Type Here to Get Search Results !

কাব্য সংকলন "ৱাইফ" ৰ ওপৰত চমু পৰ্যালোচনা

সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া 
                                            শিৱসাগৰ ।





কাব্যসংকলনঃ--ৱাইফ
কবিঃ--এলেক্স  ডি ফিগো 
বেটুপাতঃ- স্বপ্ননীল মহন্ত 
মূল্যঃ-১০০ টকা । 

তোমাৰ হাতত ধৰিয়েই মোৰ অন্তহীন যাত্ৰা  "ৱাইফ" এলেক্স ডি ফিগোৰ এখন সুন্দৰ কাব্য সংকলন ।
এলেক্স ডি ফিগো পেচাত এজন চিকিৎসক । ব্যস্ততাৰ মাজতো তেখেতে  সাহিত্য চৰ্চা অব্যাহত ৰাখিছে । তেখেতৰ প্ৰকাশিত পুথিৰ সংখ্যা পঁচিশ খন । লিখক 
গৰাকীয়ে ভিন্ন স্বাদেৰে  ভৰা পুথি  লিখি পাঠক সমাজলৈ
উলিয়াই দিছে । "ৱাইফ" কবিতা পুথিখন তেখেতৰ  এখন
পৰীক্ষা মূলক ৰচনা।" ৱাইফ"  কাব্যসংকলন খনিৰ 
জৰিয়তে তেখেতে সমগ্ৰ নাৰী জাতিৰ বিষয়ে  লিখিছে। 
যদিও কিতাপ খন তেখেতৰ পত্নীক উদ্দেশ্যি লিখি পাঠকৰ মাজলৈ  উলিয়াই দিছে। (এইকথা  তেখেতৰ পৰা মই বিশেষ ভাৱে জানিব পাৰিলোঁ) কিতাপ খনৰ 
আৰ্কষণীয় বেটুপাত, কাব্য সংকলন খনৰ নামটোৱেই
আৰ্কষণ কৰে  নাৰী হৃদয়। সাম্প্ৰতিক সময়ত পুৰুষৰ
সমানে সমানে নাৰী আগবাঢ়ি গৈছে  যদিও, আজিও বহুক্ষেত্ৰত নাৰী  নাৰীয়েই হৈ থাকিব লগীয়া হৈছে । বহুতেই কয়  বা নীতি বচনো আছে "লাও সদায় পাতৰ
তল" বুলি । সেইবাবে গ্ৰন্থখনৰ ভিতৰ চ'ৰালৈ  যোৱাৰ আগতেই কওঁ  এলেক্স ডি ফিগো  ইয়াৰ ব্যতিক্ৰম আৰু
তেখেতৰ  পত্নী বৰ ভাগ্যৱান কিয়নো  তেখেতৰ স্বামীয়ে
তেখেতৰ হাতত কিতাপখন অৰ্পণ কৰাই নহয়, গোটেই
কাব্য সংকলন খনতেই  তেওঁক লৈয়েই কবিতাবোৰ
লিখি গৈছে ধাৰাবাহিক ভাৱে । প্ৰতিটো কবিতাটে
ইতিবাচক প্ৰেমৰ  সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।
কাব্য সংকলন খনত  নিভাঁজ কাব্যশৈলীৰে বৰ্ণিত কাব্যিক চিত্ৰপট  । কাব্যিক ব্যঞ্জনা মনকৰিবলগীয়া। তেখেতৰ লিখনিত এইটো পৰিস্ফুট হয় যে  এটা শব্দৰেই
যেন বহু কথা কয় । কবিয়ে কম কথাৰেই নিৰ্মাণ কৰে
কাব্যিক চিত্ৰপট, য'ত বহুকথাই  কৈ দিয়ে কাব্যিকতাই।
     কবিয়ে (ৱাইফ/১) কবিতাটিৰ জৰিয়তে বিয়াৰ আগতে
যিবিলাক  কথা  নক'লে  সেই কথাবোৰৰ বৰ্ণনা দি কবিতাটিৰ আৰম্ভণি কৰিছে । দূৰ্দান্ত প্ৰেমিক হিচাপে 
কবিয়ে বহু চিঠি  লিখিছিল যদিও বহু কথা থাকি গৈছিল 
ক'বলৈ । কাৰণ সেই সময়ত তেওঁ প্ৰেয়সী আছিল সপোনৰ এলিজাবেথ । সপোন কুঁৱৰীক কল্পনাৰ কাৰেঙত 
অধিষ্ঠিত কৰি  চিঠিবোৰ  লিখি লিখি ফালি পেলাই আকৌ নতুনকৈ লিখিব লগীয়া হৈছিল। কেনেকৈ উপযুক্ত 
ছন্দ, লয়, অলংকাৰেৰে সজাই তুলি প্ৰেয়সীৰ মন মন্দিৰত প্ৰৱেশ কৰি  সুযোগ্যবান প্ৰেমিক হ'ব পাৰিব, সেই 
কথা লৈ কবিৰ কবিৰ বহু চিন্তা হৈছিল । আনকি  কবিয়ে
সেই প্ৰেমৰ চিঠিবোৰ  গাৰুৰ তলত থৈ শান্তিৰে টোপনি গৈছিল । ইমানেই গভীৰ ইমানেই  স্বৰ্গীয় কবিৰ  প্ৰেম। 
       তোমালৈ লিখা তপত চিঠিখনত
      মূৰ থৈ শুব  পাৰিছিলো ৰাতি
      চিঠিবোৰ গাৰুৰ তলত সাঁচি ৰাখিছিলো 
       ৰাতিটোৰ বাবে । 
সচাঁকৈয়ে, কবিৰ কাব্যিকতাত মোহান্ধ নহৈ আত্মহাৰা 
হ'ব  পাঠক  । প্ৰিয় কবি "ৱাইফ" ৰ ভাষাৰেই উল্লেখ কৰিছোঁ 
   "আশা  সপোন  কল্পনা আৰু পবিত্ৰতা 
   আমাৰ ঘৰৰ চাৰিখন খিৰিকী 
   প্ৰেম আৰু ভালপোৱাৰে
  ঘৰটোৰ মূল দৰ্জাখন, 
  বিশ্বাসৰ খটখটীৰে আমি
  এই ঘৰটোত প্ৰৱেশ কৰিছিলোঁ 
  ঘৰটোৰ নাম তুমি ৰাখিছা - - ৰ'দ 
  মই কওঁ  ৰ'দালি  ।" 
কি  সুন্দৰ, মিঠা মিঠা অনুভূতি। প্ৰেমেৰেই নিৰ্মিত  প্ৰেমৰ
আলয়। য'ত  প্ৰেম আৰু ভালপোৱাৰে  মূল হৃদয়ৰ দৰ্জা। যাৰ  নিভৃত কোণত পঞ্জীভুত  হৈ আছে সঁচা প্ৰেমৰ আবিৰ। গভীৰ বিশ্বাস আৰু আশ্বাস থাকিলে  প্ৰেমৰ  পৃথিৱী  স্বৰ্গত কৈয়ো  শ্ৰেষ্ঠ হ' ব পাৰে । যাৰ নাম  ৰ'দ 
, পোহৰৰ প্ৰতীকেৰে নামাকৰণ কৰিছে  পত্নীয়ে আৰু কবিয়ে, 
প্ৰেমিকাক পোহৰৰ মাজেদিয়েই অংকিত কৰিছে  ৰ'দালি
নামাকৰণেৰে  ।
কবিয়ে সুখ দুখৰ লগৰীৰ  পৰা জীৱন যাত্ৰাত আগুৱাই 
যাবলৈ  প্ৰেৰণা আৰু ভালপোৱাৰ মাজেদিয়েই সুখ বিচাৰি 
পায়, তাতোকৈ বেছি  নিবিচাৰে কবিয়ে । 
     "বৰষুণৰ বতৰত
    এটা  ছাতি
      প্ৰচণ্ড গৰমত তোমাৰ হাতৰ এগিলাছ চৰবত
     বচ, তাতকৈ বেছি  সুখ
     নালাগে মোক ।" 
প্ৰিয় কবিৰ প্ৰতিটো কবিতাৰ  আস্বাদনে দি যায় এগৰাকী 
নাৰীক  অপৰিসীম প্ৰেৰণা । স্বামীৰ প্ৰেৰণাই  এগৰাকী 
নাৰীয়ে  মানসিক, দৈহিক কষ্টবোৰ পাহৰি থাকিব পাৰে। 
" শৰীৰৰ  
   ধুনীয়া 
   দুদিনীয়া
   মনৰ 
   ধুনীয়া 
   যুগমীয়া  "

মাথোঁ  কেইটিমান  শব্দৰ মাজতেই সোমাই আছে, বিশাল পৃথিৱীৰ  চিৰন্তন সত্য । বৰ্তমান  সময়ত  শাৰীৰিক  সৌন্দৰ্যৰ পাছত  দৌৰাৰ বাবে  মানুহৰ জীৱনত  কিমান
অঘটন ঘটে সেইয়া সকলোৱে জ্ঞাত । মানৱ জীৱনেই ক্ষণস্থায়ী তেন্তে  দৈহিক  সৌন্দৰ্য্য স্থায়ী নহয়। ৰঙীন পৃথিৱীৰ ৰূপ ৰসত ভুল গৈ জীৱনৰ চাকনৈয়াত উটি ভাহি 
নগৈ  শুদ্ধ মনেৰে  চলিব জানিলেহে  বিনন্দীয়া পৃথিৱীৰ 
প্ৰেমময় সুবাস উপভোগ কৰিব পাৰিব। পৃথিৱীৰ সুন্দৰতা
সুন্দৰ মনেৰেহে  হৃদয়ংগম কৰিব পাৰি, এই কথা কবিয়ে অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে । 
    কবিয়ে জন্মদাত্ৰী মাতৃৰ পিছতেই  তেওঁৰ পত্নীক স্থান 
দিব বিচাৰে তেওঁৰ হৃদয়ত । সেইবাবেই কবিয়ে কৈছে 
        "মাৰ পিছতেই 
       তোমাৰ হাতৰ
       কি যে অপূৰ্ব ব্যঞ্জন ।" 
ইমান  মনপৰশা  কাব্যিক ব্যঞ্জনা, প্ৰিয় কবিৰ কবিতাৰ 
মৌ ৰস পান কৰি শেষ কৰিব নোৱাৰি। 
     কবিয়ে কাব্য সংকলন খনি "ৱাইফ" ইমান সুন্দৰকৈ 
সজাই তুলিছে, কবলৈ ভাষা নাই । মুঠতে এখন সাৰ্থক 
কাব্য সংকলন । য'ত স্বামীয়ে পত্নীৰ হাতত ধৰি যাত্ৰাৰ 
পথ অতিক্ৰম কৰিব বিচাৰে, হাতে হাত ধৰি প্ৰেমৰ লাখুটিত ভৰ দি  জীৱনৰ সেন্দুৰীয়া বাটেদি । 
" বিপদে  আপদে
  অনুকূলে  প্ৰতিকুলে
  ৰ'দে বৰষূণে 
আমি গৈ আছোঁ 
  যেন প্ৰত্যাশী এখন ৰেল" 
পোহৰ  সন্ধানী  কবিৰ এই  যাত্ৰা হওঁক শুভ  যাত্ৰা  ।কবিয়ে  নিজেও এই যাত্ৰা শুভ হোৱাৰ আশা  কৰিছে । 
আজীৱন সহযাত্ৰী হিচাপে । 
". এই ছেগতে  তোমাকো কৈ থৈলো
----তোমাৰ যাত্ৰা শুভ হওঁক 
   দীঘলীয়া হওঁক 
   সেন্দুৰীয়া হওঁক - - - ।"

প্ৰিয় কবিৰ  অনাগত  দিনবোৰ  ভৰি পৰক প্ৰাপ্তিৰ 
প্ৰাচুৰ্য্যৰে । জীৱন যাত্ৰাত ফুলি উঠক  আশাৰ কুসুম । 
ছটিয়াই যাওঁক  যাত্ৰাৰ  পথত  সুগন্ধি  ফুলৰ  সুবাস । 
তাকে কামনা কৰি অনিচ্ছাকৃত ভুলৰ ক্ষমা প্ৰাৰ্থনাৰে 
ইমানতে  সামৰিছোঁ ।