Type Here to Get Search Results !

হাতীবন্ধুৰ হাতী-মানুহৰ সংঘাত হ্ৰাসৰ উদ্যোগ

ধীৰেণ শইকীয়া


      বিগত কেইবাবছৰ ধৰি অসমত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। প্ৰতি বছৰে ত্ৰিশ-চল্লিশজন লোক হাতী মানুহৰ সংঘাতত মৃত্যু হৈছে। 'হাতীক  মৰম কৰিলে হাতীৰ পৰাও আওপাকে মৰম পাই' এই নীতি সৰোগত কৰি শুনিবলৈ আচৰিত লাগিলেও কাৰ্বিআংলং আৰু নগাওঁ জিলাৰ সীমান্তৰ দুশ বিঘা মাটিত অঞ্চলটোৰ ৰাইজে হাতীৰ বাবে ধান ৰুইছে। ফলত চুবুৰীয়া অন্য অঞ্চলবোৰৰ খেতি হাতীৰ উৎপাতৰ পৰা বিগত কেইবাবছৰ ধৰি ৰক্ষা পাইছে। আজিকালি কেইবাটাও জাকত ভাগ ভাগ হৈ এই বৃহৎ অঞ্চলটোলৈ হাতী আহি সিহঁতৰ বাবে ৰোৱা ধান খাই গুচি যায়। এই দৃশ্ব্যবোৰ দেখিলে আমি অঞ্চলটোৰ ৰাইজে হাতীৰ সৈতে বহুদিনীয়া বন্ধুত্বহে পাতি লৈছে বুলিহে ভাবিব লাগিব। এই ব্যাপক আঁচনিৰ নেপথ্যত আছে আই আই টিৰ প্ৰদীপ ভূঞা। এখেত এই অনুষ্ঠানৰ ডাইৰেক্টৰ। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমত এই ৰংহাং- হাতীখলি অঞ্চলৰ 'হাতীবন্ধু' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ মহান আঁচনিৰ কথা প্ৰকাশ হোৱাত বহুতে ইয়াৰ কৰ্মকুশলতাৰ বিষয়ে আজিকালি জানিব বিচাৰিছে। 'হাতীবন্ধু'ৰ নেপথ্যত আছে নগাঁৱৰ চাপানলাৰ বিনোদ দুলু বৰা, মেঘনা আদিৰ দৰে প্ৰকৃতিপ্ৰেমীসকলৰ একান্ত ইচ্ছাশক্তি। এই 'হাতীবন্ধু' আঁচনিৰে কাৰ্বিআংলং আৰু নগাওঁ জিলাৰ দুশ বিঘা মাটিত হাতীৰ বাবে ধান ৰুইছে সংগঠনটোৱে, এই কামৰ ফলত অঞ্চলটোত পূৰ্বতকৈ হাতী-মানুহৰ সংঘাত ভালেখিনি কমিছে, আৰম্ভনিতে 40 ঘৰ মান খেতিয়কে কেবল হাতীৰ বাবে বড়ো আৰু শালি খেতি কৰিছিল, এতিয়া পিছে ইয়াতকৈও অধিক লোক আগবাঢ়ি আহিছে 'হাতীবন্ধু'ৰ এই আঁচনিৰ যোগেদি কাম কৰিবলৈ। এতিয়া নবেম্বৰ মাহৰ পৰা সন্ধিয়া হলেই এই বৃহৎ অঞ্চলটোলৈ বিভিন্ন দণ্ডিয়েদি শ শ হাতী আহি হাতীৰ বাবে ৰোপন কৰা অঞ্চলটোৰ পৰা ধান,ঔটেঙা,বাহপাত আদি খাই নীৰৱে গুছি যায়,ফলত চুবুৰীয়া ৰাইজৰ ধান আৰু অন্য খেতিবোৰ কোনো অসুবিধা নোহোৱাকৈ ৰক্ষা পৰে। প্ৰথমে এই পদক্ষেপ লওতে এই অঞ্চলৰ মানুহে এই আঁচনিৰ মূল কথা অলপো বুজা নাছিল,হাতীৰ কাৰণে এই অঞ্চলটোত খেতি কৰাৰ কথা কওতে হাঁহি  উৰুৱাই দিছিল, পিছে সেইসকল ৰাইজে নিজেই আজি 'হাতীবন্ধু'ৰ হৈ খেতিত ব্যস্ত হৈছে।এই সুদুৰপ্ৰসাৰী আঁচনিৰ ফলত বৃহৎ অঞ্চলবোৰৰ খেতি আজি ৰক্ষা পাইছে।এতিয়া এই অঞ্চলটোৰ ওচৰতে কলগছ,ঔটেঙা আদিগছ ৰোপন কৰিছে, ইয়াৰোপৰি ৰোপন কৰিছে বিভিন্ন হাতীয়ে খোৱা ঘাঁহজাতীয় গছ। হাতীয়ে অহা যোৱা কৰা দণ্ডিত এনেদৰে বাৰখন গাঁৱৰ ছশ খেতিয়কে ৰংহাং আৰু হাতীখলি অঞ্চলটোত কেৱল হাতীৰ বাবে ৰুইছে ঔটেঙা, কলগছ, বাঁহগছ, কুঁহিয়াৰ,নেপিয়াৰ আদি। এক প্ৰতিবেদনত প্ৰকাশ যে, দুহেজাৰ জোপা ঔটেঙা,25000জোপা কলগছ,1500 জোপা কঠাল ৰুইছে ইয়াত 'হাতীবন্ধু' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানখনে। ইয়াৰোপৰি 'হাতীবন্ধু' য়ে আঠ হেক্টৰ মাটিত হাতীৰ বাবে 'নেপিয়াৰ গ্ৰাছো' ৰুইছে। এই  'নেপিয়াৰ গ্ৰাছ' গছ হাতীৰো প্ৰিয় আৰু ইয়াৰ  পৰিৱেশত ই সহজে ডাঙৰ হয় বাবে 'হাতীবন্ধু'ৱে এই ঘাঁহগছবিধৰ উৎপাদনত গুৰুত্ব দিছে।পাহাৰেৰে আৱৰা এই অঞ্চলটোত  'হাতীবন্ধু'ৰ এই কামকাজ নিঃসন্দেহে এক ইতিবাচক খবৰ।
*********////**********