Type Here to Get Search Results !

গ্ৰাম্যবিকাশ কোন পথে

সদানন্দ শইকীয়া
খান্দাজান, দৰং

 

    গাওঁ সমূহক দেশৰ আত্মা বুলি কোৱা হয়৷ গান্ধীজীয়েও কৈছিল গাওঁবোৰৰ বিকাশ নহলে দেশীয় বিকাশৰ কথা চিন্তা কৰাটো অমূলক৷ পিছে স্বাধীনতাৰ পিছতো আজি গান্ধীজীৰ এই সপোন ফলৱতী হোৱা নাই৷
বিকাশৰ দিশত গাঁৱৰ পৰা নগৰৰ দূৰত্ব আজি যেন ভালেখিনি বৃদ্ধি পাইছে৷ ফলত গাওঁবোৰ এতিয়া বাৰুকৈয়ে পিছ পৰি ৰৈছে৷ সেয়ে গ্ৰাম্যাঞ্চলত বসবাস কৰা ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি শ্ৰমিক বা পূজাৰীজনলৈকে উপযুক্ত অৰ্থৰ সন্ধানত গাওঁ এৰি চহৰ পাইছেগৈ,মুঠতে এনেদৰেই গাওঁবোৰ যেন ক্ৰমান্বয়ে অৱহেলিত হৈ আহিছে৷ সহজ সৰল গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বাট পথ আজি অঞ্চল বিশেষে বিকশিত হলেও বহু অঞ্চলত আজিও বিকাশৰ পথত উন্নিত হবলৈ ভালেখিনি বাকী আছে৷সেয়ে কোৱা হয় আজিও গাঁৱৰ সহজ সৰল জনজীৱনৰ প্ৰতিচ্ছবি দ্ৰুতগতিত অৱনমিত হৈছে বুলি৷ বৰ্তমান সকলো দিশতে অৱনমিত গাৱঁৰ উন্নতি৷ ইফালে চৰকাৰী বিবিধ আচনিৰ প্ৰকৃত খবৰ লাভৰ পৰা গাওঁবোৰ যেন আজিও বঞ্চিত হৈ আহিছে৷ এইবোৰ কাৰণতে গাঁৱত থাকিবলৈ মন নকৰে বহুজনেই,আৰু কিবা প্ৰকাৰে চহৰলৈ যোৱাৰ চেষ্টা কৰি থাকে৷
আজিকালি কৃষিকৰ্মতো চৰম হতাশাগ্ৰস্ত গাৱঁৰ ৰাইজো৷ কৃষিকৰ্ম বাদ দি আজিকালি অন্য বিবিধ কৰ্মৰ জৰিয়তে চহৰ মুখী হল গাৱঁৰ শিক্ষিত যুৱক যুৱতীসকল৷ চহৰ বা মহানগৰীত কম সময়ৰ বিনিময়ত অধিক ধন লাভৰ সুবিধা আছে বুলি এক ধাৰণাই গ্ৰাস কৰিছে গাঁৱৰ যুৱক যুৱতীক৷ অৱশ্যে গাঁৱৰ বহু শিক্ষিত যুৱকে কৃষিকৰ্মৰ সলনি আজি গ্ৰাম্যাঞ্চলতে বিবিধ দোকান খুলি, বহুতে ব্ৰইলাৰ ফাৰ্ম, গাহৰি ফাৰ্ম আদি কৰ্মত আত্মনিয়োগ কৰাও দেখা যায়৷ বহুতে আত্মসহায়ক গোটেৰেও স্বাৱলম্বী হৈছে৷ শিক্ষিত যুৱক যুৱতী তথা পূৰ্বৰে পৰা কৃষিকৰ্মত ব্যস্তজনেও আজি খেতি পথাৰ এৰাৰ প্ৰধান কাৰণবোৰ হৈছে জলসিঞ্চনৰ অভাৱ, বতৰৰ অনিশ্চয়তা,উৎপাদিত কৃষিজাত সামগ্ৰীৰ গ্ৰাম্যাঞ্চলৰ বজাৰত উচিত মূল্যহীনতা, কৃষিত নিয়োজিত লোকৰ শ্ৰম মজুৰি বৃদ্ধি আৰু উপযুক্ত বীজৰ অভাৱ আদি৷ প্ৰধানতঃ বতৰৰ বাবেও খেতিয়ক সকল বহু সময়ত হাবুডুবু খাব লগা হয়,বহু সময়ত খেতিদৰা বানবিধ্বস্ত হব লগাও হয়৷ যদিও অসমত  জলসিঞ্চনৰ নামত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হল ই কাৰ্যতঃ এশ শতাংশই বগা হাতীতহে পৰিণত হল৷ ইয়াৰোপৰি আজিকালি গ্ৰাম্যাঞ্চলত শ্ৰমিকৰ অভাৱত খেতিয়ক পৰিয়ালসমূহে বিভিন্ন দিশত হাৰাশাস্তি খাবলগীয়াও হয়৷ উন্নতমানৰ উৎপাদনক্ষম বীজৰ অভাৱেও দুখীয়া কৃষক সকলে লোকচান খাবলগীয়া হয়৷
       গাওঁ অঞ্চলৰ সমাজ ব্যৱস্থা এক লেখত লবলগীয়া আদৰ্শ৷ বিহু, পূজা আদি উৎসৱ পাৰ্বনবোৰত ডাঙৰে সৰুক সেৱা জনোৱা, বিহুৰ সময়ত পথাৰত সৰু লৰাছোৱালীৰ মাজত খেলা ধুলা পতা, সাংস্কৃতিক অনুষ্ঠান পাতি সম্প্ৰীতিৰে অঞ্চলটোৰ শিক্ষা, অৰ্থনৈতিক তথা সামাজিক অনুষ্ঠানসমূহৰ বিকাশ সাধন কৰি আগবঢ়াই নিয়া আদিবোৰ প্ৰশংসনীয় আদৰ্শ৷ কিন্তু শেহতীয়াভাবে গাঁৱত মানুহৰ সংখ্যা কমি অহাত আগতকৈ গাঁৱতো বহু সুস্থ চিন্তা, মন মানসিকতাৰ যেন ভালেখিনি অৱনতি ঘটিছে৷ আনকি গাওঁবোৰক আজিকালি মদ তথা নিচাজাতীয় সামগ্ৰীয়েও দুষিত কৰিছে৷ ইয়াৰোপৰি গাওঁবোৰকো বহু বস্তুবাদী মন মানসিকতাই ঢৌৱাইছে আজি৷গাঁৱতো আজিকালি ব্যক্তিগত লাভালাভ নহলে কোনেও একো নকৰা হৈছে৷
চহৰত কম সময়তে অধিক ধন উপাৰ্জন লভিবৰ সুযোগ আছে বুলি আজি গাঁৱৰ যুৱক যুৱতীৰ পৰা সাধাৰণ শ্ৰমিক জনলৈ সকলোৱে বিশ্বাস কৰে বাবেই চহৰমুখী আজি বেছিসংখ্যক গাঁৱৰ লোক৷ আজিকালি পশ্চিমীয়া বতাহে প্ৰভাবিত কৰিছে গাঁৱকো৷ কম্পিউটাৰ,ইন্টাৰনেট, এনড্ৰইড মোবাইলে গাঁৱকো চুইছে৷ পিছে সেয়া যেন তীব্ৰগতিত হোৱা নাই৷ গাঁৱত জনসংখ্যা বৃদ্ধিৰ বাবে বহু খেতিৰ মাটিও আবাসভূমিলৈ পৰিৱৰ্তন কৰা হৈছে,বহুতে খেতিলৈ পিঠি দি মাটিবোৰ বেচি নগৰলৈও গুচি গৈছে৷ শিক্ষা দীক্ষাৰ বাবে,চৰকাৰী চাকৰি বা ব্যৱসায়ৰ তাড়নাত অতীততে গাওঁ এৰি অহা বহুজনেই এতিয়া গাঁৱলৈ উভতি নোযোৱাৰ সিদ্ধান্ত লৈ নগৰ চহৰবোৰতে থাকিবলৈ লৈছে৷ এনেদৰেই গাওঁবোৰ আজি খালি হৈ পৰিছে ক্ৰমান্বয়ে৷  গাঁৱৰ এনে এটা পৰিস্থিতিত চৰকাৰেও যেন বিকাশৰ দিশত কম গুৰুত্ব দিছে গাঁওবোৰক ৷  যদি চৰকাৰে গাঁৱৰ যুৱক যুৱতীসকলক গাঁৱত থাকি স্বনিৰ্ভৰশীল হোৱাকৈ কিছু আঁচনি ৰূপায়ন কৰি স্বাৱলম্বী কৰিব পাৰে তেনেহলে শিক্ষিত যুৱক যুৱতীসকল চহৰলৈ যোৱাৰ পৰিৱৰ্তে ভবিষ্যতে গাঁওবোৰতে থাকিব,হয়তো এনেদৰেই গাঁওবোৰৰ প্ৰকৃত বিকাশ হব এদিন আৰু তাহানিৰ ভোগালি দিনবোৰৰ পুনৰাবৃত্তি হব ৷
গাঁও অঞ্চলত কৃষিকৰ্মত জড়িত লোক সকলক যদি উপযুক্ত মূল্য লাভ কৰিব পৰাকৈ চৰকাৰে বজাৰ এখনৰ ব্যৱস্থা কৰি দিয়ে নতুবা চৰকাৰেই গাঁৱৰ কৃষক ৰাইজৰ পৰা উৎপন্ন দ্ৰব্য উচিত মূল্যত ক্ৰয় কৰি চহৰৰ বজাৰত বিক্ৰী কৰে তেতিয়াও স্বাৱলম্বী হব বহুজন৷ চৰকাৰে শিক্ষিত যুৱক যুৱতীসকলক আগবঢ়াই নিবৰ বাবে মীন পালন,দুগ্ধ উৎপাদন,পশুপালন আৰু সমবায় পদ্ধতিৰ সুপ্ৰয়োগৰে  আত্মসহায়ক গোটবোৰক উপযুক্ত বিকাশ কৰাৰো পথ আছে ৷ যদি এই পথেৰে আগবাঢ়ে এনেদৰেই দেশৰ গ্ৰাম্যাঞ্চলৰ বিকাশ হোৱাৰ  সম্পূৰ্ণ সুযোগো আছে,অৱশ্যে তাৰ বাবে লাগিব ৰাজনৈতিক সদিচ্ছাও৷ যিদিনাই হাতে কামে গ্ৰাম্যাঞ্চলৰ প্ৰকৃত বিকাশ হব সেইসময়তেই দেশত গান্ধীজীৰ সপোন ফলৱতী হব৷ তেতিয়াই দূৰ হব বিগত বছৰে ভোট বেংক হিচাপে গ্ৰাম্যাঞ্চলসমূহক ব্যৱহাৰ কৰি থকাৰ মানসিকতাও৷