গীতাঞ্জলি দেৱী
সাগৰিকা শইকীয়া , তুমি এতিয়া ক'ত ?
তুমি বাৰু সেইযোৰ সাজকে পিন্ধি আছানে ?
আয়ে পিন্ধাই দিয়া সাজযোৰ ?
আকাশৰ বেলিটো কঁপালত আঁকি লোৱাৰ দিনা
তোমাৰ প্ৰথম পৰিচয়টো হেৰাল ,
তোমাৰ অনামিকা আঙুলিত জিলিকি থকা হীৰাৰ আঙুঠিটোৱে তোমাক এটা বেলেগ পৰিচয় দিলে ।
বোকাত খামুচি তুমি দিয়া খোজবোৰৰ চিন
আইৰ চোতালত আজিও জিলিকি আছে ।
বৰঘৰৰ বাহিৰে -ভিতৰে আয়ে আজিও শুনে
তোমাৰ মৌ সনা মাত ।
আয়ে কাণ উনাই পেলাব খোজে বুকুখন শাঁত।
"উভটি নবয় নদী ।" - তোমাৰ সপক্ষে যুক্তিত তুমি চাগে হেৰুৱাই পেলালা নিজক ।
জীৱনৰ সৰ্পিল পথেৰে সংগীৰ সতে তোমাৰ অনাদি আৰোহণ । উচ্ছৰ পৰা সুউচ্ছলৈ ।
সেইবাবেই চাগে বোকাময় চোতালৰ মুকলি গোন্ধ
তোমাৰ কাষ পোৱাগৈ নাই ।
আইৰ আজি বৰ দুখ ,
অকলশৰীয়া হোৱাৰ দুখ ।
পুত্ৰই ঘৰ এৰাৰ দুখ ।
বৰঘৰৰ মাৰলি খহাৰ দুখ ।
হুৰ-হুৰকৈ খহিব পাৰে মুধচ ।
হুঁ-হুঁৱাই নামিব পাৰে বৰষুণ ।
এবাৰ আহি চাই যোৱাহি সাগৰিকা, আইৰ দুখবোৰ ।
পিতালিত বহি কি দৰে আয়ে টুকি আছে চকুৰ পানী ,
এবাৰ চাই যোৱাহি ।
আহোঁতে পিন্ধি আহিবা আয়ে পিন্ধাই দিয়া সেই সাজযোৰ । বোকা খামুচি খোজ দিবা ।
সাগৰিকা শইকীয়া তুমি আহিবানে ?
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° °°°°°°°°°°°°°°°°°°°°