দীপশিখা চলিহা,দেওমৰণৈ,দৰং
'সত্ৰ' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক ধৰ্মীয় অনুস্থান।শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাতে প্ৰথমখন সত্ৰ স্থাপন কৰিছিল।সত্ৰ শব্দটোৰ আভিধানিক অৰ্থ হৈছে অধিবেশন, হোম-যজ্ঞানুষ্ঠান,আবাসস্থান। সত্ৰৰ আন এক অৰ্থ হ'ল ধৰ্ম শৰণ আদি।অসমত প্ৰায় সাতশ এনে সত্ৰ আছে। বহুকেইখন সত্ৰ বৰ্তমান বানপানী আৰু গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে।খটৰা সত্ৰও মাধৱদেৱ গুৰুজনাৰ আজ্ঞাত স্থাপিত দৰঙৰ এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ।
অসমৰ সত্ৰ সমূহৰ ভিতৰত নামনি অসমৰ দৰংজিলাৰ খটৰা সত্ৰ,দেবানন্দ সত্ৰ আদিৰ নাম উল্লেখযোগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাপৰ লেচাকনীয়া গোবিন্দ আতাই ১৫৬৮ খ্ৰীষ্টাব্দত নিকা সংহতিভুক্ত এই সত্ৰখনি স্থাপন কৰিছিল।উল্লেখ্য যে ৰঙিয়াৰ ওচৰৰ লেচাকোণা গাঁৱত স্থায়ী ঘৰ আছিল গোবিন্দ আতৈৰ। মাধৱ দেৱৱ পৰামৰ্শতে বিভিন্ন ঠাই ঘূৰি পকি ইয়াত গুৰু ধৰ্ম প্ৰসচাৰৰ অৰ্থে সত্ৰ পাতেহি। পুৰণি কালত এই অঞ্চলত খট অৰ্থাৎ অসুৰ স্বভাৱৰ কিছু লোকক মাধৱদেৱৰ প্ৰপন্ন শিষ্য লেচাকনীয়া গোবিন্দ আতৈয়ে শৰন দিবলৈ সামৰ্থ হোৱা বিষয়টোক কেন্দ্ৰ কৰি সত্ৰখনৰ নাম খটৰা দিয়া হয় বুলিও বহুতে কব খোজে।
খটৰা সত্ৰলৈ সদায় ভক্তৰ সমাগম হয়।সত্ৰীয়া গীত, নৃত্য, বাদ্য, ভাওনা আদি বিবিধ কৃষ্টিৰ চৰ্চা অব্যাহত ৰাখি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰি আহিছে সত্ৰখনে। কাতি বিহুৰ সমান্তৰালভাৱে খটৰা সত্ৰত 'মথনী' নামৰ এটি লোক উৎসৱ পালন কৰা হয়।খটৰা সত্ৰত ’পাঁচেতি’ (পচতি ) উৎসৱ ৩৬ ঘণ্টা জুৰি ওজাপালি, ভাৱৰীয়া, ৰং ধেমালিৰে পালন কৰা হয় বুলিও জনা যায়৷
ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা খটৰা সত্ৰত পাঁচেটি উৎসৱ পালন কৰা হয়।সত্ৰৰ সত্ৰাধিকাৰৰ দ্বাৰা এই উৎসৱ পালন কৰা হয় যদিও ৰাইজৰ সহযোগিতা আৰু আন্তৰিকতাই এই উৎসৱক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। ইয়াৰোপৰি নন্দ উৎসৱ পালিত হয় ইয়াত, এই উৎসৱ উপভোগ কৰিবলৈও বহু দূৰ দূৰনিৰ পৰা ভক্তৰ সমাগত হয়।এনেদৰে খটৰা সত্ৰৰ মাহাত্ম প্ৰচলন হৈ আছে। মহিমা মণ্ডিত সত্ৰখনে প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ৪৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে মাৰ্চ মাহৰ ১৩, ১৪ আৰু ১৫ তাৰিখে ‘৪৫০ বছৰীয়া জয়ন্তী’ উৎযাপন কৰে।
মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালৰ পৰাই খটৰা সত্ৰই ৰাজপৃষ্ঠপোষকতা লাভ কৰি আহিছে।জনামতে,কোঁচ ৰজা সকলে এই সত্ৰক কৰ কাতলৰ পৰা সম্পূৰ্ণ ৰেহাই দিছিল।দৰঙী ৰজা ধৰ্মনাৰায়নে তামৰ ফলি দি নিষ্কৰ মাটি দান কৰিছিল খটৰা সত্ৰক।কোচ বিহাৰৰ নৱম মহাৰাজৰ পুত্ৰ চন্দ্ৰ নাৰায়ন আৰু দ্বাদশ মহাৰাজৰ পুত্ৰ ধৈৰ্য নাৰায়নেও সত্ৰলৈ দান বৰঙনি আগবঢ়াইছিল।ভগৱান ৰাম কেন্দ্ৰিক এই সত্ৰখনে কেইবাখনো আপুৰুগীয়া পুথিও প্ৰকাশ কৰিছে।
বৰকাকত, বৰফলিঃ
------------------
চাৰিটা খুটা থকাটো সত্ৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট।শাক্ত বৈষ্ণৱ জনজাতি-অজনজাতি সকলো খটৰা সত্ৰৰ ভক্ত।বহুলোকে এই সত্ৰক "ৰঘুনাথ মন্দিৰ" বুলিহে বিশ্বাস কৰে।এই সত্ৰত সংৰক্ষিত হৈ আছে সত্ৰৰ মূল্যৱান নথিৰ ভৰাল স্বৰূপ সাঁচিপাতত লিখা "বৰকাকত"।সাঁচিগছৰ বাকলিত লিখা এই বৰকাকতখন দীঘে 179 ছেঃমিঃ,বহলে 24 ছেঃমিঃ,এইখন বিভিন্ন দিনত লিখিত।সম্পাদনাৰ শেষ তাৰিখ 1255 খৃঃ। এই পবিত্ৰ বৰকাকতখনৰ আৰম্ভনিতে আছে 'শ্ৰীৰাম' শব্দটো,পিছতেই আছেঃ '1242 সন,পৰগনে বৰ দৰঙ্গ,গ্ৰাম খটৰা সত্ৰ'। এইখনৰ লিপি কাইথেলি লিপি।ইয়াত ওঠৰজন মেধিৰ এখন তালিকাও আছে।দৰঙী ফৈদৰ কোঁচ ৰজা ধৈৰ্য নাৰায়নে খটৰা সত্ৰলৈ আগবঢ়োৱা সাহাৰ্যৰ কথাও আছে ইয়াত স্পষ্টভাৱে।দৰঙৰ ইতিহাস অধ্যয়নত এইখনৰ গুৰুত্ব যথেষ্ট বুলিও নিঃসন্দেহে আমি জানিব পাৰো।খটৰা সত্ৰৰ আন এক সম্পত্তি হ'ল বৰফলি।মাৰ্বল পাত্থৰেৰে নিৰ্মিত এইখনেও ইতিহাসৰ বহু তথ্য দিব সত্ৰখনৰ বিষয়ে।
কবি ভবানন্দ মিশ্ৰ ৰচিত "গোবিন্দ চৰিত্ৰ"খনো সত্ৰত সংৰক্ষিত হৈ আছে।অসমৰ সত্ৰ সংস্কৃতিৰ ইতিহাসত খটৰা সত্ৰ এটি উজ্জ্বল নক্ষত্ৰ স্বৰূপ।দৰং তথা অসমৰ সমাজ জীৱনত খটৰা সত্ৰই উজ্জ্বলাই আছে। দৰঙী ৰজা ধৰ্মনাৰায়নে তামৰ ফলি দি নিষ্কৰ মাটি দান কৰিছিল।কোচ বিহাৰৰ নৱম মহাৰাজৰ পুত্ৰ চন্দ্ৰ নাৰায়ন আৰু দ্বাদশ মহাৰাজৰ পুত্ৰ ধৈৰ্য নাৰায়নেও সত্ৰলৈ দান বৰঙনি আগবঢ়াইছে। মহাৰাজ নৰনাৰায়নৰ ৰাজত্ব কালত এই সত্ৰই ৰাজপৃষ্ঠপোষকতা লাভ কৰা বাবে কোচ ৰজাসকলে সত্ৰক কৰ কাতলৰ পৰা ৰেহাই দিছিল।কোচ বিহাৰৰ নৱম মহাৰাজৰ পুত্ৰ চন্দ্ৰ নাৰায়ন আৰু দ্বাদশ মহাৰাজৰ পুত্ৰ ধৈৰ্য নাৰায়নেও ধন সম্পতি দান কৰিছিল বুলি ইয়াৰ বৰকাকত বৰফলিয়ে কয়।ৰজা চন্দ্ৰ নাৰায়নে আৰম্ভনিতে বনোৱা কীৰ্তন-মণিকূট ভাঙি যোৱাত হেলা বৰুৱাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰিছিল বুলিও জনা যায়।সেই কীৰ্তন ঘৰৰো শোচনীয় অৱস্থা হোৱাত পথৰুঘাটৰ সেই সময়ৰ তহচিলদাৰ দিদাৰুদ্দিন বৰাই আগভাগ লৈ পুনৰ নিৰ্মাণ কৰায়।উল্লেখ্য যে,তেখেতৰ দিনতেই ছকুৰি নাহৰৰ খুটা লগোৱা হৈছিল।
কিছু ইতিহাসঃ
-------------
শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য ভকত বান্ধৱ,বঢ়াৰপো মাধৱদেৱৰ বাৰজন শিষ্যৰ সপ্তমগৰাকী আছিল ৰঙিয়াৰ ওচৰৰ লেচাকোণা গাঁৱত জন্মগ্ৰহন কৰা গোবিন্দ আতৈ। মাধৱদেৱৰ আজ্ঞাপৰ সেই গোবিন্দ আতৈয়ে ১৫৬৮ খ্ৰীষ্টাব্দত খটৰা সত্ৰ স্থাপন কৰিছিল।মাধৱদেৱে এবাৰ ধৰ্ম প্ৰচাৰৰ বাবে দৰং জিলাৰ ৰৌতালৈ আহিছিল।কিন্তু তাত বিশেষ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি গুৰুজনাই দৰং জিলাত ধৰ্ম প্ৰচাৰৰ দায়িত্ব গোবিন্দ আতৈক দিছিল।গুৰুজনাৰ আদেশ শীৰত লৈ গোবিন্দ আতৈয়ে তিনিগৰাকী ভকতৰ সৈতে আহি প্ৰথমে ভুলুংমুখত সত্ৰ পাতে আৰু পিছত পানীশেলী নগৰালৈ সত্ৰ স্থাপনৰ উদ্দেশ্যে গৈছিল যদিও সফল ন'হল।বিভিন্ন ঠাই ঘূৰি আহি গোবিন্দ আতৈ বৰ্তমান খটৰা থকা ঠাইত উপস্থিত হয়।সেই সময়ত ঠাইখিনি হাবি জংঘলেৰে পূৰ্ণ আছিল।তাত খোজ দিয়ে আতৈয়ে এটা অলৌকিক দৃশ্য দেখিলে আৰু তেতিয়াই তেওঁ সেই ঠাইত খটৰা সত্ৰ স্থাপন কৰে।