সঞ্জীৱ মহন্ত
Add caption |
"" প্ৰকৃতিক নাঙঠ কৰি তোলা মইয়ে দুষ্ট ফাগুন ..
ধুলিয়ৰি বাটে বাটে মই নামি আহো....
ষোড়শী গাভৰুৰ ঊৰ্ণিৰ আগলি কপাই...
মই অহাৰ বাবেই মদাৰৰ
হৃদয় জ্বলি জ্বলি
আকাশ ৰাঙলি হয়...
বিষাদগ্ৰস্থ বহু প্ৰেমিকে
ৰৈ ৰৈ শুনে ৰিব ৰিব
বতাহৰ সুহুৰি....
কেতিয়াবা অনুভৱ কৰিব খোজে
গধুলিগোপাল ফুলাৰ পৰৰ
নীড়মুখী পক্ষীৰ আবেগৰ কাকলি...
মোৰ বাবেই পলাশ শিমলুৰ
বুকুত জাগে এক
মধুৰ আস্বাদন...
ধূসৰ পদূলিৰ মুখে মুখে
পছোৱাই ছটিয়াই যায়
মৰম ভালপোৱা মিহলি
এক অবুজ অনুভৱৰ গুঞ্জন.."..