Type Here to Get Search Results !

এৰাপৰলীয়া ঘৰ

অৰুণ দুৱৰা



   ঘৰটো জহি খহি গৈছে ।পদূলি মুখৰ জপনা খন, অৰ্থাৎ লোহাৰ গেটখনৰ শলখা ডাল ভগা।আধা খোলা গেটখন মামৰে খাই এই পৰো,এই পৰো অৱস্থা ।
    আগ চোতালত শেলাই আৰু ঘাঁহ বন।বাৰীত যাৰে মন যায় সিয়ে গৰু ছাগলী এৰাল দিয়ে ।পথাৰত পানী উপচি পৰাত বাৰীৰ চাৰি সীমাৰ ফেন্সিংত বগাই থকা প্ৰেমলতা, ঘাঁহ বনবোৰ গৰু ছাগলী বোৰে উদৰ পূৰাই  খাই উৱলী যোৱা বাৰান্দাতে হাগে ,মূতে।
     তামোল বোৰত বগাই থকা পানবোৰ মানুহৰ হাত লাগি মৰিল ।যত্নৰ অভাৱত বৰ জাহাজী গছ বোৰ গঠীঁয়া লাগিল।কেতিয়াবা লাগো নালাগোকৈ দুআষি মান কলো লাগে ।পৃৰঠ নৌ হওঁতেই কোনেৱে তাকো কাটি লৈ যায় ।পিচ ফালে বাৰীৰ ঢাপত থকা ভলুকা জোপা দিনে দিনে
নিশকতীয়াহে হৈছে ।কুমলীয়া গাঁজবোৰ ভাঙি কোনোৱে ঘৰত খৰিচা নাইবা কোনোবাই দুটকাৰ বাবে বজাৰত বিক্ৰী কৰে ।
    গাঁজবোৰ কটা দেখিলে কোনোৱে আকৌ কয়-'কি কৰিছা? গাঁজবোৰ নাকাটিবা ।বাঁহ হলে  কামত আহিব ।নাপায়,মানুহ নাথাকিলে বুলি ......।'
    হয়,কোনোবাই নাকাটে।কিন্তু জোৰকৈ কাটোতাকো বাধা দিব নোৱাৰে।কাপোৰৰ তলত লুকাই অনা পলিথিনৰ ভিতৰৰ জাবৰ বোৰ ৰহিমলাই দলিয়াই দিয়া দেখি দুই একে কৈ যায়-'জাবৰ জোথৰ পেলাবলৈ ঠাই আৰু নাপালা।
   থৰক বৰক কৈ মলিয়ন গেঞ্জী আৰু আঁঠুলৈ চুৰিয়া পিন্ধা বয়সে বৃদ্ধ কৰা আদবয়সীয়া মানুহজন পুৱা হলে সেই ফালে যায় আৰু গধুলি সেই ফালেই ঘূৰি আহে।যাওঁতে আহোতে তেওঁ এৰাপৰলীয়া ঘৰটোৰ সমুখত অলপ ৰয় আৰু কঁপা কঁপা হাতেৰে এৰি থকা ফেন্সিং ডাল ঠিক-ঠাক কৰি দিয়ে ।নোৱাৰিলে পদূলিৰ ভগা গেটখন বন্ধ কৰিবৰ যত্ন কৰে।অগত্যা একো নোৱাৰিলেও পদূলিত পৰি থকা পলিথিনৰ মোনা কেইটা আতৰাই পেলায়।কামটো কৰি তেওঁৰ কিবা এটা পুলক অনুভৱ হয় আৰু অপলক দৃষ্টিৰে ঘৰটোলৈ চাই ৰয়।দুৱাৰ খিৰিকিবোৰ এৰাইছে বা পচিছে যদিও  ছাঁদ খন কিন্তু এতিয়াও মজবুত ।দমকলৰ পাম্পটো ছাগে কেতিয়াবাই কোনোবাই  ফেৰিৱালাক কেজি হিচাবে বিক্ৰী কৰিলে।স্বৰ্গতোক্তিৰ দৰে মুখৰ মাজতে ভোৰভোৰাল তেওঁ -" হাঁয়ৈ,কিযে সুন্দৰ আছিল ঘৰটো ।"
   কি নাছিল তেওঁৰ।সকলো আছিল ।পো বোৱাৰী, মাটি বাৰী, ঘৰ দুৱাৰ, মেট্ মৰা ভঁৰাল ।কিন্তু ....  ।সেই কিন্তুতে আছে তেওঁৰ নিদাৰুণ কাহিনী ।
   আৰু এদিন শুই থাকোতে আহিছিল সেই বলিয়া বান।গঢ়া খহনীয়াই সুখৰ ঘৰত শুই থকা  সকলোকে উটুৱাই লৈ গৈছিল আৰু তৰু বুলি  তৃণক সাবটাৰ দৰে ঘৰটোৰ উটি অহা এখন বেৰক সাবটি মানুহ জন বাচিছিল।
   দুজন মান সুহৃদে পথৰ কাষতে পুৰণি টিন  দুখন মান আনি চালি এখন বনাই দিছিল ।তেতিয়াৰ পৰা তাতে তেওঁৰ বসতি ।দেহত বল থাকোতে কাম বন কৰি খাইছিল।কাম কৰি সহায় কৰাৰ বাবে দুই একে আদৰো কৰিছিল ।কিন্তু যেতিয়া পৰা হাত ভৰি কঁপা হ'ল ,চকুৰে ভালকৈ মনিব নোৱৰা হ'ল  তেতিয়াৰ পৰা মানুহ জনৰ অৱস্থা ঠিক সেই এৰাপৰলীয়া ঘৰটোৰ দৰে হ'ল