাৰে নিৰ্মিত মন্দিৰটোও হেনো ভাগি চুৰমাৰ কৰি দিছিল ৷ তাৰপাছত সেই স্থানতে স্থানীয় লোকৰ তত্ত্বাৱধানত পুনৰ্নিমাণ হ’ল ৷
  বহুবছৰ শিৱ মন্দিৰৰ পুণ্যধাম ভগৱান শিৱৰ নামেৰে ৰজনজনাই থকাৰ পিছত নাৰিকলি গাঁৱৰ শঙিধৰ নাথৰ মনদাপোনত ভাহি উঠিল অন্য এক সপোন ৷ বিষ্ণু আৰাধনাৰ নিমিত্তে স্থাপন কৰা হ’ল ভাগৱত মন্দিৰ ৷ এক সুন্দৰ ভাস্কৰ্য্যৰে নিৰ্মিত ভাগৱত মন্দিৰ আৰু শিৱ মন্দিৰৰ লগতে মনসা মন্দিৰ নিৰ্মাণৰ কামো পৰিচালনা সমিতিয়ে হাতত লৈছে ৷ প্ৰতিদিনে অহা দৰ্শনাৰ্থী আৰু বিবাহ যাত্ৰীৰ বাবে খোৱা লোৱা কৰাৰ সুন্দৰ পৰিবেশ আছে ৷ কোনো ধৰণৰ যানযঁটৰ অসুবিধা নহবৰ বাবে গাড়ী ৰখাৰ বাবে এখন নিৰ্ভৰশীল খেলপথাৰ আছে ৷ এই সকলোবোৰ চোৱাচিতা কৰে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ পৰেশ নাথক সভাপতি আৰু জগমোহন নাথক সম্পাদক হিচাপে বৰ্তমান একৈশ জনীয়া সমিতিয়ে এই সকলোবোৰ পৰিচালনা কৰি আছে ৷
   এই মন্দিৰৰ প্ৰধান উৎসৱ হৈছে শিৱৰাত্ৰি পূজা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শিৱৰাত্ৰি পূজা ৷ হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ মাজত শিৱৰাত্ৰিৰ মাঙ্গলিক পৰিবেশত সৰগত পৰিণত হয় নাৰিকলি শিৱ মন্দিৰৰ পুণ্যধাম ৷ ইয়াৰ উপৰিও প্ৰতি বছৰ অসমীয়া আঘোণ মাহৰ এক তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা ভাগৱত পাঠ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ গুনি জ্ঞানী শাস্ত্ৰীক পুৰুধা ব্যক্তি সকলে ভাগৱত পাঠ কৰে ৷

From Chroma Note: https://goo.gl/ScG4Hc