Type Here to Get Search Results !

সম্পাদকীয়






প্ৰাণায়াম
 শৰীৰটো সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমাৰ দৈনন্দিন জীৱনত যোগচৰ্চা প্ৰয়োজনীয়তা আছে। এই যোগচৰ্চাৰ প্ৰাণায়ামৰ বিষয়ে আজি আলোচনা কৰিবলৈ আগবাঢ়িছো।
  প্ৰাণায়ামৰ অৰ্থ হৈছে- প্ৰাণৰ আয়ম বা বিস্তাৰ সাধন। যি ক্ৰিয়াৰ দ্বাৰা শ্বাস প্ৰশ্বাসৰ গতি বৃদ্ধি গতিদীৰ্ঘতা কৰিব পৰা যায় তাকে প্ৰাণায়াম বোলা হয়।
    আজি কেইটামান মুখ্য প্ৰাণায়ামৰ বিষয়ে বৰ্ণনা কৰিবলৈ আগবাঢ়িছো। সেই কেইটা হ'ল-- ভস্ত্ৰিকা, কপালভাটি, অনুলোম-বিলোম আৰু ভ্ৰামৰী। এই প্ৰাণায়াম সমূহ সাধাৰণতে পুৱাৰ ভাগতে অভ্যসন কৰিব লাগে।
: 'ভস্ত্ৰিকা'
প্ৰণালী- সাধাৰণতে মুক্ত পদ্মাসন বা যিকোনো ধ্যানাসনত বহি ডিঙি, মূৰ আৰু মেৰুদণ্ড পোন কৰি যিমান পাৰে দীঘলীয়াকৈ উশাহ ল'ব লাগে আৰু তেনেকৈ দীঘলীয়াকৈ প্ৰশ্বাস এৰিব লাগে। এনেধৰণে প্ৰায় ৫ মিনিট কৰিব লাগে।
    এই প্ৰণায়াম অনুশীলন কৰাৰ ফলত হাওঁ ফাওঁয়ে যথেষ্ঠ পৰিমাণ অক্সিজেন পায়। দেহলৈ সজীৱতা আনে আৰু ৰক্ত বিশুদ্ধ কৰাৰ লগতে দিনটো বিভিন্ন কাম কৰিবলৈ দেহলৈ সতেজতা আনি  অৱসাদ দূৰ কৰে।
'কপালভাটি'
প্ৰণালী- এই প্ৰাণায়ামৰ বাবে যিকোনো ধ্যানাসনত বহি ৰেচকৰ ওপৰত গুৰুত্ব দি প্ৰস্বাস ঠেলি নাকেৰে বাহিৰলৈ উলিয়াব লাগে। এনে কৰোতে শ্বাস নিজে ভিতৰলৈ সোমাব। পেটত চাপ পৰাকৈ প্ৰশ্বাস প্ৰতি ছেকেণ্ডত এবাৰকৈ  এৰিব লাগে। এনেদৰে ৫ মিনিট কৰি পাছলৈ সময় বঢ়াবলৈ চেষ্টা কৰিব লাগে।
    এই প্ৰাণায়াম অভ্যসনৰ ফলত নাক আৰু কপালৰ আশে-পাশে অঞ্চলৰ ভাল ব্যায়াম হয়। লিভাৰ আৰু পাচনতন্ত্ৰৰ ক্ষমতা বৃদ্ধি হয়।
 'অনুলোম-বিলোম'
প্ৰণালী- ওপৰৰ প্ৰাণায়ামৰ দৰে বহি বাওঁহাত আঠুৰ ওপৰত ৰাখি সোঁনাকৰ বিন্ধা বুঢ়া আঙুলিৰে বন্ধ কৰি বাওঁ নাকেৰে শ্বাস লব লাগে তাৰপাছত বাওঁ নাকটো বন্ধ কৰি সোঁনাকেৰে বায়ু এৰিব লাগে। পুনৰ সোঁ নাকেৰে বায়ু লৈ বাওঁ নাকেৰে এৰিব লাগে। এনেদৰে ৫ মিনিটৰ পৰা লাহে লাহে অনুশীলনৰ সময় বঢ়াব লাগে।
   এই প্ৰাণায়াম অভ্যসনৰ ফলত নাড়ী শুদ্ধি হয়। মনৰ একাগ্ৰতাৰ লগতে স্মৃতি শক্তি বৃদ্ধি কৰে। মনলৈ প্ৰশান্তি আনে। সৃজনীমূলক কাম কৰিবলৈ উৎসাহিত হয়। এই প্ৰণায়ামক সৰ্বশ্ৰেষ্ঠ প্ৰাণায়াম হিচাবে গণ্য কৰা হয়।

'ভ্ৰামৰী'
প্ৰণালী- ধ্যানাসনত বহি বুঢ়া আঙুলি দুটা দুখনৰ কাণৰ বিন্ধা বন্ধ কৰি  লব লাগে যাতে বাহিৰৰ শব্দ কাণত নপৰে। তাৰপাছত তৰ্জনী আঙুলি কপালত ৰাখি মধ্যমা অাৰু অনামিকা আঙুলি চকুৰ পতাত ৰাখি
উশাহ লৈ ভোমোৰাৰ দৰে শব্দ কৰি নাকেৰে প্ৰশ্বাস এৰিব লাগে পুনৰ এনেদৰে ৫ ৰ পৰা ১১ বাৰ কৰিব লাগে।
   এই প্ৰাণায়াম অভ্যসন কৰাৰ ফলত মনৰ একাগ্ৰতা  বাঢ়ে, মানসিক উদ্বেগ আৰু উত্তেজনা হ্ৰাস কৰে। উচ্চ ৰক্তচাপ আৰু হৃদৰোগীৰ ৰোগ নিয়ন্ত্ৰণত সহায়ক হয়। মনৰ চঞ্চলতা দূৰ কৰি  ধ্যানৰ বাবে মন প্ৰস্তুত হয়।
    আহক, সকলোৱে এই প্ৰাণায়াম সমূহ দৈনন্দিন কৰি আমাৰ শৰীৰ আৰু মনক সবল কৰি ৰাখো।
 শ্ৰদ্ধাৰে--
অৰুণ কোঁৱৰ।
সম্পাদক- 'সমলয়' মাহেকীয়া ই-আলোচনী  ০২-০২-২০২০