Type Here to Get Search Results !

ৰান্ধনী (অনুগল্প)

পলাশ শইকীয়া
    পল্লৱ বৰ অকলশৰীয়া ৷ পুৰণা ঘৰৰ কাষতে সি বেলেগে থাকে ৷ এতিয়া সি সকলোবোৰ কাম অকলেই কৰিব লাগে ৷ তাতে মাহেকৰ বিশেষ কেইটামান দিন সি ভাত ৰান্ধিব লগীয়া হয় ৷ পুৱাবেলা ভাত- পানী ৰান্ধি তাৰ কণমানীজনীক স্কুললৈ উলিয়াই নিয়ালৈকে সকলোখিনি কৰিব লাগে ৷ সেই অৱস্থাটো দেখি ভনীয়েকে মাকে মনে মনে বৰ ৰং পাই ৷ এদিন কথাৰ প্ৰসংগত  তাৰ ভনীয়েক ৰীমাই ঠাট্টা কৰিলে " তইনো কি?  তোৰ কাম নাই , তই এটা ৰান্ধনীহে ৷ "
           তাৰ ভনীয়েক বিয়া হৈ যোৱাৰ পাছৰে পৰা তাই দুটা কাৰণত সপ্তাহে প্ৰতি মাকৰ ঘৰলৈ অহা- যোৱা কৰিবলৈ ধৰিলে ৷ এটা কাৰণ হ'ল ভাত ৰন্ধাৰ এলাহ আৰু আনটো কাৰণ হ'ল ঘৰৰ পৰা বেলেগ হোৱা ৷ ৰীমাৰ বাবেই এদিন ককায়েক পল্লৱো ঘৰৰ পৰা বেলেগ হবলৈ বাধ্য হৈছিল ৷ শাহু- শহুৰ নথকা ৰীমাৰ ঘৰখনত কেৱল দেওৰ আৰু তেওঁৰ নৱ বিবাহিতা পত্নীৰ সৈতে কেৱল চাৰিজন সদস্য ৷ কিন্তু সকলো ফালে পাকৈত বোৱাৰীৰ লগত মিলিব নোৱাৰাৰ গোপন ঈষাত তাই সদায়ে জ্বলি থাকে ৷ সেয়ে তাইৰ মাকৰ ঘৰলৈ সঘন অহা- যোৱা ৷

        কথাবোৰ এতিয়া লাহে লাহে ওলোটা হ'ব ধৰিছে ৷ ৰীমাৰ গিৰিয়েকে মাহেকৰ বেছিভাগ সময় পত্নীৰ অনুপস্থিতিত নিজেই ভাত ৰান্ধনী হ'ব লগা হৈছে ৷ 
          পল্লৱে মনে মনে ভাৱিলে যি কৰে পৰত তাৰ মিলে ঘৰত!