Type Here to Get Search Results !

কিতাপ পঢ়াৰ আনন্দ

জোৎস্না শইকীয়া
    দৰং

কিতাপ পঢ়াৰ কথা ক'লেই আমাৰ মনলৈ আহে তাহানিতে এৰি অহা শৈশৱৰ দিনৰ কথা।স্মৃতিৰ পাতখিলাত ৰঙীন হৈ থকা সেই দিনবোৰৰ কথা সকলোৱে মনত যেন সজীৱ হৈ আছে। পিতৃ মাতৃৰ মৰম স্নেহৰ লগতে থকা তদ্ৰুপ কঠোৰ অনুশাসন যাৰ বাবে আমি সকলোৱে পুৱা গধুলি ল'বলৈ বাধ্য হৈছিলোঁ পঢ়াশালিৰ কিতাপ লগতে ঘৰত কৰি নিবলৈ দিয়া কামবোৰ।নিত্য-নৈত্যিক অভ্যাস এটি গঢ়ি উঠিছিল,ইয়াৰ লগতেই পঢ়ি গৈছিলোঁ অতি হেঁপাহেৰে বিভিন্ন সাঁধুকথাৰ কিতাপ,নাম-কীৰ্তনৰ কিতাপ,গল্প,আলোচনী উপন্যাস,প্ৰত্ৰিকা আদি।শৈশৱৰ কাম বুলিলে আমাৰ পঢ়াই একমাত্ৰ কাম আছিল।
                সময় আৰু বয়সৰ পৰিবৰ্তনৰ লগে লগে কিতাপ পঢ়াৰ অভ্যাসবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে।কিতাপ পঢ়ি এটা বিশেষ আনন্দ পোৱা যায় যদি বিষয়বস্তু ষ্ফূতিদায়ক হয় তেন্তে কিতাপখন পঢ়ি সঁচাকৈয়ে ভাল লাগে।এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।আমাৰ মনৰ বাবে নিশ্চয়কৈ আমি এখন ভাল কিতাপ প্ৰায়ে পঢ়াতো উচিত কাৰণ সেই ভাল কিতাপখনে মনক যিখিনি আনন্দ দিব,আন বেলেগ বিষয় এটিয়ে সেই আনন্দখিনি হয়তো দিব নোৱাৰিবওঁ পাৰে।কিতাপ পঢ়াৰ আনন্দ এটা চিৰস্থায়ী আনন্দ,মনৰ প্ৰসাৰতা বঢ়োৱাৰ উপকৰণ।অনামি ব্যস্ততাৰ মেঁৰঘুৰণীত আমিবোৰ ব্যস্ত কিন্তু তাৰ মাজত থাকিওঁ আমি সকলোৱে অকণমান আজৰি সময় উলিয়াই লৈ হ'লেও মনপুতি কিতাপ এখন নিশ্চয়কৈ পঢ়িব পাৰোঁ হ'ক।
       কিতাপ পঢ়ি মনৰ মাজত এক অনাবিল আনন্দ অনুভৱ কৰিব পাৰি।বহুলোকে মনৰ সন্তোষ্টিৰ বাবে আধ্যাত্মিক দিশৰ গ্ৰন্থ যেনে গীতা,ভাগৱত,বাইবেল,কোৰান,বেদ,আদি বিভিন্ন ধৰণৰ গ্ৰন্থ পঢ়ি ভাল পায় তাৰপৰা আধ্যাত্মিক জ্ঞান আহৰণে আন্তৰিক সুখ প্ৰদান কৰে।কিতাপ পঢ়াৰ আনন্দই মানুহএজনক সকলো সময়তে সুষ্ঠ সবল কৰি ৰখাৰ লগতে মানুহজনক সদায় সক্ৰিয় কৰি ৰাখে।জ্ঞানৰ বাবেই যে পঢ়াৰ দৰকাৰ সেইতো নিশ্চয়কৈ নহয় ই ব্যক্তিগত বিকাশৰ ক্ষেত্ৰতো মহৎ ভুমিকা পালন কৰে।
                কিতাপ এখন তেতিয়া পঢ়ি ভাল লাগে বা পঢ়িবলৈ মন যায় যেতিয়া আমি কিতাপবিলাক সযতনে আৰু পৰিস্কাৰ লগতে নিয়াৰীকৈ ৰাখি থম।নিদিষ্ট বিষয় অনুযায়ী কিতাপবিলাক সজাই ৰখা উচিত যাতে সহজতে উলিয়াই আনি পঢ়িব সহজ হয়।নিদিষ্ট লেবেল লগাই ৰাখিব পাৰোঁ। একমাত্ৰ সজাই থ'বৰ বাবেই যে আমি কিতাপ কিনিম তেনে নহয়,সজাইথোৱাতকৈ কিতাপখন পঢ়িলেহে বেছি আনন্দ পোৱা যায়।ইয়াৰ বাবে আমি আমাৰ মনটো নিশ্চয়কৈ গঢ়ি তুলিব লাগিব।প্ৰিয় লেখকজনৰ কিতাপখন কিনি আনি পঢ়িবলৈ যত্ন কৰিব লাগিব তেতিয়া নিশ্চয়কৈ বহুখিনি আনন্দ পোৱা যায়।আজিকালি ডিজিটেল যুগত কিতাপৰ প্ৰতি পাঠকৰ ৰুচি ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে।বয়-জেষ্ঠ্যসকলৰ মাজতো কিতাপ পঢ়াৰ অভ্যাসবোৰ কমি অহাৰ পৰিলক্ষিত হৈছে।সময়ৰ নাটনি বুলি সকলো ডিজিটেলমুখী হৈছে। এইক্ষেত্ৰত বহুতো কিতাপ আলোচনী,প্ৰত্ৰিকা,গ্ৰন্থ আদি  চ'ছিয়েল নেটৱকত অতি সহজতে পঢ়িবলৈ পোৱা যায়। বিভিন্ন ৱেবচাইট এই বিষয়বস্তু উপলব্ধ। গতিকে সকলোৱে অতি সহজে ভাল কিতাপ এখন পঢ়িব পাৰোঁ।ইয়াৰ বাবে লাগিব আগ্ৰহ আৰু অভ্যাস তাকে নকৰি আমিবোৰে সময় আৰু নিৰৰ্থক বিষয়বস্তুৰ ওপৰত বেছি নিমগ্ন হৈ থাকোঁ। আহক আমি সকলোৱে