Type Here to Get Search Results !

শিলফুল

গীতাঞ্জলি দেৱী











ফুলবোৰ এনেকৈয়ে ফুলা হ'লে মোৰ বুকুতো !
জাৰে -জহে,  প্ৰতিটো ঋতুত ফুলবোৰ  ফুলাৰ দৰে ।

জীৱনৰ শেষ প্ৰান্তৰৰ মৰুভূত শিলবোৰ এতিয়া ফুলি উঠিছে।

সৰি পৰা জোনাকত জিলিকি উঠিছে  শিলফুলবোৰ ।
আকোঁৱালি ল'বলৈ অতিক্ৰমী দূৰ-সুদূৰ বাট ,
খোজত-খোজে হেৰাল মোৰ সোণোৱালী  হাঁহি ।
প্ৰসাৰিত দুহাতত কোনে তুলি দিব বাৰু এটি সুৰীয়া বাঁহী  ?

যি জীৱনৰ প্ৰতি পল সোঁৱৰি সুৰ সিঁচি  
শিলফুলবোৰৰ বুকুত স্পন্দন জগায় তুলিব ,
আন্ধাৰ বোৰ আঁতৰাই জোনাকবোৰ গৈ থাকিব হাউলি পৰা আৰণ্যক পথেৰে ।

চুই চাব খোজিছোঁ ফুলৰ পাহিত জিলিকি উঠা ৰূপোৱালী বৃষ্টিকণা,
শুনি চাব খোজিছোঁ 
কি আছে ,কি আছে শিলফুলৰ বুকুত ?
আছে নেকি লুকায়  কঠিনতাত নিৰৱে ,   যুগ-যুগান্তৰৰ, প্ৰেম-বিষাদৰ অব্যক্ত গাঁথা ! 
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°