Type Here to Get Search Results !

মই ভাল পোৱা নদীখনেই গণতন্ত্ৰ

 ভূপেন বৰ্মণ,নাজিৰা


মই সাঁতুৰি-নাদুৰি ভাল পোৱা নদীখনেই গণতন্ত্ৰ আৰু ইয়াৰ বিশাল বুকুত নাচি-বাগি থকা ৰংচঙীয়া ঢৌবোৰ এজাক স্বাধীনতা॥
নদীবোৰ সময়ৰ গতিত বাম হয়;ঘোলা হয়;সুঁতবোৰ ভাগৰি পৰে।
নদীৰ বুকুত বাঢ়ি আহে আৱৰ্জনা;ঘৰিয়ালৰ জাক আৰু পিঠিত মাছমৰীয়াৰ দ'ল-
দ'লটোৱে চিঞৰে সৰু-সৰু বলহীন মাছবোৰ ক'ত? মাছবোৰ ক'ত??
গণতন্ত্ৰৰ বুকুত এজাক চেপা অথচ কঠোৰ উত্তেজনা,আন কেতিয়াবা ভীষণ কোলাহল।
নদীবান্ধে খহাই গণতন্ত্ৰৰ প্ৰেমালাপ,স্বাধীনতাৰ নিজা পোছাক।
সিহঁতৰ জীৱন্ত হত্যাৰ আখৰাত জন্ম দিয়ে এজাক অগণতন্ত্ৰ;কাষৰীয়া ধুনীয়া গাও;চহৰ;নগৰ আজি ক্লেদময়।
কাণপাতি শুনো বিশাল ব্লেকমেইলৰ শব্দ নদীৰ সেউজীয়া উপত্যকাত।