Type Here to Get Search Results !

মিশ্যন ৱাইফ টু গাৰ্ল ফ্ৰেণ্ড

পম্পী বৰা শইকীয়া
     সহকাৰী শিক্ষয়িত্ৰী। 
 লাওখোৱা শিক্ষাখণ্ড (নগাঁও)


সৰু সৰু গুটিকেইটাৰে নৈখনৰ বুকুত আঘাত কৰি তাই যেন নিখিলৰ ওপৰত থকা খং দুখ অভিমানবোৰ সাৰি দিব। এক অজান আক্ষেপত কঁপি উঠিল তাই। কি বুলি ভাবে নিখিলৰ দৰে মানুহবোৰে নিজকে? কিনিব পাৰে নেকি টকা আৰু গ্লেমাৰে অকৃত্ৰিম হৃদয়বোৰ..... অকৃত্ৰিম হৃদয়ৰ নিভাঁজ মৰমবোৰ। নুবুজে নিশাই। মাথোঁ জানে..... টকা আৰু গ্লেমাৰে সজাই দিয়া দুমুখীয়া মানুহজনী তাই হ'ব নোৱাৰে।
: নিশামা, অহাৰপৰা ইয়াতে বহি আছা.... চাহ একাপ দিওঁ নেকি?
         পামহাউচৰ ৰখীয়া মতি খুড়াক সদৰ্থক উত্তৰ এটা দি তাই সান্তনালে ফোন লগালে। ইফালে ৰিচিভৰ সংকেটত তাই ক'লে
: সান্তু ফ্ৰী আছনে?
: উম ক... সব থিকে আছেনে?
: নাই অ'। তোক কথা এটা ক'বলেহে ফ'ন কৰিছো। কালি নিখিলে কি কলে জান'...... পত্নী সদায় পত্নীয়েই কেতিয়াও প্ৰেমিকা হ'ব নোৱাৰে আৰু তুমিও প্ৰেমিকা হোৱাৰ চেষ্টা নকৰিবা।
 :হা হা হা হা হা.......
 : পাগল হলি নেকি তই? মই খং, দুখ, চিন্তাত মজি আছো আৰু ইফালে তই......
        তাইৰ কথাত খিলখিলাই  হাঁহি উঠা সান্তনাক কৃত্ৰিম খং এটা দেখুৱাই নিশা নিজেই উচুপি উঠিল।
: ধেই পাগলী, কি হ'ল তোৰ? ৰ ৰ কন্দা কটাখন নকৰ। উপাই আছে নহয়। তই এক ঘন্টামানৰ পিছত মোক চেন্ট্ৰেল মলত লগ কৰ। আৰু শুন... এ. টি. এম. কাৰ্ড লৈ আহিবি বৰ্তমান মোৰ ইমান পইছা নাই..... কথাষাৰ কৈ নিজৰ ৰসিকতাত নিজেই যেন হাঁহি উঠিল সান্তনাই।
           ধীৰে ধীৰে ভিতৰৰ ফালে খোজ দি নিশাই ভাবিলে পাগলীজনীৰ মূৰত বা কি অদ্ভূত বুদ্ধি খেলাইছে! সুখ দুখৰ প্ৰতিটো মূহুৰ্তত কাষত থিয় দিয়া ছোৱালীজনীয়ে বহুত বেয়া সময়ত তাইক লগ দিছে। তাইৰ অদ্ভূত বুদ্ধিবোৰ লৈ দুইজনীৰে মাজত কাজিয়া নলগাও নহয়। কথাটো ভাবি তাইৰ হাঁহি উঠি গ'ল। হুমম......এইজনীয়েই সেইজনী ছোৱালী যাৰ কথা মনলৈ আহিলে হাজাৰ দুখৰ মাজতো সুখৰ কণিকাই সিক্ত কৰি যায়।
: নিশা, চাহ। অথনিৰে পৰা মাত দি আছো গমেই পোৱা নাই। কি চিন্তা কৰিছা মা?
: নাই খুড়া এনেয়ে।
        কথাবোৰ ভাবি ভাবি কেতিয়ানো তাই ভিতৰ পালেহি গমেই নাপালে। মতি খুড়াৰপৰা চাহ কাপ লৈ তাই ভাবিলে আচলতে জীৱনটো বৰ ক্ষন্তেকীয়া। এই সময়তে কোনে কেতিয়া কাৰ ওচৰত হৃদয় হেৰুৱাই কোনেও নাজানে। তায়ো হৃদয় হেৰুৱাইছিল.....গ্লেমাৰ জগতৰ নৱ আলোড়ন বিখ্যাত মডেল নিখিল কাশ্যপৰ ওচৰত। দূৰদৰ্শন কেন্দ্ৰৰ নিউজ ৰীডাৰ  নিশা শৰ্মাৰ সৰলতাত মুগ্ধ হৈ  আগবঢ়াই দিয়া প্ৰেমৰ হাতখন খামুচি সপোন এটালৈ বাট বুলিছিল নিশাই।  অভিনয়, মডেলিঙৰ এৰিষ্টকেট পৃথিৱীখনৰ প্ৰতি অহেতুক এক বিতৃষ্ণা থকা মাক দেউতাকৰ মতক যুক্তিৰে থকা সৰকা কৰি সংসাৰৰ পাতনি মেলিছিল তাই। দুৰ্বাৰ গতিত বাঢ়িছিল আকৰ্ষণ....সপোনবোৰে পাহ মেলিছিল। কুঁহি নামৰ সপোন কলিটোৱে পূৰ্ণতা দিয়া সংসাৰখনৰ মোহত নিশাই পাহৰি পেলাইছিল নিজকে.....হেৰুৱাই পেলাইছিল নিজা ছন্দ। সংসাৰৰ  আউল মাৰি শামুকৰ খোলাত যেন সোমাই পৰিল তাই। তাৰেই সুবিধা লৈ হয়তু নিখিল বিলীন হৈছিল গোলাপী জগতৰ মায়াবী নিচাত। বাহিৰৰ ৰঙচঙীয়াৰ চকু চাট মৰা পোহৰত হেৰুৱাই পেলাইছিল জোনাকৰ স্মিত পোহৰখিনি।
: অই অই অই ক'ত যায় মেডাম? 
       হঠাৎ পিছফালৰ পৰা টানি দিয়া হাতখনলৈ চাই নিশাৰ সম্বিত আহিল। এৰা অতীতৰ বুকুত ডুব দি জোন খেপিয়ালে হয়তু এনেকুৱাই হয়। স্মৃমিৰ সঁফুৰাটো সামৰি কেতিয়ানো তাই চেন্ট্ৰেল মল পালেহি গমেই নাপালে।
: ব'ল ব'ল পিছতো কথা হ'ম।
         একো কোৱাৰ সুযোগ নিদি সান্তুৱে তাইক ভিতৰলৈ টানি লৈ গ'ল। নিশাৰ গাত দি সোঁৱে বাঁৱে চাই দুই তিনিটা ধুনীয়া ৱেষ্টাৰ্ণ আউটফিট সামৰি লৈ তাই নিজকে কৈ উঠিল......মিশ্যন গাৰ্ল ফ্ৰেণ্ড শুৰু।
: অই কাৰ্ড দে।
     সান্তনাৰ নিৰ্দেশত কণমানিজনীৰ দৰেই তাই এ  টি এম টো তাইলে আগবঢ়াই দিলে। গোটেই দিনটো তাইৰমতে কটাই সন্ধ্যা ঘৰমুখী  কেবখনত গাটো এৰি দি নিশাই ভাবিলে ....হে হৰি! কি যে অদ্ভূত বুদ্ধিৰ ভঁৰাল এই পাগলীজনী! 
         'সব অ'কে মেম এতিয়া শেষৰ শৰডাল আপুনি ভালকে জুৰিব পাৰিলে লক্ষ্য ভেদ কৰিব পাৰিব। অল দা ভেৰি বেষ্ট। শিকোৱা মতেই কৰিবি'..... বুলি কৈ যোৱা কথাষাৰ মনত পৰি তাইৰ বুকুখন ঢিপিং কৰিলে। পাৰিব জানো তাই? নাই নাই পাৰিবই লাগিব। তাইৰ কাৰণে গোটেই দিনটো দি দিয়া সান্তুৰ কাৰণেই পাৰিব লাগিব। মনটো বান্ধি ল'লে তাই। ড্ৰাইভাৰক পেমেন্ট কৰি তাই লয়লাস ভংগিৰে গেটখনত হাত দিলে। পাগলীজনীয়ে শিকোৱা খোজটোৰ  ট্ৰায়েল এটা দি তাই নিজে হাঁহি উঠিল। শাহুৱেকৰ আগত কেনেকে ওলাব ভাবি লাজতে ৰঙা পৰি যোৱা নিশাক দেখি থৰ হৈ যোৱা মিনু বাইৰ চকুহালক মিচিকীয়া হাঁহি এটা দি তাই ওপৰৰ নিজৰ ৰুমলৈ উঠি গ'ল। লাইফ চাইজ মিৰ'ৰখনত নিজকে চাই তাই আচৰিত অনুভৱ কৰিলে। আস এইজনী তায়েইনে? বাহ!
       লাহি দেহাটো সামৰি লোৱা ৱেষ্টাৰ্ণ আউটফিটত
নতুনকৈ ষ্ট্ৰেইট কৰা দীঘল চুলিকোচা, মেনিকিউৰ কৰা সুন্দৰ নিমজ হাতখনৰ নতুন ষ্টাইলত কৰা নেইল আৰ্ট, পাৰ্ল ফেচিয়েল কৰা দাগহীন কোমল  মুখখনৰ কাজলধন্য টনা চকুযুৰিয়ে এক অনন্য মাত্ৰা দি গ'ল তাইৰ বাহ্যিকতাক। নিজকে দেখি তাই কমফৰ্ট ফিল কৰিলে। যোগাত্মক মন এটিৰে আৰ্চিখনক হাঁহি এটা উপহাৰ দি তাই নিজকে ক'লে....য়েচ, আই কেন ডু ইট। 
: নিশা চাহ একাপ দিয়াচোন।
        নিখিলৰ মাতটো শুনি তাই বাস্তৱলে ঘূৰি....ইস এইবোৰ কৰিয়েই তাই ঘন্টা পাৰ কৰি দিলে। তেওঁ বা শ্বুটিংৰ পৰা কেতিয়া আহিল? মনে মনে আহি তাইক চাই থকা নাছিলটো? ছেহ:....বৰ বেয়া কথা হ'ল!
: প্লীজ নিক্, মিনুবাক কোৱানা ডাৰ্লিং । মই অলপ বিজি আছো।
      সদায়েই ক'ৰবাৰ পৰা ঘৰ পাই তাইৰ হাতে চাহকাপ বিচৰা নিখিলক উত্তৰটো দিবলে লৈ তাইৰ বুকুখন মোচৰ খাই উঠিছিল। কিন্তু সকলো ভাৱনা একাষৰীয়া কৰি তাই....
: কি বিজি আছা ৰে......? জানাই...
        বেদৰূমৰ ছ'ফাখনত ভৰিৰ ওপৰত ভৰি তুলি ইউনিক ষ্টাইলত  'ৱমেনছ এৰা' ৰ পাত লুটিয়াই থকা নিশাৰ পৰিৱৰ্তিত ৰূপ দেখি এগ্ৰেচিভ মুডত অহা নিখিল দুৱাৰমুখতে ৰৈ গ'ল। মোহনীয় দৃষ্টি এটা উপহাৰ দি তাই মোলায়েম মাত এটাৰে ক'লে....
: মাতিছিলা নিক?
       যথাসম্ভৱ স্বাভাবিকতা ৰাখি নতুন সম্বোধনেৰে মতা নিশাতকেও যেন নিখিল বেচি আচৰিত হৈছিল । তাৰ মেলা মুখ মেলাতেই ৰৈছিল।
: নহয় মানে আজি ৰয়েল ক্লাবত আমাৰ পাৰ্টী আছে। ভাবিছিলো তুমিও যদি যোৱা.....
         হা....... এইবাৰ যেন অবাক হোৱাৰ পাল নিশাৰ। কোনোদিনে কতো লগত নিনিয়া শিকিলে আজি তাইক লৈ যাবলে পাৰ্মিছন বিচাৰিছে? তাকো তাৰ তথাকথিত হাই ক্লাচ ছ'চাইটিৰ পাৰ্টিলে! ষ্ট্ৰেঞ্জ!
 উমম....নাৰী তুমি মহান। কৰো বুলিলে তোমাৰ কৰিব নোৱাৰা কাম একো নাই। সান্তনাৰ দৰে বান্ধবী থাকিলে এজনী কি দহজনী গাৰ্ল ফ্ৰেণ্ডো ওফৰাব পাৰি।
: অবক'ৰ্চ ডিয়েৰ।
          সন্মতি দি তাই মনতে ক'লে থেংকচ জিনিয়াচ এঞ্জেল....তোৰ মিশ্যন ছাক্সেচ।

বি: দ্ৰ: বাহ্যিকতাৰে নাৰীক মূল্যাংকন কৰিব খোজাসকলক বিনম্ৰ অনুৰোধ.....নাৰী সুন্দৰতাৰ প্ৰতীক। বাহ্যিকতা নহয় তেওঁৰ অন্তৰৰ সৌন্দৰ্যক সন্মান কৰক। প্ৰতিজনী নাৰীয়েই নিশা আৰু সান্তনা হ'ব জানে🙏🙏