Type Here to Get Search Results !

'অসমীয়া ভাষা শিকাৰুৰ হাতপুথি' : ড০ বিন্দু ভূষণ বৰাৰ এখন উপযুক্ত গ্ৰন্থ

ভূমিত্রা দাস


      ২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ পোৱা ড৹ বিন্দু ভূষণ বৰাৰ 'অসমীয়া ভাষা শিকাৰুৰ হাতপুথি' খন    ৩য় বৰপেটা গ্ৰন্থ উৎসৱৰ পৰা ত য় সংস্কৰণ, ২০১৯ খন কিনিলো।  
 এনে এখন গ্ৰন্থৰ খুবেই প্ৰয়োজন অনুভৱ কৰি আছিলো বহুদিনৰ পৰাই।  
অসমীয়া ভাষাটো আজি নিজেই নিজৰ কাৰণে এক অচিনাকি ভাষা হৈ পৰিছে । ইয়াৰ কাৰণ আমি আমাৰ নিজৰ ভাষাটোক মাহীমাৰ দৃষ্টিৰে চাওঁ । জনাকৈ বা নজনাকৈ  হওক আমি বা আমাৰ অবহেলা অনিহাৰ বাবেই হওক আমি অসমীয়া ভাষাটো ব্যৱহাৰৰ ক্ষেত্ৰত বহুতো ভুল কৰোঁ । বানানৰ ক্ষেত্ৰত আমি আমাৰ অমনোযোগিতাৰ বাবে বহুত অশুদ্ধ বানান লিখি থাকো যাৰ বাবে  ভুলটো ভুল হৈ ৰৈ যায়। 
অকল ছাত্ৰ ছাত্ৰী সকলে যে ভুল কৰে সেয়া নহয় আজিকালি শিক্ষক, সাহিত্যিক, সাংবাদিক আদি শিক্ষিত ডিগ্ৰী ধাৰী লোকৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত উজুটি খোৱাটো এটা সাধাৰণ কথা হৈ পৰিছে । আমি এইবোৰৰ পৰা কেনেকৈ পৰিত্রান পাব পাৰো তাৰেই প্ৰচেষ্টাত  প্ৰকাশ পাইছে অসমীয়া ভাষা শিকাৰুৰ হাতপুথিখন। সঁচা অৰ্থত ক'বলৈ গ'লে এইখনেই এখন উৎকৃষ্ট গ্ৰন্থ য'ত অসমীয়া ভাষাটো কিছু পৰিমাণে প্ৰাণ পাই উঠিব পাৰিব । ইয়াত তেখেতে প্ৰতিটো বিষয়ৰ প্ৰয়োজনীয় তথ্য আৰু উদাহৰণেৰে সুন্দৰ বিশ্লেষণ কৰিছে।   প্ৰথম অধ্যায়ত অসমীয়া ভাষাৰ আখৰৰ পৰিচয় পৰা অসমীয়া ভাষাত ব্যৱহৃত চিহ্নবোৰ সুন্দৰভাৱে উপস্থাপন কৰিছে ১ ৰ পৰা ৩৭ পৃষ্ঠালৈ।  দ্বিতীয় অধ্যায় হলন্ত বা হসন্ত চিনৰ ব্যৱহাৰ পৰা চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিধি ৩৯ ৰ পৰা ১০৩ পৃষ্ঠালৈ সুন্দৰ বিশ্লেষণ কৰিছে। তৃতীয় অধ্যায় প্ৰত্যয়ৰ ফলত হোৱা আখৰ জোঁটনিৰ পৰিবৰ্তন ৰ পৰা সংখ্যবাচক শব্দ আৰু দশক, শতিকাৰ ধাৰণা ১০৭ ৰ পৰা ১৬২ পৃষ্ঠা আৰু চতুৰ্থ অধ্যায় ধ্বনি পৰিবৰ্তনৰ কাৰণ আৰু অসমীয়া ভাষাত ধ্বনি পৰিবৰ্তনৰ বিধিসমূহ  ৰ পৰা মুহুদি এক সুন্দৰ বিশ্লেষণ ।  প্ৰতিটো  অধ্যায়ৰ পৰা আমি ভুল কৰা শব্দ প্ৰত্যয়ৰ ব্যৱহাৰ, অসমীয়া ভাষাৰ আখৰৰ পৰিচয়, টো, তো  ৰ ব্যৱহাৰ । চন্দ্ৰবিন্দুৰ ব্যৱহাৰ, ণ, ন ৰ ব্যৱহাৰ, ৰ ৰ ব্যৱহাৰ  লৈ , এ কাৰ, ঐ কাৰ,  ঙ ৰ ব্যৱহাৰ । অসমীয়া ভাষাত ব্যৱহৃত চিহ্নবোৰ সাধাৰণতে  আমি ভুল কৰোঁ তেওঁ ১৮ পৃষ্ঠাত উদাহৰণ সহ দিয়া দুটামানহে মই প্ৰকাশ কৰিছো  " যতি চিহ্নবোৰে ভাবৰ বিৰাম, উঠা-নমা, পাৰ্থক্য আদিৰ ধাৰণাক সূচিত কৰে । অসমীয়া যতি-চিহ্নবোৰ হ'ল কমা, ক'লন, চেমিক'লন, দাৰি, প্ৰশ্নবোধক চিন , ভাববোধক চিন। উদ্ধৃতি চিনৰ উদাহৰণ সহ বৰ্ণনা  দিছে । ই আৰু ঈ ৰ ব্যৱহাৰত কৰা ভুলবোৰ তেওঁ দিয়া ধৰণে আমি সততে একে উচ্চাৰণ হ'লে কোনো কোনোত ই ঈ হ'লে ভুল অথবা অৰ্থৰ পৰিবৰ্তন হয় তেনে শব্দ তেওঁ আগবঢ়াইছে  গ্ৰন্থ খনিত ৫১ পৃষ্ঠাত। "তলত  ই আৰু ঈ - যুক্ত ভিন ভিন অৰ্থবিশিষ্ট কেতবোৰ শব্দ দিয়া হ'ল 
আশী : বি . চাৰিকুৰি, সাপৰ বিষদাঁত ।
আষি: বি. এশাৰী কল; আখি।
কালি: বি. এবিধ পেপা; দীঘলে -পুতলে পূৰণ কৰি পোৱা ফল; আজিৰ আগৰ দিন।
কালী: বি.  কালিকা; দুৰ্গা দেৱীৰ এটি ৰূপ ।
এনেকুৱা বহুত শব্দ তেওঁ আগবঢ়াইছে।
১২৭  পৃষ্ঠাত পদবীৰ লিঙ্গ পৰিবৰ্তন স্ত্ৰীলিঙ্গৰ পৰিবৰ্তন 
স্ত্ৰীলিঙ্গৰ ৰূপৰ প্ৰচলন কেবাটাও শব্দ দিছে যেনে সভাপতি স্ত্ৰীলিঙ্গ সভানেত্রী ; অভিনেতা অভিনেত্ৰী । সেইদৰে কিছুমান পদবীৰ ক্ষেত্ৰতো স্ত্ৰীলিঙ্গৰ ৰূপৰ পৰিৱৰ্তন নহয় যেনে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি  শব্দ তেওঁ উল্লেখ কৰিছে । অৱশ্যে দুটামান স্ত্ৰীলিঙ্গৰ পদবী ক্ষেত্ৰত পৰিবৰ্তন নথকা শব্দ গ্ৰন্থখনিত ৰৈ যোৱা পৰিলক্ষিত হৈছে । 
  মুঠতে তেওঁ যদিও ছাত্ৰ ছাত্ৰীৰ উপযোগী কৈ গ্ৰন্থ খন লিখিছে  গ্ৰন্থ খন পঢ়ি জানিব  পাৰিলো অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয় প্ৰতিজন অসমীয়াৰ বাবে এইখন এখন উপযুক্ত গ্ৰন্থ । আজিকালি ছপা মাধ্যমত অথবা বৈদ্যুতিক মাধ্যমতে হওক কাম কৰা লোকেও ভুল উচ্চাৰণ ভুল বানান ব্যৱহাৰ কৰিয়ে নিজকে মহান পণ্ডিত বুলি ভাবে। 
আমি যদি আমাৰ অসমীয়া ভাষাটো নিজৰ মাতৃভাষা বুলি শ্ৰদ্ধা কৰোঁ ; ভাষাটোৰ প্ৰতি প্ৰেম আছে তেন্তে এনে এখন গ্ৰন্থ প্ৰতিজন অসমীয়াৰ হাতে হাতে থকাটো খুবেই প্ৰয়োজন। আজি জাতি মাটি ভেঁটি চিঞৰি থকা আমি নিজেই যদি ভাষাটোক এই সংকট অৱস্থাত উদ্ধাৰ নকৰো তেতিয়া ভাষাটোৰ অস্তিত্বই বা ক'ত থাকিব । মোৰ দৃঢ় বিশ্বাস বৰাৰ এই গ্ৰন্থ খনিৰ পৰা আমি বহু পৰিমাণে উপকৃত হ'ব পাৰিম । 
মই নিজেও আমাৰ প্ৰতিষ্ঠানৰ অক্ষৰ বিন্যাসৰ ক্ষেত্ৰত হওক বৰ্ণাশুদ্ধি ৰ ক্ষেত্ৰত হওক কেতিয়াবা কেতিয়াবা উজুটি নোখোৱা নহয় । কিন্তু এই পুথিখন পঢ়ি ক'বলৈ বাধ্য হৈছো আগলৈ হয়তো সৰু সৰু ভুলবোৰ আমাৰ প্ৰত্যক্ষ কৰাত অসুবিধা নহয় ।
   অসমীয়া ভাষা শিকাৰুৰ হাতপুথি খনৰ বিষয়ে যিমান ক'লেও কম কোৱা হ'ব । গতিকে অসমীয়া গ্ৰন্থ প্ৰেমী ৰাইজে যেন অতি শীঘ্ৰেই এই পুথিখন পঢ়ে আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰত থকা খোকোজাৰ পৰা মুক্ত হয় ।  
যিসকল লোকে এই পুথিখন পোৱা নাই অতি সোনকালে  সংগ্ৰহ কৰক। গ্ৰন্থ খন পঢ়ি আপোনালোকে নিজেই ক'ব সঁচাকৈ এখন উপযুক্ত গ্ৰন্থ ড৹ বিন্দু ভূষণ বৰা ' অসমীয়া ভাষা শিকাৰুৰ হাতপুথি '। তেওঁ পৰিশিষ্টত সুন্দৰ সামৰণি মাৰিছে গ্ৰন্থখনিৰ। সঁচা কথা ক'বলৈ গ'লে অসমীয়া ভাষাৰ ক্ষেত্ৰত এইখন এখন সকলোৰে পদ প্ৰদৰ্শক গ্ৰন্থ ।