Type Here to Get Search Results !

আমাক বিপ্লৱ লাগে

 খাদিমউদ্দিন আহমেদ

আমাক বিপ্লৱ লাগে 
যি বিপ্লৱে ধৰণী সুজলা সুফলা কৰিব পাৰে ।
নিদ্ৰা কৃষকক জগাই তুলিব পাৰে । 
শ্যামলী পথাৰ সোণগুটিৰে সোণোৱালী কৰিব পাৰে । 

আমাক বিপ্লৱ লাগে 
যি বিপ্লৱে দূৰ্নীতি বিনাশ কৰিব পাৰে ।
অত্যাচাৰ ,উৎপীড়ন , ধৰ্ষণ , লুণ্ঠন নাশি
শান্তিৰ বাৰ্তাই সমাজ খন বিৰাজ কৰি 
ঘৰে ঘৰে আশাৰ প্ৰদীপ জ্বলাব পাৰে ।

আমাক বিপ্লৱ লাগে 
যি বিপ্লৱত নিয়ঁৰৰ কণাত মুকুটা সৰে ।
পখীৰ কাকলিত প্ৰভাতীৰ কিৰণ আনিব পাৰে ।
সত্য প্ৰতিষ্ঠাৰে শিক্ষাৰ দোলেৰে 
নৱ আলোকেৰে আশাৰ বীজ সিঁচিব পাৰে ।

আমাক বিপ্লৱ লাগে 
যি বিপ্লৱে জ্ঞানৰ বন্তি জ্বলাই 
হিংসা , বিদ্বেষ আৰু সন্ত্ৰাস ৰোধিব পাৰে ।
শিশুৰ কলেৱৰত চৌদিশ উদ্ভাসি 
ৰং তুলিকাৰে পৃথিৱী খন সজাব পাৰে ।
আমাক বিপ্লৱ লাগে 
 যি বিপ্লৱে শ্ৰমজীৱীৰ কেঁচা ঘামত 
তৃপ্তিৰ প্লাৱন আনিব পাৰে ।
ডেকা গাভৰুৰ স্বাধীন মনত 
ন্যায় , শান্তি , অহিংসা প্ৰতিষ্ঠাৰে 
নতুন বিপ্লৱৰ সূচনা কৰিব পাৰে।
আমাক তেনে বিপ্লৱ লাগে ।