কৌস্তুভমনি শৰ্মা
ওদালগুৰি, টংলা
অ! জীয়াই আছো মই অন্তহীন বেদনাৰ যেন সেয়া মধ্য বিন্দু কোনোবা মহা সাগৰৰ।
জীয়াই আছো মই শুভ্ৰতাৰ আলোকেৰে আলোকিত পৰিধি হীন মনৰ গৰাকী হৈ ।
আশা আছিল জীয়াই থকাৰ
আছো জীয়াই
জীৱন ! একাঙ্গিকা নাটৰ দৰেই।
আৰম্ভ কৰিব হল কি নহল সমাপ্তিৰ সময় সমাগতই হয়।
জীয়াই আছো মই বিপুল আশা অবুজ সপোনৰ মাজত
আনিম কেতিয়াবা ৰয়েল এনফিল্ড, বি এম দব্লিউ বা অন্য কিবা কিবি।
পাৰৰ বাহ ভাঙি পৰা চিলিং খনৰ দৰেই মোৰ জীৱন সংজ্ঞা।
ওপৰৰ পৰা ধুনীয়াই হয় ওচৰত হে পোক পৰুৱাৰ কামোৰ আৰু খজুৱতি হয়।
মুখা এখন পিন্ধি পেলালো মই
জীয়াই থকাৰ হেপাহৰ বাবে
মুখাখন পিন্ধি কেতিয়াবা ভন্ড ৰাজনীতিকৰ চৰন পখালো
ডিঙিৰ গামোচাৰ মচি দিউ পখালিত পানী বোৰ আদৰ পাই।
সেই মুখাখনত আকৌ ৰং তেল সানি আকৌ পিন্ধো যেতিয়া নিৰ্বাচন হয় মন্ত্রী আমোলা কিম্বা কিং মেকাৰ
কবলৈ আৰম্ভ কৰো জয় আপোনাৰ হাতত কুকুৰক দলিয়াই দিয়া মাংসৰ টুকুৰাৰ দৰে দলিয়াই দিয়া ৰিজাৰ্ভ বেংকৰ মোহৰ মৰা দুই চাৰিটা নোট পকেটত ভৰাই জীয়াই আছো মই।
প্ৰতিশ্ৰুতি আছিল কেতিয়াবা আনন্দত আত্মহাৰা হোৱাৰ কিন্তু জীয়াই থকাৰ কবিতাত ব্যস্ত আজি জীপাল সন্ধ্যা।